শ্রেষ্ঠ এনিমেচন চিনেমাৰ সন্মান পার্থসাৰথি মহন্তৰ ‘লাচিত : দ্য ৱাৰিয়ৰ’লৈ
🔹 মুম্বাই য়থাকথা আন্তঃৰাষ্ট্রীয় ছবি–সাহিত্য মহোৎসৱ
ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ নৱেম্বৰ : অসমৰ সাংস্কৃতিক জগতলৈ আন এক সুখবৰ৷ আন্তঃৰাষ্ট্রীয় পর্যায়ৰ চলচ্চিত্র মহোৎসৱত পুনৰ সুখ্যাতি লাভ কৰিছে চুটি ছবি ‘লাচিত : দ্য ৱাৰিয়ৰ’–এ৷ মুম্বাইৰ য়থাকথা আন্তঃৰাষ্ট্রীয় চলচ্চিত্র আৰু সাহিত্য মহোৎসৱত ‘লাচিত : দ্য ৱাৰিয়ৰ’–এ শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে৷ মহাবীৰ লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰ ওপৰত নির্মিত চুটি ছবিখন পৰিচালনা কৰিছে এছটিএফৰ ডিআইজি পার্থসাৰথি মহন্তই৷ ছবিখনৰ প্রযোজক হৈছে মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱা৷ চুটি ছবিখনত ধাৰাভাষ্যকাৰ হৈছে অমৰজ্যোতি চৌধুৰী৷ ছবিখনে লাভ কৰা সন্মানে ৰাজ্যৰ সাংস্কৃতিক জগতক উৎফুল্লিত কৰি তুলিছে৷ ইয়াৰ পূর্বে দিল্লী–কলকাতা–জয়পুৰ চলচ্চিত্র মহোৎসৱকে ধৰি ৮খন আন্তঃৰাষ্ট্রীয় ছবি মহোৎসৱত চুটি ছবিখন প্রদর্শিত হৈছে৷ গোৱাত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱত ভাৰতীয় পেনোৰামাৰ বাবেও নির্বাচিত হৈছে৷