নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰী জিলা কাৰাগাৰৰ বন্দীলৈ গ্ৰন্থ উপহাৰ

🔹 বিৰিণা গোষ্ঠী, অসমৰ প্ৰশংসনীয় পদক্ষেপ
নিয়মীয়া বাৰ্তা, ২২ নৱেম্বৰ : অসমৰ অন্যতম সাহিত্য-সাংস্কৃতিক অনুষ্ঠান বিৰিণা গোষ্ঠী, অসমে নলবাৰী জিলা কাৰাগাৰত কেইবাখনো মূল্যৱান গ্ৰন্থ প্ৰদান কৰে ৷ জিলা কাৰাগাৰৰ পুথিভঁৰাললৈ সাহিত্য-সাংস্কৃতিক অনুষ্ঠানটোৱে অসমীয়া অভিধান হেমকোষকে ধৰি মুঠ পোন্ধৰখন গ্ৰন্থ উপহাৰ হিচাপে আগবঢ়ায় ৷ হেমকোষৰ নতুন সংস্কৰণকে ধৰি বিৰিণা গোষ্ঠী, অসমৰ দ্বাৰা প্ৰকাশিত কাব্য আলোচনী বৃন্তিকা, বীথিকা, বিহু বিষয়ক বাৰ্ষিক আলোচনী বিৰিণাৰ পাত, কাব্যপুথি, গল্পপুথি, জিয়াউৰ ৰহমানৰ বিৰিণাৰ কাব্য অমৃত, নকুল তালুকদাৰৰ বিৰিণাৰ প্ৰজ্ঞা, ৰূমী ঠাকুৰীয়াৰ জোনাক হৈ আহিবা, তফিকুৰ ৰহমানৰ ৰি:বি গাচেং, মকিবুল হকৰ কাহিনীত কাহিনীকে ধৰি পোন্ধৰখন গ্ৰন্থ পুথিভঁৰালটোলৈ আগবঢ়ায় ৷ বিৰিণা গোষ্ঠী, অসমৰ সম্পাদক তফিকুৰ ৰহমান, সহকাৰী সম্পাদক জয়ন্ত ডেকাই নলবাৰী জিলা কাৰাগাৰত উপস্থিত হৈ কাৰাগাৰৰ জেইলাৰ জ্যোতিপ্ৰসাদ শৰ্মাৰ হাতত গ্ৰন্থসমূহ অৰ্পণ কৰে ৷ কাৰাবাসীৰ কথা চিন্তা কৰি লোৱা বিৰিণা গোষ্ঠী, অসমৰ এই পদক্ষেপক জ্যোতিপ্ৰসাদ শৰ্মাই গোষ্ঠীটোৰ কৰ্মকৰ্তাসকলক প্ৰশংসা কৰে ৷ কাৰাগাৰৰ আৱাসীসকলৰ মন-মগজু, জ্ঞান-বুদ্ধিৰ পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে জিলা কাৰাগাৰৰ পুথিভঁৰাললৈ গ্ৰন্থসমূহ আগবঢ়োৱা বুলি জানিবলৈ দিয়ে গোষ্ঠীটোৰ সম্পাদক তফিকুৰ ৰহমানে ৷
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like