🔹 কমাৰগাঁও প্ৰেছ ক্লাবৰ বঁটা প্ৰদান-সম্বৰ্ধনা অনুষ্ঠান
নিয়মীয়া বাৰ্তা, ১২ আগষ্ট : ‘নিয়মীয়া বার্তা’ কাকতৰ মহুৰামুখৰ সাংবাদিক পৱন কামানক কমাৰগাঁও প্ৰেছ ক্লাবে প্ৰয়াত সাংবাদিক প্ৰতাপ হাজৰিকা সোঁৱৰণী মফচলীয় সংবাদ সেৱী বঁটা ২০২৪ বঁটা প্ৰদান কৰে। কমাৰগাঁও প্ৰেছ ক্লাবৰ উদ্যোগত ১১ আগষ্টত কমাৰগাঁও মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত যুৱ সাংবাদিক পৱন কামানক এই সন্মানীয় বঁটাটি প্ৰদান কৰে। উল্লেখযোগ্য যে গোলাঘাট জিলাৰ মহুৰামুখৰ বানাক্ৰান্ত অফলা গাঁৱৰ নিবাসী যুৱ সাংবাদিকগৰাকী সাংবাদিকতাৰ উপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জিড়িত। ইপিনে, সমাজ সচেতন ব্যক্তি পৱন কামান যুৱ সমাজকর্মী হিচাপেও পৰিচিত। শৈক্ষিক, সামাজিক আদি দিশ আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো তেওঁ কাম কৰি গৈছে। সাংবাদিক কামান মহুৰামুখ প্ৰেছ ক্লাবৰ প্ৰতিষ্ঠাপক সম্পাদক, কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাৰ সম্পাদক, বৰ্তমান অসম ৰাজ্যিক সাংবাদিক সন্থাৰ গোলাঘাট জিলা সমিতিৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰি সাংবাদিকৰ বিভিন্ন দিশৰ উত্তৰণৰ হকেও কাম কৰি গৈছে। অসমৰ সংবাদ জগতৰ অন্যতম নক্ষত্ৰ, সততা আৰু দায়বদ্ধতাৰ পৰিচয়, সমাজহিতৈষী, স্বনামধন্য সাংবাদিক প্ৰতাপ হাজৰিকা সোঁৱৰণী মফচলীয় সংবাদ সেৱী বঁটা ২০২৪ বঁটা প্ৰদান কৰাত উৎফুল্লিত হৈ পৰিছে জিলাখনৰ লগতে মহুৰামুখ অঞ্চলৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সাধাৰণ জনতা। ইপিনে, ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’ৰ নুমলীগড়ৰ সাংবাদিক বিনন ফুকনক গোলাঘাট জিলা ভিত্তিত ‘সক্ৰিয় আৰু সাহসী সংবাদ সেৱা বঁটা ২০২৪’ প্ৰদান কৰে। নুমলীগড়ৰ ২নং পংকা গ্ৰান্টৰ স্থায়ী বাসিন্দা বিনন ফুকনে ১৬ বছৰ ধৰি সংবাদসেৱাৰ সৈতে জড়িত হৈ আছে। তেওঁ কেৱল সংবাদ পৰিৱেশনেই নহয়, অসমীয়া সাহিত্যতো দখল আছে। তেওঁৰ ইতিমধ্যে কেইবাখনো গ্ৰন্থ প্ৰকাশ পাইছে। “কুহি” নামৰ এখন পষেকীয়া পত্ৰ তেওঁৰ সম্পাদনাতেই নুমলীগড় অঞ্চলত আত্মপ্ৰকাশ ঘটিছিল। “শিক্ষা” নামৰ এটি শৈক্ষিক অনুষ্ঠানৰ জৰিয়তে বিনন ফুকনে বৃহত্তৰ অঞ্চলত এক শৈক্ষিক জাগৰণো সৃষ্টি কৰি আহিছে। বিশেষকৈ ছাত্ৰ-ছাত্ৰীক বিনামূলীয়া পাঠদান আদি ভিন্ন কাৰ্যসূচী আগবঢ়াই লৈ গৈছে সাংবাদিক ফুকনে । ফুকনক কমাৰগাঁও প্ৰেছ ক্লাবে সক্ৰিয় আৰু সাহসী সংবাদ সেৱা বঁটা ২০২৪ প্ৰদান কৰাত নুমলীগড়বাসী উৎফুল্লিত হৈ পৰিছে। কমাৰগাঁও প্ৰেছ ক্লাবৰ সভাপতি ৰিন্টু দুৱৰাই আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানত পৱন কামান আৰু বিনন ফুকনসহ প্ৰেছ ক্লাবে ২০২৪ চনৰ বাৰ্ষিক ‘সংবাদ সেৱাৰ উৎকৃষ্ট বঁটা’ গোলাঘাট জিলাৰ মুঠ ৬গৰাকীকৈ সংবাদ সেৱীক প্ৰদান কৰে। আনহাতে, কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গৌতম কুমাৰ শইকীয়া, গোলাঘাট হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ উপাধ্যক্ষ প্ৰশান্ত বৰা, কমাৰগাঁও মহাবিদ্যালয় অধ্যাপিকা ড০ দীপশিখা কলিতা, নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়া, শাৰীৰিক নিৰ্দেশক, ক্ৰীড়া সংগঠক ৰবীন দত্ত, সাংস্কৃতিক কৰ্মী প্ৰণতি ঢেকিয়াল ফুকন, মহিলা নেত্ৰী ধৰিত্ৰী হাজৰিকা বৰা, বিশিষ্ট যুৱ সমাজসেৱক, নৱপ্ৰজন্মৰ আদৰ্শবান ব্যৱসায়ী প্ৰণৱজ্যোতি চেতিয়া, ছাত্ৰ নেতাদ্বয় অমৃত সাগৰ, লাচিত কাকতিক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে কমাৰগাঁও প্ৰেছ ক্লাবে৷ ইপিনে, কমাৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীকে ধৰি কেইবাগৰাকীও আৰক্ষী বিষয়াক বিশেষ সম্বৰ্ধনা জনায়। প্ৰেছ ক্লাবৰ সংবাদ সেৱাৰ উৎকৃষ্ট বঁটা আৰু বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি বৃক্ষৰোপণ কৰে সমাজকৰ্মী তেজশ্ৰী ফুকন আৰু মনোজ বৰাই। স্মৃতি তৰ্পণ কৰে তৰুণ হাজৰিকা, বিনোদ হাজৰিকা, ডিম্পল ঢেকিয়াল ফুকন, জ্যেষ্ঠ সাংবাদিক হেমন্ত শইকীয়া, গোলাপ বৰাই। দশমী বোৱাৰীৰ শিল্পীসকলে পৰিৱেশন কৰা দিহানামেৰে অনুষ্ঠানৰ মূল মঞ্চ মুকলি কৰে। অনুষ্ঠানৰ উদ্বোধনী ভাষণ প্ৰদান কৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, লেখক মহেশ্বৰ ৰবি দাসে। আদৰণী ভাষণ প্ৰদান কৰে কমাৰগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ গৌতম কুমাৰ শইকীয়াই। অনুষ্ঠানত ভাষণ প্ৰদান কৰে বিশিষ্ট অতিথি যুৱ সমাজকৰ্মী প্ৰিয়ংদীপ কাকতিয়ে। ইপিনে, বঁটাপ্ৰাপকসকলে নিজৰ অনুভৱ ব্যক্ত কৰে। গোলাঘাট জিলাৰ বৃহত্তৰ কমাৰগাঁও অঞ্চলৰ সাংবাদিকসকলৰ অনুষ্ঠান কমাৰগাঁও প্ৰেছ ক্লাবে জন্মলগ্নৰে পৰা সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক উৎসাহিত কৰি অহাৰ লগতে বঁটা প্ৰদানৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। কমাৰগাঁও প্ৰেছ ক্লাবৰ এই মহৎ পদক্ষেপক বিভিন্ন মহলে আদৰণি জনাইছে।
প্ৰেৰক ৰঞ্জিত ৰজক