নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোৰ লামপাৰাত পুৱতি নিশা অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ২৭ মে’ : কামৰূপৰ বকো থানাৰ অন্তৰ্গত লামপাৰা শালনীৰ পথৰ দাঁতিত পুৱতি নিশা এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয়। উদ্ধাৰ হোৱা অচিনাক্ত মৃতদেহটো এগৰাকী মহিলাৰ বুলি জানিব পৰা গৈছে। মহিলাগৰাকীক কোনো অচিনাক্ত চাৰিচকীয়া বাহনে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। পথৰ দাঁতিত মৃতদেহ পৰি থকাৰ খবৰ পাই ঘটনাস্থলীত বকো আৰক্ষী থানাৰ উপ-পৰিদৰ্শক ননীগোপাল সৰকাৰসহ এটি আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহটো প্ৰথমে বকো আৰক্ষী থানালৈ লৈ আনে। জানিব পৰা অনুসৰি, পুৱতি নিশা উদ্ধাৰ হোৱা মহিলাগৰাকীৰ বৰ্তমানলৈকে কোনো নাম-ঠিকনা জানিব পৰা হোৱা নাই। আজি দিনৰ ভাগত বকো আৰক্ষীয়ে অচিনাক্ত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইচলৈ প্ৰেৰণ কৰিছে। মহিলাগৰাকীৰ মৃতদেহৰ কাষত নীলা ৰঙৰ চেণ্ডেল এপাট পোৱা গৈছে বুলি জানিব পৰা গৈছে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like