নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ধুবুৰী জিলাত পঞ্চায়ত নিৰ্বাচনৰ আসন ভাগ-বাটোৱাৰৰ বিষয়টো লৈ সহমতত উপনীত হ’ল শাসকীয় মিত্ৰজোঁট অগপ-বিজেপিয়ে। জানিব পৰা মতে, জিলাখনৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ এটা জিলা পৰিষদৰ আসনক লৈ বিজেপি-অগপৰ মাজত মতভেদৰ সৃষ্টি হৈছিল যদিও যোৱাকালি নিশা বিষয়টো লৈ সহমতত উপনীত হয় দল দুটাৰ স্থানীয় নেতৃত্বই। সেই অনুসৰি, সমষ্টিটোৰ জিলা পৰিষদৰ আসন কেইখন বিজেপিক এৰি দিয়াৰ বিপৰীতে ৪টাকৈ আঞ্চলিক পঞ্চায়ত সদস্যৰ পদত প্ৰতিদ্বন্দিতা কৰিব অগপই। আনহাতে, ধুবুৰী বিধানসভা সমষ্টিৰ ১টা আৰু গৌৰীপুৰ বিধানসভা সমষ্টিৰ ২টা জিলা পৰিষদ সদস্যৰ পদ অগপই লাভ কৰাৰ বিপৰীতে বিধানসভা সমষ্টি দুটাৰ বাকী জিলা পৰিষদ সদস্য আৰু গোটেই কেইটা আঞ্চলিক পঞ্চায়তৰ সদস্য পদত প্ৰতিদ্বন্দিতা কৰিব বিজেপিয়ে। উল্লেখ্য যে, জিলাখনৰ বিলাসীপাৰা সমষ্টিক লৈ পূৰ্বেই মীমাংসাত উপনীত হৈছে দল দুটাই। সেই অনুসৰি সমষ্টিটোৰ জিলা পৰিষদৰ আসন কেইখন মিত্ৰদল বিজেপিক এৰি দিয়াৰ বিপৰীতে আঞ্চলিক পঞ্চায়ত আৰু গাওঁ পঞ্চায়ত সদস্যৰ আসনৰ ক্ষেত্ৰত ৪০-৬০ শতাংশৰ বুজাবুজিৰে আসন ভাগ-বাটোৱাৰাৰ সিদ্ধান্ত লৈছে দল দুটাই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী