নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰদুৱাৰ বাগানত বিজেপি মিত্ৰজোঁটৰ নিৰ্বাচনী কাৰ্যালয় মুকলি

নিয়মীয়া বাৰ্তা, ২০ মাৰ্চঃ ৰাজ্যখনৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ দিন ঘোষণাৰ উপৰি যাৱতীয় ব্যৱস্থা সম্পূৰ্ণ হৈ উঠাৰ লগে লগে কামৰূপ জিলাৰ পলাশবাৰী সমষ্টিৰ ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদীয় এলেকাতো নিৰ্বাচনী বতাহ বলিবলৈ আৰম্ভ হোৱা পৰিলক্ষিত হৈছে ৷

সুনীতা উইলিয়ামছৰ অভিযানত ছিপাঝাৰৰ ভবানী শৰ্মা

বিশেষকৈ ২ এপ্ৰিলত অনুষ্ঠিত হ’ব লগা নিৰ্বাচনক কেন্দ্ৰ কৰি প্ৰাৰ্থীসকলৰ লগতে দল সংগঠন তথা ভোটাৰ ৰাইজ ক্ৰমাৎ তৎপৰ হৈ উঠিছে ৷ উল্লেখ্য যে আজি ৩৪ নং চানডুবি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত যৌথ সংগ্ৰাম সমিতিৰ প্ৰক্ষেপিত আৰু বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী নৃপেন চন্দ্ৰ ৰাভাৰ নিৰ্বাচনী কাৰ্যালয় এটি মুকলি কৰা হয় ৷ উক্ত কাৰ্যালয় মুকলিৰ মাংগলিক অনুষ্ঠানটিত কামৰূপ জিলা ষষ্ঠ অনুসূচী দাবী সমিতিৰ কাৰ্যনিৰ্বাহক বিচিত্ৰ ৰাভা ,যৌথ সংগ্ৰাম সমিতিৰ সমষ্টিটোৰ পৰ্যবেক্ষক পূৰ্ণকান্ত ৰাভা,আৰছু নেতা দেৱজিত নাফা, নিৰ্বাচনী পৰিচালনা সমিতিৰ সভাপতি ৰবীন ৰাভাৰ উপৰি বিজেপি শক্তি কেন্দ্ৰৰ আহ্বায়ক হেমন্ত ৰাভা উপস্থিত থাকি নিজ নিজ বক্তব্যত মিত্ৰজোঁটৰ প্ৰাৰ্থী গৰাকী বিপুল ভোটৰ ব্যৱধানত জয়ী হ’ব বুলি দাবী কৰে ৷

প্ৰেৰক নুৰুল ইছলাম

🔴 নিশা চেইন টানি ৰে’ল ৰখালে যাত্ৰীয়ে। 👉 শিলচৰ ৰে’ল ষ্টেচনত উত্তপ্ত পৰিস্থিতি। 👉 শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ দুঘণ্টা ধৰি আবদ্ধ কৰিলে উত্তেজিত যাত্ৰীয়ে। 👉 এচি দবাত দুৰ্গন্ধক লৈ চেইন টানি ৰে’ল ৰখালে যাত্ৰীয়ে।

You might also like