🔹 শ্ৰম বিভাগক ব্যৱস্থা গ্ৰহণৰ দাবী কেইবাটাও দল-সংগঠনৰ
নিয়মীয়া বাৰ্তা, ১ জুন : মেছাৰ্ছ ডি কে টি ইণ্ডাষ্ট্ৰীছ প্ৰাইভেট লিমিটেডৰ ৰতনপুৰ চাহ বাগিচাৰ চাহ শ্ৰমিকে বিগত এটা মাহে মজুৰিৰ পৰা বঞ্চিত হৈ থকাৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে। দীৰ্ঘদিন ধৰি শ্ৰমিকক মজুৰিৰ পৰা বঞ্চিত কৰি ৰাখি চাহ বাগিচা পৰিচালনা কৰাৰ বিৰুদ্ধে জাঙুৰ খাই উঠা চাহ শ্ৰমিকে আজি চাহ বাগিচাৰ সকলো কাম-কাজ বন্ধ কৰি একপ্ৰকাৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে সোণাৰি নগৰৰ পাৰ্শ্বৱৰ্তী ৰতনপুৰ চাহ বাগিচাখনৰ প্ৰায় চাৰিটা বছৰৰ পূৰ্বে ডেনিছ কুকুৰাছোৱাই মালিকীস্বত্ব গ্ৰহণ কৰিছিল। মেছাৰ্ছ ডি কে টি ইণ্ডাষ্ট্ৰীছ প্ৰাইভেট লিমিটেডৰ নামত ডেনিছ কুকুৰাছোৱাই ৰতনপুৰ চাহ বাগিচাৰ মালিকীস্বত্ব লোৱাৰ পাছত এটা চাহ ফেক্টৰীও স্থাপন কৰিছিল। কিন্তু বাগিচাত কৰ্মৰত চাহ শ্ৰমিকৰ মজুৰি, বোনাচ আদি মোকলাই নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। নিয়মীয়াকৈ চাহ শ্ৰমিক আৰু কৰ্মচাৰীৰ মজুৰি-দৰমহা আদি মোকলাই নিদিয়াত সঘনাই চাহ শ্ৰমিকে বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে। শেহতীয়াকৈ বিগত এটা মাহে চাহ শ্ৰমিকৰ মজুৰি, উপ-কৰ্মচাৰীৰ দৰমহা আদায় নিদিয়াত প্ৰতিবাদকল্পে আজি বাগিচাৰ কাম-কাজ সম্পূৰ্ণৰূপে বন্ধ ৰখা হৈছে। ইমানেই নহয়, চৰাইদেউ জিলা শ্ৰম বিষয়াৰ ওচৰতো ৯ দফীয়া এখন স্মাৰক-পত্ৰ দাখিল কৰি বিহিত পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে শ্ৰমিকসকলে। তদুপৰি শ্ৰম বিভাগক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে কেইবাটাও দল সংগঠনে।
প্ৰেৰক আব্দুল জাব্বাৰ