নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ইউৰিয়া যায় ম্যানমাৰলৈঃ বন্ধ কৰা হ’ব ৰাজ্যত চলি থকা সাৰৰ ক’লা বজাৰ

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অসমলৈ অহা ৰাসায়নিক সাৰৰ বৃহৎ কেলেংকাৰি উন্মোচিত কৰি এনে সাৰৰ ক’লা বজাৰ অচিৰেই বন্ধ হ’ব বুলি শুকুৰবাৰে স্পষ্ট কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে যোগান ধৰা অসমৰ ইউৰিয়া সাৰ ৰাজ্যৰ কৃষকে লাভ কৰাৰ বিপৰীতে ক’লা বজাৰৰ জৰিয়তে ম্যানমাৰলৈ যোগান হৈ আছে৷ অসমৰ কৃষকক নাটনি দেখুৱাই চোৰাং সৰবৰাহেৰে ইউৰিয়া সাৰ ৰপ্তানি হয় ম্যানমাৰলৈ৷ বিগত দীর্ঘসময় ধৰি অসমৰ সাৰৰ এই চোৰাং বেহাক লৈ উঠি থকা অভিযোগ আজি আঙুলিয়াই মুখ্যমন্ত্রীৰ সকীয়নি– ম্যানমাৰ পর্যন্ত ক’লা বজাৰৰ জৰিয়তে অসমৰ সাৰ যোৱা বন্ধ হ’ব লাগিব৷

উল্লেখ্য যে শুকুৰবাৰে খানাপাৰাস্থিত কৃষি সঞ্চালকালয়ত অনুষ্ঠিত এক পর্যালোচনা বৈঠকত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৃষি, উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগৰ দ্বাৰা ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ পর্যালোচনা কৰে৷

এই পর্যালোচনা বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মুখ্যমন্ত্রীয়ে ইউৰিয়া সাৰৰ ক’লা বজাৰক লৈ উদ্বিগ্ণতা প্রকাশ কৰি কয়– সাৰ যোগানৰ ক্ষেত্রত জড়িত হৈ থকা পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলৰ সৈতে বিস্তৃত আলোচনা কৰা হৈছে৷ আন ৰাজ্যত সাৰ যোগানৰ যি ব্যৱস্থা, সেই একে ব্যৱস্থা অসমতো কৰা হ’ব৷ তাৰ পাছতো যদি সাৰৰ অভাৱ হয়, তেন্তে সেয়া কেন্দ্রই যোগান ধৰিব৷ কিন্তু অসমৰ সাৰৰ বজাৰখনত এনে অভিযোগ আছে যে এই সাৰ ম্যানমাৰ আদি পর্যন্ত ক’লা বজাৰৰে গুচি যায়৷ এয়া যদি বন্ধ কৰা হয়, তেন্তে সাৰৰ অভাৱ নহ’ব৷ বিষয়টোক লৈ ইতিমধ্যে সাৰ কোম্পানীসমূহ আৰু কৃষিমন্ত্রীৰ লগত ময়ো আলোচনা কৰিছোঁ৷ এই বজাৰখন বন্ধ কৰিলে অসমত ইউৰিয়া যথেষ্ট পৰিমাণে উপলব্ধ হ’ব৷ মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে কেন্দ্রৰ পৰা অহা সাৰ বর্তমান ৰাজ্যৰ চাৰি ঠাইত ক্রমে বৰপেটা, বঙাইগাঁও, ৰঙিয়া আৰু ধুবুৰীতহে নমোৱা হৈছিল৷ কিন্তু ১৮ ছেপ্ঢেম্বৰত আহিব লগা ইউৰিয়া তেজপুৰ আৰু লখিমপুৰতো নমোৱা হ’ব৷

ইফালে প্রধানমন্ত্রীৰ ফচল বীমা আঁচনিৰ ধন খেতিয়কে লাভ নকৰা বিষয়টো সন্দর্ভতো  মুখ্যমন্ত্রীয়ে কয় যে ফচল বীমা আঁচনিৰ কিছু কাৰিকৰী বিসংগতি থকা হেতু খেতিয়কে এই ধন লাভ কৰা নাছিল৷ তেওঁ কয়– ফচল বীমা আঁচনিৰ বাবদ বীমা প্রতিষ্ঠানসমূহক কেন্দ্রীয় চৰকাৰে ৫০ শতাংশ আৰু ৰাজ্য চৰকাৰে ৫০ শতাংশ অংশীদাৰিত্ব দিব লাগে৷ বিগত সময়ছোৱাত অসমে নিজৰ অংশ প্রায় ২৮২ কোটি টকা আদায় নিদিয়া বাবে খেতিয়কে এই বীমা আঁচনিৰ ধন লাভ কৰা নাছিল৷ কিন্তু ৰাজ্য চৰকাৰে এতিয়া নিজৰ অংশৰ ধন মোকলাই দিবলৈ সাজু হৈছে৷ এইক্ষেত্রত কেন্দ্রীয় চৰকাৰে অংশীদাৰিত্বৰ অনুপাত ৯০–১০ কৰাৰ সিদ্ধান্ত লৈছে৷ গতিকে ৰাজ্য চৰকাৰৰ অংশ হ’ব মাত্র ১০ শতাংশ৷

কৃষক সন্মান নিধিৰ প্রসংগৰ ক্ষেত্রতো মুখ্যমন্ত্রীয়ে কয় যে একাংশ কৃষকৰ নথি–পত্র লাভ নকৰা বাবে এই সন্মান নিধিৰ ধন সময়ত কৃষকে লাভ কৰিব পৰা নাছিল৷ কিন্তু জিলা উপায়ুক্তসকলক এই বিষয়টো ঠিক–ঠাক কৰিবলৈ দায়িত্ব দিয়া হৈছে৷ নৱেম্বৰৰ পাছত এখন শুদ্ধ তালিকা লাভ কৰিব পৰা যাব আৰু তেতিয়া বিষয়টোৰ জটিলতা আঁতৰিব৷ বীজ যোগানৰ ক্ষেত্রতো মুখ্যমন্ত্রীগৰাকীয়ে আজি কয় যে কৃষকসকলক উন্নতমানৰ বীজ দিয়াৰ বাবে আজিৰ পর্যালোচনা বৈঠকত বিস্তৃত আলোচনা হৈছে৷ পূর্বে উন্নতমানৰ বীজৰ ব্যয় ৫০ শতাংশ কৃষকে আদায় দিব লাগিছিল৷ কিন্তু এই বীজ এতিয়া সম্পূর্ণ বিনামূলীয়া কৰি দিয়াৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

উল্লেখ্য যে কৃষিমন্ত্রী অতুল বৰাৰ উপস্থিতিত মুখ্যমন্ত্রীয়ে অনুষ্ঠিত কৰা এই পর্যালোচনা বৈঠকত কৃষি বিভাগৰ সামগ্রিক আন্তঃগাঁথনি, কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি, উদ্যান শস্য আৰু খাদ্য সংসাধন, অসম বীজ নিগম, অসম বীজ প্রমাণীকৰণ সংস্থাৰ কাম–কাজসমূহ পর্যালোচনা কৰা হয়৷ এই বৈঠকতে মুখ্যমন্ত্রীয়ে কৃষি বিভাগৰ অধীনত খালী হৈ থকা বিষয়া–কর্মচাৰীৰ পদসমূহ শীঘ্রে পূৰণ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা কৰিবলৈ বিভাগৰ সঞ্চালকক নির্দেশ দিয়ে৷ সমান্তৰালভাৱে বিভাগৰ বিষয়াসকলৰ পদোন্নতিৰ প্রক্রিয়াৰ যাৱতীয় ব্যৱস্থা ল’বলৈ নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীয়ে সমগ্র অসমত থকা বিভাগটোৰ কার্যালয় তথা অন্যান্য ক্ষেত্রসমূহৰ এক ‘এছেট ৰেজিষ্ট্রাৰ’ প্রস্তুত তথা এটা সুকীয়া ‘পার্মানেণ্ট এছেট প’র্টেল’ ১৫ দিনৰ ভিতৰত প্রস্তুত কৰাৰ বাবেও পৰামর্শ দিয়ে৷

পর্যালোচনা বৈঠকত বীজ বিতৰণৰ প্রক্রিয়াটোও সংহত কৰাৰ বাবে বীজ সংগ্রহ আৰু বিতৰণৰ এক সুকীয়া ছীড প’র্টেল নির্মাণৰ বাবেও মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে, যাতে হিতাধিকাৰীয়ে উন্নতমানৰ বীজ লাভ কৰাটো নিশ্চিত কৰিব পাৰে৷ সমান্তৰালভাৱে মানসম্পন্ন বীজ উৎপাদনৰ পৰিমাণ বৃদ্ধিৰ বাবে অসম বীজ নিগমৰ অধীনস্থ বীজ পামসমূহ পুনৰুজ্জীৱিতকৰণৰ দ্রুত পদক্ষেপ ল’বলৈ আজি মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷

ইফালে মুখ্যমন্ত্রীয়ে  জানিবলৈ দিয়ে যে ৰাজ্যত উৎপাদিত সামগ্রী একাংশ কৃষকে বিদেশলৈ ৰপ্তানি কৰিবলৈ সক্ষম হৈছে যদিও আন বহু কৃষকে উৎপাদিত সামগ্রী ৰপ্তানি কৰাৰ বাবে সাজু হৈ আছে৷ এনে প্রায় ৩০০ কৃষকক লগত লৈ কৃষিমন্ত্রী আৰু মুখ্যমন্ত্রীয়ে এক আলোচনাত বহিব৷ মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে শীঘ্রেই হোজাই আৰু বৰাগাঁৱত দুটা বৃহৎ শীতলীকৰণ গৃহ নির্মাণ কৰা হ’ব৷ সমান্তৰালকৈ কৃষকসকলক সজাগ কৰাৰ বাবে কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ ব্যাপক প্রচাৰৰ ব্যৱস্থা কৰা হ’ব৷ আজিৰ এই পর্যালোচনা বৈঠকত অতিৰিক্ত মুখ্য সচিব ৰবিশংকৰ প্রসাদ, বিধায়ক জয়ন্ত মল্ল বৰুৱা, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, কৃষি বিভাগৰ সঞ্চালক বিনোদ শেষানৰ লগতে বিভাগীয় শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like