নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইতিহাস সৃষ্টিৰ পথত গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়াম

🔹 প্রথমবাৰৰ বাবে অসমত ক্রিকেটৰ অভিজাত সংস্কৰণ টেষ্ট মেচ

বিশেষ বাৰ্তা, ২৩ মার্চ : অৱশেষত টেষ্ট মেচ অনুষ্ঠিত কৰাৰ মর্যাদা লাভ কৰিব গুৱাহাটীৰ বর্ষাপাৰা ষ্টেডিয়ামে৷ ইয়াৰ লগে লগে ৰাজ্যখনৰ ক্রিকেট ইতিহাসত সৃষ্টি হ’ব এক মাইলষ্ট’ন৷ উল্লেখ্য যে এই পর্যন্ত গুৱাহাটীত এদিনীয়া আৰু টি–২০ আন্তর্জাতিক মেচ অনুষ্ঠিত হৈছে৷ আনকি, আইপিএলৰ অন্যতম দল ৰাজস্থান ৰয়েলছৰ হোম গ্রাউণ্ড হিচাপেও স্বীকৃতি লাভ কৰিছে গুৱাহাটীয়ে৷ কিন্তু ক্রিকেটৰ আটাইতকৈ অভিজাত সংস্কৰণৰূপে পৰিগণিত টেষ্ট মেচ এই পর্যন্ত অনুষ্ঠিত হোৱা নাই৷ এইবাৰ বর্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব টেষ্ট মেচ৷ উল্লেখ্য যে চলিত বর্ষৰ নৱেম্বৰত দক্ষিণ আফ্রিকাৰ বিৰুদ্ধে পূর্ণাংগ শৃংখলাত অৱতীর্ণ হ’ব ভাৰত৷ প্রথমখন মেচ অনুষ্ঠিত হ’ব দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত৷ এই শৃংখলাৰ দ্বিতীয়খন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত৷ মেচখন ২২–২৬ নৱেম্বৰলৈ বর্ষাপাৰা ষ্টেডিয়ামত খেলোৱা হ’ব৷ ইয়াৰ লগে লগে বর্ষাপাৰা ষ্টেডিয়ামে টেষ্ট মেচ অনুষ্ঠিত কৰা গ্রাউণ্ড হিচাপে ইতিহাস সৃষ্টি কৰিব৷ উল্লেখ্য যে এই শৃংখলাৰ পিছত তিনিখন এদিনীয়া মেচত অংশগ্রহণ কৰিব ভাৰতে৷ ৩০ নৱেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া এদিনীয়া মেচসমূহ অনুষ্ঠিত হ’ব ক্রমে ৰাঁচী, ৰায়পুৰ আৰু ভাইজাগত৷ এদিনীয়া শৃংখলাৰ পিছত ভাৰত ৫খন মেচৰ টি–২০ শৃংখলাত অৱতীর্ণ হ’ব৷ ৯ ডিচেম্বৰৰ পৰা খেলিব লগা এই মেচসমূহ অনুষ্ঠিত হ’ব ক্রমে কটক, নাগপুৰ, ধৰমশালা, লক্ষ্ণৌ আৰু আহমেদাবাদত৷ উল্লেখ্য যে কালি আইপিএলৰ উদ্বোধনীৰ দিনা এই তথ্য জানিব পৰা গৈছে৷ তথ্য অনুসৰি, অক্টোবৰৰ প্রথম সপ্তাহৰ পৰা ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দেশৰ মাটিত দুখন টেষ্টৰ শৃংখলাত নামিব ভাৰত৷ ইয়াৰে প্রথমখন টেষ্ট মোহালিত আৰু দ্বিতীয়খন টেষ্ট অনুষ্ঠিত হ’ব কলকাতাত৷ এই শৃংখলাৰ পিছত ভাৰত ভ্রমণলৈ আহিব দক্ষিণ আফ্রিকা৷

You might also like