নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নিয়মীয়া বাৰ্তা’ৰ সম্পাদক নৰেশ কলিতাক ‘সংবাদ সূৰ্য বঁটা’ প্ৰদান

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ আমাৰ ৰাজ্যখনত তথাকথিত আন্দোলন কৰাৰ নেতাৰ অভাৱ হোৱা নাই। কিন্তু আমাৰ জাতিটোক গঢ় দিব পৰা, আমাৰ ৰাজ্যজনক গঢ়িব পৰা,আমাৰ দেশখনক গঢ়িব পৰা নেতাৰ অভাৱ হৈছে। যিসকলে এই প্ৰত্যাহ্বানৰ মাজতো কাম কৰি আছে,সেয়া সাহিত্যৰ ক্ষেত্ৰতেই হওক, সংস্কৃতিৰ ক্ষেত্ৰতেই হওক, কৃষিৰ ক্ষেত্ৰত হওক, উদ্যোগ-বানিজ্যৰ ক্ষেত্ৰতেই হওক এইসকলৰ প্ৰয়োজন নিশ্চিতভাৱে আছে। সদৌ অসম সাংবাদিক পৰিষদক আজি আহ্বান জনাম জিলা ভিত্তিক জাতিটোক বা ভাষাক বা আমাৰ সামগ্ৰিকভাৱে অৰ্থনৈতিক সবলীকৰনত অনবদ্য বৰঙণি আগবঢ়াই অহা যি সকলে নিৰলস ভূমিকা পালন কৰি আহিছে সেইসকলক চিনাক্ত কৰি পুৰস্কাৰৰ ব্যৱস্থা কৰিব লাগে।তেতিয়াহে মই ভাবো আমাৰ জাতিটো আমাৰ ভাষাটো আমাৰ ৰাজ্যখন চহকী হৱ পাৰিৱ।এই মন্তব্য নিয়মীয়া বাৰ্তা ৰ সম্পাদক নৰেশ কলিতাৰ। উল্লেখ্য যে নলবাৰী নাট্য মন্দিৰত আজি অনুষ্ঠিত সদৌ অসম সাংবাদিক পৰিষদৰ নলবাৰী জিলা সমিতিৰ বিশেষ অভিবৰ্তন আৰু আলোচনা চক্ৰত সাংবাদিক সংগঠনটোৱে প্ৰদান কৰা বঁটা প্ৰদান অনুষ্ঠানত সংবাদ সূৰ্য্য বঁটা গ্ৰহন কৰি নিয়মীয়া বাৰ্তা ৰ সম্পাদক নৰেশ কলিতাই পুনৰ কয়- আমাৰ অসমীয়া জাতিটোৱে আবেগক প্ৰাধান্য দি আহিছো। যিসকলে দৰ্জা বন্ধ কৰি জাতিটোক সেৱা কৰি আহিছে। ক্ৰীড়া ক্ষেত্ৰতেই হওক বা আমাৰ অন্যান্য ক্ষেত্ৰতেই হওক, এইসকলক উৎসাহ যোগোৱাৰ বাবে এটা পৰম্পৰা চলিছে। নিয়মীয়া বাৰ্তাই ইতিবাচক ধাৰা এটা সৃষ্টি কৰাৰ ক্ষেত্ৰত কিদৰে পদক্ষেপ গ্ৰহন কৰিছে ‘আশাৰ বাৰ্তা’ পৃষ্ঠাটোৰ কথা উনুকিয়াই বাখ্যা আগবঢ়াই বিশিষ্ট সাংবাদিকগৰাকীয়ে। ইপিনে, প’ৰ্ট’লৰ ক্ষেত্ৰত চৰকাৰে এটা নীতি-নিয়ম বান্ধি দিৱ লাগে উল্লেখ কৰি বিশিষ্ট সাংবাদিকগৰাকীয়ে সাংবাদিকসকলৰ উদ্দেশ্যে কয়- সংবাদ মাধ্যম বিলাকে ইতিবাচক খবৰবিলাক ৰাইজৰ মাজলৈ নিৱ লাগিব। সংবাদ ক্ষেত্ৰখনত এটা ত্যাগৰ মনোভাৱ নাথাকিলে ইয়াত তিষ্ঠি থকাটো সহজ নহয়। গ্ৰামাঞ্চলৰ সাংবাদিকতা যথেষ্ট প্ৰত্যাহ্বান, তাতকৈ প্ৰত্যাহ্বান হৈছে বিশ্বাসযোগ্যতা।