নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্বৃত্তই হত্যা কৰি জ্বলালে মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সম্পাদকক

🔹 ঢকুৱাখনাত শিহৰণকাৰী ঘটনা

🔹 দুৰ্নীতি উদঙাই দিয়াই কাল হ’ল নেকি সুনীলৰ !

নিয়মীয়া বাৰ্তা,  ২ জুন : শনিবাৰে নিশা দুৰ্বৃত্তই এজন লোকক নৃশংসভাৱে হত্যা কৰি মৃতদেহ জ্বলাই দিয়াৰ দৰে এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ঢকুৱাখনাত। ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত সাপতীয়া চেতিয়া গাঁৱত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা। দেওবাৰে পুৱা গৃহৰ পৰা ৩০০ মিটাৰ নিলগত এখন চোমনিৰ মাজত অর্ধদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে সুনীল গগৈ নামৰ লোকজনৰ মুণ্ডহীন মৃতদেহ । এই ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ঢকুৱাখনা মণ্ডল বিজেপিৰ কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক আছিল সুনীল গগৈ। জলজীৱন মিছনৰ ঠিকাদাৰ হিচাপেও কৰ্মৰত আছিল সুনীল গগৈ। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক কিছুদিন আগতে গুৱাহাটীৰ হেঙেৰাবাৰীত গ্ৰেপ্তাৰত সহযোগিতা কৰিছিল সুনীল গগৈয়ে। উক্ত ঘটনাৰ সৈতে হত্যাকাণ্ডৰ যোগসূত্ৰ থকাৰ সন্দেহ প্ৰকাশ কৰিছে সুনীল গগৈৰ পত্নী আৰু স্থানীয় ৰাইজে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলত সংঘটিত হৈ থকা বৃহৎ দুৰ্নীতি উদঙাই দিয়াৰ বাবেই অতি নিৰ্জু স্বভাৱৰ সুনীল গগৈক নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে । ইফালে, ঘটনাস্থলীত গগৈৰ পৰিহিত স্পৰ্টিং, এখন চোকা দা, এযোৰ চেণ্ডেল, এডাল বাঁহৰ লাঠী, জ্বলি থকা এটা টৰ্চ লাইট উদ্ধাৰ কৰা হয়। ইতিমধ্যে ঘটনাস্থলীত লখিমপুৰ জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত অব্যাহত ৰখাৰ সমান্তৰালকৈ আৰক্ষীয়ে অৰ্ধদগ্ধ অৱশিষ্ট মাংসপিণ্ডৰ অংশ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণৰ ব্যৱস্থা কৰিছে। এই শিহৰণকাৰী ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্রেৰক পুলকজ্যোতি বৰা

You might also like