নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশৰ ২৩টা ভাষাত একেলগে উপলব্ধ হ’ব মহাবীৰ লাচিতৰ গ্রন্থ

🔴 আজি লাচিত বৰফুকনৰ ৪০১সংখ্যক জয়ন্তী

🔴 অসম প্রকাশন পৰিষদৰ উদ্যোগত অনুবাদ সম্পূর্ণ

ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ নৱেম্বৰ : অসমত গ্রন্থোৎসৱ অব্যাহত থকাৰ সময়তে জাতীয় জীৱনৰ বাবে শুভ সংবাদ এয়ে যে অচিৰেই দেশৰ ২৩টা ভাষাত প্রকাশ পাব ‘মহাবীৰ’ লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচিত এখন গ্রন্থ ৷ অসম প্রকাশন পৰিষদৰ উদ্যোগত এই কাম প্রায় সম্পূর্ণ হৈ উঠিছে৷ উল্লেখ্য যে মহাবীৰ লাচিত বৰফুকনৰ খ্যাতি আৰু গৰিমা সমগ্র দেশৰ মানুহৰ মাজত প্রণালীবদ্ধভাৱে প্রচাৰ কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অসম প্রকাশন পৰিষদক এক বিশেষ উদ্যোগ গ্রহণ কৰিবলৈ এই বছৰৰ প্রথম ভাগতে পৰামর্শ আগবঢ়াইছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই লাচিত বৰফুকনৰ জীৱনৰ আধাৰত ৰচিত গ্রন্থ এখন ভাৰতৰ আটাইকেইটা স্বীকৃত ভাষালৈ অনুবাদ কৰি ভাষা–সাহিত্যৰ যোগেদি লাচিত বৰফুকনৰ গৰিমা প্রচাৰ কৰাৰ পোষকতা কৰিছিল৷ মুখ্যমন্ত্রী শর্মাৰ পৰামর্শ মর্মে অসম প্রকাশন পৰিষদে এই পদক্ষেপ হাতত লৈছিল৷ শিক্ষামন্ত্রী তথা অসম প্রকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰামর্শ মতে গ্রন্থ ৰচনাৰ দায়িত্ব প্রদান কৰা হৈছিল ইংৰাজী সাহিত্যৰ প্রসিদ্ধ লেখক, গ্রন্থকাৰ অৰূপ কুমাৰ দত্তক৷ অৰূপ কুমাৰ দত্তই বিষয়টোৰ গুৰুত্ব অনুসৰি নির্দিষ্ট সময়ৰ ভিতৰতে ‘আছাম’ছ ব্রেভহার্ট লাচিত বৰফুকন’ নামৰ গ্রন্থখন ৰচনা কৰি অসম প্রকাশন পৰিষদক জমা দিছিল৷ এই গ্রন্থখন অসমীয়া ভাষাকে ধৰি ভাৰতৰ আন ২৩টা সংবিধান স্বীকৃত ভাষালৈ অনুবাদ কৰাৰ বাবে অসম প্রকাশন পৰিষদে ক্ষিপ্রতাৰে কাম আৰম্ভ কৰিছিল৷ ভাৰতৰ মুঠ ২৩টা ভাষাৰ প্রখ্যাত অনুবাদকৰ সৈতে যোগাযোগ কৰা হৈছিল আৰু তেওঁলোকক এই কাম সম্পন্ন কৰাৰ বাবে সন্মতি প্রদান কৰিছিল৷ অসমীয়া, বাংলা, ওড়িয়া, তেলুগু, তামিল, কানাড়া, মালায়ালম, কোংকানী, মাৰাঠী, গুজৰাটী, ৰাজস্থানী, পাঞ্জাবী, কাশ্মীৰী, সিন্ধী, উর্দু, মৈথেলী, ডোগ্রী, চাওতালী, মণিপুৰী, বড়ো, নেপালী, হিন্দী আৰু সংস্কৃত ভাষালৈ এই গ্রন্থখন অনুবাদ কৰা হৈছে৷ এই অনুবাদকসকলৰ অনুবাদ কার্য পৰীক্ষা কৰাৰ লগতে সম্পাদনা কৰাৰ বাবেও প্রতিটো ভাষাৰে একোগৰাকীকৈ সম্পাদকক দায়িত্ব প্রদান কৰা হৈছে৷ এই সমগ্র প্রকল্পটোৰ তত্ত্বাৱধায়ক তথা সমন্বয়ক ৰূপে দায়িত্ব প্রদান কৰা হৈছে সমালোচক, ৰাজ্যিক বঁটাৰে পুৰস্কৃত অপৰাজিতা পূজাৰীক৷ ইতিমধ্যে আটাইকেইগৰাকী অনুবাদকে অনুবাদ কার্য সমাপ্ত কৰি অসম প্রকাশন পৰিষদৰ ওচৰত পাণ্ডুলিপিসমূহ জমা দিছে৷ অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাই জানিবলৈ দিয়া মতে, অনুবাদকসকলে জমা দিয়া পাণ্ডুলিপিসমূহৰ সম্পাদনাও ইতিমধ্যে সমাপ্ত হৈছে৷ গ্রন্থখনৰ প্রচ্ছদ অংকন, তথা লে’আডট হোৱাৰ পিছত সম্প্রতি ছপাৰ বাবে পঠিওৱাৰ আগে আগে চূড়ান্ত নিৰীক্ষণৰ বাবে সাজু কৰা হৈছে৷ সচিবে জনোৱা মতে, কিছুদিনৰ ভিতৰতে গ্রন্থকেইখন ছপা কৰি উন্মোচনৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্রীৰ কার্যালয়লৈ প্রেৰণ কৰা হ’ব৷ এইখিনিতে উল্লেখ্য যে এই অনুবাদ কার্যত অংশগ্রহণ কৰা বহুকেইগৰাকী লেখক–অনুবাদক সাহিত্য অকাডেমিৰ বিভিন্ন বঁটাপ্রাপক আৰু নেচনেল বুক ট্ৰাষ্টৰ স্বীকৃতিপ্রাপক অনুবাদক৷ এই অনুবাদ কর্মত জড়িত সংশ্লিষ্ট লেখকসকল হৈছে জ্ঞান প্রকাশ টেকচাঁন্দানী, সুন্দৰদাস ভি গহৰানি, ৱাহেংবাম কুমাৰী চানু, ৰাজেশ্বৰ সিং ৰাজু, মুঞ্জুলুৰী কৃষ কুমাৰী, সুৰেন তালুকদাৰ, প্রদীপ কুমাৰ, লালচান্দ চাৰেণ, দেৱায়ন ভাদুৰী, হৰকমলপ্রীত সিং, ড০ কে শিৱলিংগাপ্পা হাডিহালু, বিন্দুমাধৱ কুলকার্ণী, আৰ এছ ভাস্কৰ, কান্নায়ান দক্ষণামূর্তি , বিজয়দেও ঝা, ড০ খগেন শর্মা, সুভাষ চন্দ্র সৎপথী, বলৱানন্দ সাগৰ, চন্দ্রপ্রভা চৈনাৰী, এছ চেলিম কুমাৰ, মির্জা এ বি বেহগ, নিচাৰ আজম, বিনোদ পেটেল, দীনদয়াল শর্মা৷ প্রণিধানযোগ্য যে আজি চৰকাৰী–বেচৰকাৰীভাৱে ৰাজ্যত উদযাপন কৰা হৈছে লাচিত বৰফুকনৰ ৪০১সংখ্যক জয়ন্তী৷

You might also like