শেহতীয়াভাৱে তথ্য আৰু প্ৰযুক্তি বিদ্যাৰ বিকাশৰ লগে লগে আমাৰ সংবাদ মাধ্যমৰ ক্ষেত্ৰখনত বিভিন্ন ধৰণে সম্প্ৰসাৰিত হৈছে।এটা সময়ত বাতৰি কাকতত এটা বাতৰি প্ৰকাশ হওঁতে এসপ্তাও লাগিছিল। তাৰ পিছত ইলেকট্ৰ’নিক সংবাদ মাধ্যম আহিল। শেহতীয়াকৈ ডিজিটেল মাধ্যম অহাৰ লগে লগে প’ৰ্টেলৰ সাংঘাতিক ধৰণে উত্থান হৈছে। প’ৰ্টেলৰ বাতৰি ইলেকট্ৰনিক মাধ্যমৰ বাতৰিতকৈ বহু আগতে প্ৰকাশ পায়। কিন্তু কিছুমান অযোগ্য মানুহৰ জৰিয়তে প’ৰ্টেল পৰিচালিত হৈছে।তেতিয়া সংবাদ মাধ্যম ক্ষতিগ্ৰস্ত হৈছে।একাংশ প’ৰ্টেলৰ বাবে সংবাদ মাধ্যমৰ প্ৰতি আস্থা আৰু বিশ্বাস হেৰুৱাইছে বুলি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিশিষ্ট সাংবাদিকগৰাকীয়ে।বিশিষ্ট নিবন্ধকাৰ তথা আদৰণি সমিতিৰ মুখ্য আহ্বায়ক প্ৰিয়াংকু নাৰায়ণ বৰুৱাই আঁত ধৰা আৰু সদৌ অসম সাংবাদিক পৰিষদৰ সভাপতি চন্দ্ৰ কুমাৰ বৰুৱাই সঞ্চালনা কৰা গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰি জিলা আয়ুক্ত বৰ্ণালী ডেকাই অনুষ্ঠানটোৰ বাবেই সাংবাদিক পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।লগতে তেওঁৰ চমু ভাষনত সাংবাদিক সংগঠনসমূহক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ কথা উল্লেখ কৰে। উক্ত অনুষ্ঠানতেই নলবাৰী ৰত্ন ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য্যক সাহিত্যিক বঁটা(অসুস্থতাৰ বাবে ঘৰত প্ৰদান),অসম বাৰ্তাৰ সম্পাদক মাধুৰ্য্য বৰুৱাক সংবাদ প্ৰহৰী বঁটা, নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক কমলেশ শৰ্মা,ৰমেন কলিতাক সংবাদ সৌৰভ বঁটা, নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক ব্ৰজেন তালুকদাৰক সংবাদ সাধনা বঁটা প্ৰদান কৰা হয়।লগতে আন কেবাগৰাকী সাংবাদিক, লেখক, কবি, চিকিৎসক, শিক্ষক, খেলুৱৈ, সমাজকৰ্মী আদিকো বঁটা প্ৰদান কৰা হয়। ইয়াৰ পূৰ্বে বিশিষ্ট সাংবাদিক হোমেন বৰগোহঞি, ৰাধিকামোহন ভাগৱতী,পৰাগ দাস, ৰোহিনী মেধি, ফনীন্দ্ৰ নাথ কলিতা, অনিল মজুমদাৰ, ৰবীন চৌধুৰী, অপূৰ্ব কুমাৰ শৰ্মা, হিতেশ ডেকালৈ শ্ৰদ্ধাঞ্জলি জনোৱা হয়।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like