নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাৰী দেহৰ ঘাটি উৎখাত, মহিলাৰ তৎপৰতাত পোহৰলৈ সমস্ত কাহিনী

বিশেষ বাৰ্তা, ৩০ ডিচেম্বৰ : নলবাৰী চহৰত সংগোপনে দীৰ্ঘদিন ধৰি নাৰী দেহৰ ৰমৰমা বেহা চলি অহাৰ সময়তে চহৰৰ সত্ৰ নন্দনপুৰত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে আজি চহৰৰ সত্ৰ নন্দনপুৰত লজ্জাজনক ঘটনাটি পোহৰলৈ অহাৰ পিছতে সৃষ্টি হয় উত্তপ্ত। স্থানীয় মহিলাৰ তৎপৰতাত পোহৰলৈ আহিল সমস্ত ঘটনা। আৰু স্থানীয় মহিলাই উচ্ছেদ কৰিলে নাৰী দেহ ব্যৱসায়ৰ ঘাটি। এগৰাকী মহিলাৰ নেতৃত্বত নলবাৰীত দীৰ্ঘদিনধৰি নাৰী দেহৰ ব্যৱসায় গঢ় লৈ উঠাৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, জুৰি বৰগোহাঁই নামৰ এগৰাকী ভাৰাতীয়া মহিলাৰ কোঠাত এই কুকাৰ্য চলি আহিছে। অভিযোগ মতে এখন পাটৰ শাল স্থাপন কৰি সেই শালত কাম কৰিবলৈ অহা বুলি দৈনিক জুৰি বৰগোহাঁইৰ ভাৰাঘৰলৈ আহ যাহ চলে একাংশ যুৱতী আৰু মহিলাৰ। আৰু সেই ভাৰা ঘৰলৈ সঘনাই আহ যাহ হয় ভিন্ন যুৱকৰ। আজিও তিনিগৰাকী যুৱতী তথা মহিলাৰ লগতে দুইগৰাকী যুৱক সেই ভাৰাঘৰত সোমাই থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। বহু দিনৰ পৰাই স্থানীয় লোকে এই কু কাৰ্য লক্ষ্য কৰি আছিল। আজি ভাৰাঘৰৰ কোঠাৰ পৰা ওলাই অহা দুগৰাকী যুৱকক স্থানীয় মহিলা সকলে আটক কৰাৰ লগতে এগৰাকী মহিলা আৰু দুগৰাকী যুৱতীক আটক কৰে। ইয়াৰ পিছতেই অঞ্চলটোত হুলস্থলীয়া পৰিবেশৰ সৃষ্টি হয়।ভিন্ন প্ৰান্তৰ পৰা অহা মহিলা আৰু যুৱতীৰ গতি বিধি লক্ষ্য কৰা মহিলা সকলে আজি হঠাতে অভিযান চলাই এই নাৰীদেহ ব্যৱসায়ৰ ঘাটিত।আৰু অভিযান চলাই মহিলা যুৱতীৰ কোঠাত সোমাই থকাৰ অভিযোগত নলবাৰীৰ কাচিমপুৰৰ চাড্ডাম আৰু চাইদুলক মহিলা সকলে আটক কৰ। পিছত ঘটনাস্থলীত উপস্থিত হৈ নলবাৰী আৰক্ষীৰ দলে আটকাধীন যুৱক-মহিলাক থানালৈ নিয়ে যদিও ৰহস্যজনকভাৱে সাৰি গ’ল নাৰী দেহ ব্যৱসায়ৰ কুখ্যাত মহিলাগৰাকী। স্থানীয় এটা সূত্ৰই অভিযোগ কৰা মতে, ড্ৰাগছ সৰবৰাহটো জড়িত মহিলাগৰাকীয়ে নন্দনপুৰৰ অৱসৰী অধ্যাপকৰ ঘৰটো ভাড়া লৈ মহিলাগৰাকীয়ে নাৰীদেহৰ বেহা চলাই আছিল।ভাড়াঘৰৰ মালিক গুৱাহাটীত থকা সূত্ৰে নিজৰ সুবিধা অনুযায়ী নাৰীৰ দেহ ব্যৱসায়ী চক্ৰটোৱে নিৰ্বিঘ্নে চলাই গৈছিল।এই সন্দৰ্ভত প্ৰতিবেশী স্থানীয় বাসিন্দা সকলে পূৰ্বে ঘৰৰ মালিকক অৱগত কৰা বুলিও অভিযোগ উঠিছে। ইপিনে, এনে কুকীৰ্তি নলবাৰী আৰক্ষী অৱগত বুলিও ৰাইজৰ মাজত চৰ্চা চলিছে।

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like