চাবুৱা লাহোৱাল সমষ্টিত বিজেপিয়ে মিত্ৰতা অবিহনেই খেলিব পঞ্চায়ত নিৰ্বাচন
নিয়মীয়া বাৰ্তা ডিজিটেল, ১২ ডিচেম্বৰঃ সমাগত পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী সকলো ৰাজনৈতিক দলে কঁকালত টঙালী বান্ধিছে। কিয়নো পঞ্চায়ত নিৰ্বাচনৰ পাছতে ২৬ৰ বিধানসভা নিৰ্বাচন। গতিকে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব ২৬ৰ বিধানসভা নিৰ্বাচন। সেয়ে সমষ্টিয়ে সমষ্টিয়ে প্ৰতিটো ৰাজনৈতিক দলে আৰম্ভ কৰিছে সাংগঠনিক কাম কাজ। দিছপুৰত অগপ বিজেপিয়ে মিত্ৰতাৰে চৰকাৰ পৰিচালনা কৰিলেও ৰাজ্যিক বিজেপিৰ নেতৃত্বই হ’ব লগা পঞ্চায়ত নিৰ্বাচনত মিত্ৰতা সমষ্টি পৰ্যায়ত হ’ব বুলি ঘোষণা কৰিছে। সেয়ে পঞ্চায়ত নিৰ্বাচনৰ পুৰ্বে সমুখ সমৰত নামিবলৈ সাজু হৈছে উজনিৰ দুজন বিধায়ক। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত উজনিৰ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টি বিলুপ্ত হ’ল। লাহোৱাল সমষ্টি বিলুপ্ত কৰি চাবুৱা সমষ্টিৰ নতুন নামকৰণ কৰা হয় চাবুৱা- লাহোৱাল সমষ্টি। ফলত লাহোৱাল সমষ্টিৰ অধিকাংশ সমষ্টি অন্তৰ্ভুক্ত কৰা হয় চাবুৱা- লাহোৱাল সমষ্টিত। ইয়াৰ লগে লগে চাবুৱাৰ অসম গণ পৰিষদৰ বিধায়ক পোনাকণ বৰুৱা আৰু বিলুপ্ত হোৱা লাহোৱাল সমষ্টিৰ বিজেপিৰ বিধায়ক বিনোদ হাজৰিকাই এতিয়া পৃথকে পৃথকে নিজ নিজ দলৰ সাংগঠনিক কাম কাজত ব্যস্ত চাবুৱা-লাহোৱাল সমষ্টিত। চাবুৱা লাহোৱাল সমষ্টিত বিজেপিয়ে মিত্ৰতাৰ অবিহনেই পঞ্চায়ত নিৰ্বাচন খেলিব- ঘোষণা কৰি সংবাদমেল সম্বোধন কৰিলে বিধায়ক বিনোদ হাজৰিকা। সংবাদ মেল সম্বোধন কৰি কয়, পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি চাবুৱা-লাহোৱাল সমষ্টিত সংগঠন পৰ্ব কৰা হৈছে। চাবুৱা-লাহোৱাল সমষ্টিত আমি পঞ্চায়তৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰিছো। বিজেপি কৰ্মীসকলেও নিৰ্বাচন খেলাৰ বাবে ইচ্ছা কৰে সেয়ে দলীয় কৰ্মীৰ বাবে চাবুৱা-লাহোৱাল সমষ্টিত দুৱাৰ মুকলি কৰি দিয়া হৈছে। চাবুৱা সমষ্টিত অগপৰ ভেটি শক্তিশালী হোৱাৰ দৰে বিজেপি দলটোৰো ভেটি শক্তিশালী। সেয়ে দুইটা দলেই দলৰ ভেঁটি অটুত ৰাখিব লাগিব সেয়ে চাবুৱা লাহোৱাল সমষ্টিত বিজেপিয়ে অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।