নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ লগতে দিল্লীৰ পৰাও উচ্ছেদ হ’ব বিজেপি

ধুবুৰী–বিলাসীপাৰাত বদৰুদ্দিন আজমলৰ প্রচাৰ

নিয়মীয়া বাৰ্তা ২৪ মাৰ্চঃ মঙলবাৰে ২৩নং ধুবুৰী বিধানসভা সমষ্টিৰ মহাজোঁটৰ সমর্থিত এআইইউডিএফ প্রার্থী নজৰুল হকৰ হৈ সমষ্টিটোৰ ফলিমাৰীত আয়োজিত এখন নির্বাচনী সভাত আজি নির্বাচনী প্রচাৰ চলায় এআইইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে৷ হেলিকপ্টাৰৰে সভাথলীত উপস্থিত হৈ আজমলে এসময়ৰ ৰাজনৈতিক শত্রু কংগ্রেছ নেতা ৱাজেদ আলীক কাষত বহুৱাই নির্বাচনী প্রচাৰ চলায়৷ নিজৰ ভাষণত তেওঁ মহাজোঁটৰ দক্ষিণ শালমাৰাৰ কংগ্রেছ প্রার্থী ৱাজেদ আলী আৰু মহাজোঁটৰ ধুবুৰীৰ এআইইউডিএফ প্রার্থী নজৰুল হকক এক লাখৰ অধিক ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ বাবে ৰাইজক আহ্বানো জনায়৷ আজমলে নিজৰ ভাষণত ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাক আক্রমণ লক্ষ্য কৰি লয়৷ দেশৰ আইন আৰু সংবিধানৰ প্রতি আমাৰ আস্থা আৰু সন্মান আছে বুলি কৈ সাংসদ আজমলে কয় যে অসমত মাদ্রাছা হিমন্তই স্থাপন কৰা নাছিল৷ যুগ যুগ ধৰি অসমত মাদ্রাছা শিক্ষাৰ ব্যৱস্থা আছিল৷ মহাজোঁটৰ চৰকাৰ হ’লে অসমত পুনৰ মাদ্রাছা খোলা হ’ব বুলিও আজমলে নিজৰ ভাষণত দাবী কৰে৷ উল্লেখ্য যে আজিৰ নির্বাচনী সভাখনত এআইইউডিএফ নেতা আদিত্য লাংথাছাৰ উপৰি ধুবুৰী সমষ্টিৰ এআইইউডিএফৰ মনোনীত প্রার্থী নজৰুল হক, দক্ষিন শালমাৰা সমষ্টিৰ কংগ্রেছৰ প্রার্থী ৱাজেদ আলী চৌধুৰী চিপিআইএমৰ ধুবুৰী জিলাৰ সাধাৰণ সম্পাদক জগদীশ দাস, কংগ্রেছৰ জিলা সম্পাদক উত্তম সৰকাৰ, এআইইউডিএফৰ জিলা সম্পাদক আব্দুল মজিদকে ধৰি মহাজোঁটবন্ধনৰ কেইবাজনো নেতা–কর্মী উপস্থিত থাকি ৰাইজৰ আগত ভাষণ প্রদান কৰে৷
বিলাসীপাৰাত মহাজোঁটৰ সভা ঃ অসমৰ পৰা উচ্ছেদ হ’ব বিজেপিঃ আজমল
আগন্তুক বিধানসভা নির্বাচনত অসমৰ পৰা উচ্ছেদ হ’ব বিজেপি৷ ইয়াৰ পিছত দিল্লীৰ পৰাও বিদায় ল’ব লাগিব বিজেপিয়ে৷– এই মন্তব্য এআইইউডিএফৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলৰ৷ বিলাসীপাৰা পূব সমষ্টিত আজি মহাজোঁটৰ নির্বাচনী সভাত অংশগ্রহণ কৰি তেওঁ লগতে কয় যে অসমত কংগ্রেছ, এআইইউডিএফ, বিপিএফকে ধৰি বিভিন্ন দল বিজেপিৰ বিৰুদ্ধে একগোট হৈছে৷ মানুহে কৈছে খেলা হ’ব৷ মই কওঁ একাংশ সমষ্টিত মহাজোঁটৰ বিৰুদ্ধে খেলিবলৈ প্রতিদ্বন্দ্বীয়ে নোহোৱা হৈছে৷ পূব বিলাসীপাৰাতো খেলাৰ বাবে মানুহ নাই, গতিকে খেলা নহয়৷ বিপুল ভোটত জয়ী হ’ব মিত্রজোঁটৰ প্রার্থী৷ মুফতি ইয়া–হিয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাত এআইইউডিএফৰ কার্যকৰী সভাপতি ডাঃ আদিত্য লাংথাছা, সাধাৰণ সম্পাদক বছিৰ আহমেদ কাছিমী, কংগ্রেছ দলৰ মুখপাত্র অশ্বিনী কুমাৰ মহন্ত, পূব বিলাসীপাৰাৰ এআইইউডিএফৰ প্রার্থী ছামছুল হুদা, গৌৰীপুৰৰ বিধায়ক মিজানুৰ ৰহমান, বাওখুংগ্রী সমষ্টিৰ প্রার্থী দনেশ্বৰ গয়াৰী প্রমুখ্যে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সাংসদ বদৰুদ্দিন আজমলে হেলিকপ্ঢাৰেৰে আহি অংশগ্রহণ কৰা সভাত বিশ সহস্রাধিক লোক উপস্থিত থাকে৷

You might also like