নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫খনকৈ ইঞ্জিনচালিত মালবাহী নাৱত খুন্দা মাৰবোটৰ

🔹 ধুবুৰীৰ যোগমায়া পাৰঘাটত অঘটন

নিয়মীয়া বাৰ্তা, ২২ জুলাই : আজি ধুবুৰী চহৰৰ বৰলুইতৰ যোগমায়া পাৰঘাটত সংঘটিত হয় এক অঘটন। ধুবুৰী আৰু দক্ষিণ শালমাৰাৰ মাজত চলাচল কৰা MV Bokhathing নামৰ আইডব্লিউটিৰ বিভাগীয় এখন যাত্ৰীবাহী ষ্টীৰ মাৰবোটৰ খুন্দাত পাৰঘাটটোত ৰৈ থকা এখন নাওৰ তলি ফুটা হৈ বুৰ যোৱাৰ বিপৰীতে কম-বেছি পৰিমাণে ক্ষতিগ্রস্ত হয় আন ৫খনকৈ ইঞ্জিনচালিত মালবাহী নাও। একাংশ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য মতে, ফকিৰগঞ্জৰ পৰা অহাৰ পিছত পিছুৱাই মাৰবোটখন পাৰঘাটটোৰ কাষ চপাৰ সময়তে সংঘটিত হয় সেই দুৰ্ঘটনাটো। সৌভাগ্যক্ৰমে দুৰ্ঘটনাটোৱে ডাঙৰ ৰূপ নল’লে যদিও ঘটনাটোত কেইবাজনো ব্যক্তি সামান্য পৰিমাণে আঘাত পোৱা বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like