ৰাজ্যত ক’ভিডৰ Positivity হাৰ গড়ে ১ শতাংশতকৈও কম- মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ ২০ মাৰ্চৰ পৰা আজিলৈকে ক’ভিডৰ পৰিৱেশটো সলনি হৈছে। ২০ৰ পৰা ২৬ মাৰ্চলৈ এই সপ্তাহটোত ১৩ হাজাৰ টেষ্ট হোৱাৰ বিপৰীতে প্ৰতিদিনে গড়ে আক্ৰন্তৰ ঘটনা আছিল ৩৬ টা।
আনহাতে ২৭ মাৰ্চৰ পৰা ২ এপ্ৰিললৈকে ১০ হাজাৰ টেষ্টৰ সমান্তৰালকৈ প্ৰতিদিনে পজিটিভ ঘটনা বৃদ্ধি ঘটিল ৫১ টা।
আকৌ ৩ ৰ পৰা ৯ এপ্ৰিললৈ ১৭ হাজাৰ টেষ্ট হোৱাৰ বিপৰীতে পজিটিভ কেচ বাঢ়িলে ১৪৩ লৈ। আৰু ১০ ৰ পৰা ১৬ এপ্ৰিলৈলে ৫৪ হাজাৰ টেষ্ট হওতে প্ৰতিদিনে ক’ভিডৰ ঘটনা পোৱা গৈছিল ৪৮৪ টা।
যদিও আক্ৰান্তৰ ঘটনা বৃদ্ধি পাইছে তথাপি পজিটিভিটি ৰেট গড়ে ১ শতাংশতকৈও কম আছিল।