নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বনাঞ্চলত উদ্ধাৰ লেখাপানীৰ দশম শ্ৰেণীৰ ছাত্ৰীৰ মৃতদেহ

নিয়মীয়া বাৰ্তা, ৩ ছেপ্টেম্বৰ : লেখাপানী কথা গাঁৱৰ বনাঞ্চলত চিপ লৈ থকা অৱস্থাত এটা উৱলি যোৱা মৃতদেহ উদ্ধাৰৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃতদেহটো ২৪ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ থকা লেখাপানী থানাৰ অন্তৰ্গত পাশা গাঁৱৰ এটুৱা মুণ্ডা আৰু গোলাপী মুণ্ডাৰ কন্যা অনিতা মুণ্ডাৰ বুলি চিনাক্ত হৈছে। উল্লেখ্য যে গাঁৱৰ ৰাইজে কিশোৰীগৰাকীৰ সন্ধান চলাওঁতে এজোপা গছত ওলমি থকা অৱস্থাত মৃতদেহটি প্ৰত্যক্ষ কৰে। অনিতা মুণ্ডা টিৰাপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল। ছাত্ৰীগৰাকী নিৰুদ্দেশ হোৱাৰ দিনাই আৰক্ষীক এই সন্দৰ্ভত এজাহাৰ দিয়া হৈছিল যদিও আৰক্ষীয়ে কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত শনিবাৰে বিয়লি লেখাপানী কথা গাঁৱৰ বনাঞ্চলত ১৫ বছৰীয়া ছাত্ৰীগৰাকীৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি লেখাপানী আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মাৰ্ঘেৰিটা মহকুমা আৰক্ষী বিষয়া আৰু লেখাপানী থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। এয়া আত্মহনন নে হত্যা, আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। এগৰাকী কিশোৰীৰ এইদৰে বনাঞ্চলৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাক স্থানীয় ৰাইজ তথা দল-সংগঠনে সহজভাৱে ল’ব পৰা নাই। সমগ্ৰ ঘটনাৰ উচ্চ পৰ্য্যায়ৰ তদন্তৰ দাবী কৰিছে। অনিতাৰ মৃত্যুৰ খবৰে বৃহত্তৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। আনহাতে, আদিবাসী ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সম্পাদক চামুৱেল তপ্নই এক প্ৰেছ বাৰ্তাযোগে মৃত অনিতাৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰাৰ উপৰি ঘটনাৰ প্ৰকৃত কাৰণ অনুসন্ধান কৰি উলিয়াবলৈ লেখাপানী আৰক্ষীক দাবী জনাইছে। সমগ্ৰ ঘটনা সন্দৰ্ভত লেখাপানী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অৰূপ বৈশ্যৰ সৈতে যোগাযোগ কৰাত ছাত্ৰীগৰাকীয়ে আত্মহনন কৰিছে বুলি উল্লেখ কৰাৰ লগতে আত্মহনন কৰাৰ পূৰ্বে লিখি যোৱা এক টোকা পোৱা গৈছে বুলি এই প্ৰতিবেদকক জানিবলৈ দিয়ে।

প্ৰেৰক মানস প্ৰতিম গগৈ

You might also like