🔹 পঞ্চায়ত নিৰ্বাচনক লৈ সঁজাতী দলৰে গুৰুত্বপূৰ্ণ বৈঠক
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ধুবুৰীত ব্যাপক সাংগঠনিক তৎপৰতা আৰম্ভ হোৱা দেখা গৈছে শাসকীয় বিজেপি-অগপ মিত্ৰজোঁটৰ। ইতিমধ্যে কালি সন্ধিয়া বিজেপিৰ ধুবুৰীৰ তেতুলতলাস্থ জিলা কাৰ্যালয়ত দলটোৰ কৰ্ণধাৰ সমিতিৰে নৱনিৰ্বাচিত জিলা সভাপতি বিশ্বজিৎ কলিতাৰ নেতৃত্বত অগপৰ এটি সঁজাতী দলৰ সৈতে পঞ্চায়ত নিৰ্বাচনকেন্দ্ৰিক এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উল্লেখ্য যে দ্বিতীয় পৰ্যায়ত অৰ্থাৎ ৭ মে’ৰ দিনা জিলাখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব। উল্লেখ্য যে বিগত ২৮ ডিচেম্বৰ ২০২৪ বৰ্ষৰ পঞ্চায়তৰ প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকা অনুসৰি ধুবুৰী জিলাৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে ১০ লাখ ৪৩ হাজাৰ ১৯৩ গৰাকী। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা হৈছে ৫ লাখ ৫ হাজাৰ ৭৩৬ গৰাকী। আনহাতে, মহিলা ভোটাৰৰ সংখ্যা হৈছে ৫ লাখ ৩৭ হাজাৰ ৪৪৫ গৰাকী আৰু অন্যান্য ১২গৰাকী। উল্লেখ্য যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে ধুবুৰী জিলাৰ মুঠ জিলা পৰিষদৰ সংখ্যা হৈছে গৈ ২০টা – ১ নং ফলিমাৰী, ২ নং লক্ষীগঞ্জ, ৩নং ৰাণীগঞ্জ, ৪ নং শালকোচা, ৫ নং বাহিৰ শালমাৰা, ৬ নং চলাকুৰা, ৭ নং ফকিৰগঞ্জ-আইৰকাটী, ৮ নং নায়েৰ আলগা টিলাপাৰা, ৯ নং আদাবাৰী, ১০ নঃ গাছপাৰা, ১১ নং ঝগৰাৰপাৰ, ১২ নং মতিৰচৰ, ১৩ নং মহামায়া, ১৪নং পাণবাৰী-ৰাংগামাটি, ১৫ নং ৰূপচী, ১৬ নং সিন্দুৰাই, ১৭ নং আগমনি-হালাকুৰা, ১৮ নং গংগাধৰ, ১৯ নং গোলকগঞ্জ আৰু ২০ নং ৰায়ডাক। অনুৰূপে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰ্তমানে ধুবুৰী জিলাৰ মুঠ আঞ্চলিক পঞ্চায়তৰ সংখ্যা হৈছে ১০টা। বৰ্তমানে জিলাখনৰ গাঁও পঞ্চায়তৰ সংখ্যা হ’ল ১২৮টা।