নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত উপ-নিৰ্বাচনক লৈ বিজেপিৰ ৰণডংকা

🔹 চামগুৰিবাসীয়ে এইবাৰ বাই বাই দিব কংগ্ৰেছক : মন্ত্ৰী পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : বহুদিন কংগ্ৰেছে শাসন কৰিলে ৷ কিন্তু যেনেদৰে উন্নয়ন হ’ব লাগিছিল সেয়া নহ’ল ৷ চামগুৰিবাসী ৰাইজক ৰকিবুল হুছেইনে ঠগি ধুবুৰীলৈ গ’ল৷ গতিকে চামগুৰিবাসী ৰাইজে কংগ্ৰেছক এইবাৰ উপ-নিৰ্বাচনত বাই বাই দি বিজেপি দলৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাব বুলি মোৰ বিশ্বাস ৷- এই মন্তব্য মন্ত্ৰী পীয়ূষ হাজৰিকাৰ ৷ নগাঁও জিলাৰ চামগুৰিৰ ভেলেউগুৰিৰ নাট্যচ’ৰাত আজি ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলা আৰু নগাঁও জিলাৰ অন্তৰ্গত চামগুৰি বিধানসভা সমষ্টিৰ পৃষ্ঠাপ্ৰমুখ আৰু বুথ সভাপতি সন্মিলন এখন অনুষ্ঠিত হয় ৷ উক্ত সন্মিলনখনত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, জলসম্পদ আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা, উদ্যোগ আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাকে ধৰি বহুকেইজন নেতা উপস্থিত থাকে ৷ ভাৰতীয় জনতা পাৰ্টীৰ কলিয়াবৰ জিলা সমিতিৰ সভাপতি বাবুল বৰাৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনখনত মন্ত্ৰী পীয়ূষ হাজৰিকাই উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ ৷ গতিকে চামগুৰিৰ উন্নয়নৰ স্বাৰ্থত হ’ব লগা উপ-নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মাক চামগুৰিবাসী ৰাইজে বিপুল ভোটত জয় কৰাব লাগিব ৷ তেতিয়া চামগুৰিবাসী ৰাইজে বিচৰাতকৈ বেছি উন্নয়ন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে৷ উক্ত সন্মিলনখনত উদ্যোগ আৰু সাংস্কৃতিক আদি বিভাগৰ মন্ত্ৰী বিমল বৰাই ভাষণ প্ৰসংগত কয় যে চামগুৰিবাসী ৰাইজে সঠিক সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে ৷ এই সঠিক সিদ্ধান্তত চামগুৰিৰ উন্নয়নৰ দিশ জড়িত হৈ আছে ৷ নিৰ্বাচন আহিলে কিছুমান ৰাজনৈতিক দলে মানুহক বিভ্ৰান্ত কৰে ৷ সেই দলৰ মানুহৰ কথাত ভোল যাব নালাগে ৷ কাৰণ ভাৰতীয় জনতা পাৰ্টীয়ে সকলোকে জীয়াই থকাৰ প্ৰেৰণা দিয়ে ৷ চামগুৰিৰ উপ-নিৰ্বাচনৰ বাবে বিজেপিয়ে ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাক প্ৰক্ষেপ কৰিছে ৷ চৰকাৰৰ ওচৰত দিপ্লুৰঞ্জন শৰ্মাৰ গুৰুত্ব আছে ৷ গতিকে চামগুৰিৰ উপ-নিৰ্বাচনত আমাৰ দলৰ প্ৰাৰ্থী জয়ী হ’লে চামগুৰিৰ উন্নয়ন হ’ব বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই উক্ত সন্মিলনখনত উপস্থিত থাকি চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জয়যুক্ত কৰাবলৈ ৰাইজক আহ্বান জনায় ৷ এসময়ত কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত চামগুৰিত উপ-নিৰ্বাচনৰ ৰণডংকা বজাই বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে এইবাৰ চামগুৰিত পৰিৱৰ্তন হ’বই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰি কয় যে চামগুৰিৰ উপ-নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থী দিপ্লুৰঞ্জন শৰ্মা বিপুল ভোটত এইবাৰ জয়ী হৈ চামগুৰিলৈ পৰিৱৰ্তন আনিব৷ উক্ত সন্মিলনখনত চামগুৰিৰ উপ-নিৰ্বাচনৰ বিজেপি দলৰ প্ৰাৰ্থী তথা ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মাই ভাষণ প্ৰসংগত কয় যে এতিয়া আৰু ভয়-ভাবুকি নচলিব ৷ আমিও নিৰ্বাচনত কাকো ভয়-ভাবুকি দি ৰাজনীতি কৰা নাই আৰু আনকো চামগুৰিত ভয়-ভাবুকি দি ৰাজনীতি কৰিবলৈ নিদিও বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ উক্ত সন্মিলনখনতেই চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ তত্ত্বাৱধায়ক মন্ত্ৰী হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্ত্ৰী বিমল বৰাক দায়িত্ব দিয়া হ’ব বুলি ঘোষণা কৰে ৷ লগতে পূজাৰ পিছৰ পৰাই মন্ত্ৰীগৰাকী সমষ্টিৰ ৰাইজৰ কাষলৈ যাব বুলি ৰাজ্যিক সভাপতিগৰাকীয়ে ঘোষণা কৰে ৷ আজি অনুষ্ঠিত হোৱা পৃষ্ঠপ্ৰমুখ আৰু বুথ সভাপতি সন্মিলনখনত কলিয়াবৰ জিলাৰ প্ৰাক্তন সভাপতি অনিল শইকীয়া, বিজেপি নেতা সীমাঞ্চল দিগাল, সুৰেশ বৰা, পুৰণিগুদাম মণ্ডল বিজেপিৰ সভাপতি মিন্টু শৰ্মা, চামগুৰি মণ্ডল বিজেপিৰ সভাপতি সুৱত্ত সিংহা, নগাঁও জিলা বিজেপিৰ সভাপতি অভিজিৎ নাথ, কলিয়াবৰ যুৱ মৰ্চাৰ সভাপতি লক্ষীৰঞ্জন কাকতি, বিজেপি নেত্ৰী পিংকী মিৰ্ধা, ৰীতা কাকতি, মহেন্দ্ৰ কোঁৱৰকে ধৰি বহুকেইজন বিজেপি নেতা উপস্থিত থাকে ৷

প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা

You might also like