মহানগৰ বাৰ্তা, ২৪ জুনঃ ডিগাৰু নৈৰ ওপৰত নিৰ্মাণ কৰা চন্দ্ৰপুৰ-বৰবিলা সংযোগী দলঙৰ এটা দিশৰ পথত ফাট মেলিছে। কেৱল পথত ফাট মেলাই নহয়, দলংখন সংযোগী পথৰ এছোৱা বহি গৈছে। ফলত দুৰ্ঘটনাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে দীৰ্ঘ বছৰৰ দাবীৰ পিছত দুবছৰ পূৰ্বে অৰ্থাৎ ২০২০ চনত ডিগাৰু নৈৰ ওপৰত দলং নিৰ্মাণ কৰাৰ লগতে চন্দ্ৰপুৰ-বৰবিলা হৈ ঘুলিগাঁও পৰ্যন্ত ১০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ আঁচনি হাতত লয় চৰকাৰে। সেই অনুসৰি লোকনিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অধীনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ ১৩ কোটি ৩৫ হাজাৰ ৩১৪ টকা ব্যয়সাপেক্ষে আঠটা কাৰ্লভাৰ্টসহ পথটো আৰু দলংখন নিৰ্মাণ কৰে হেমন্ত ভাগৱতী নামৰ ঠিকাদাৰজনে। নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি যোৱা ৩ মাৰ্চত স্থানীয় বিধায়ক অতুল বৰাৰ জৰিয়তে উদ্বোধন কৰে দলংখন। কিন্তু আশ্চৰ্যকৰ কথা যে উদ্বোধন তথা নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ তিনি মাহতে দলংখনৰ এটা দিশৰ পথ বহি যোৱাৰ উপৰি দলং সংলগ্ন পথৰ বৃহৎ অংশত ফাট মেলিছে। প্ৰত্যক্ষ কৰা অনুসৰি, দলংখনৰ পশ্চিম দিশত এনেদৰে ফাট মেলাৰ উপৰি দলং সংলগ্ন পথছোৱা প্ৰায় পাঁচ ইঞ্চি বহি গৈছে। আনকি দলংখনৰ একে দিশৰ দুটা মূৰ বহি গৈ দুটা গাঁতৰো সৃষ্টি হৈছে। ফলত এই অংশ যিকোনো সময়ত বহি গৈ ভয়ংকৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, দলংখনৰ পথ সংযোগী স্থানত নতুনকৈ মাটি পেলাই নিৰ্মাণ কৰিছিল পথছোৱা। তাত কোনো গাৰ্ড ৱালৰ ব্যৱস্থা নকৰি মাটি পেলাই ততাতৈয়াকৈ কাৰ্পেটিং কৰাৰ ফলত পথটো তিনি মাহতে ফাট মেলি দলংখনেৰে যাতায়াত কৰাত বিপদজনক হৈ পৰিছে। কেৱল সেয়াই নহয়, নিম্নমানৰ কাম কৰাৰ অভিযোগ উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে। উত্থাপিত অভিযোগ অনুসৰি, সংশ্লিষ্ট ঠিকাদাৰে নিম্নমানৰ কাম কৰা বাবে কম দিনৰ ভিতৰত জৰাজীৰ্ণ হোৱাৰ দিশে চন্দ্ৰপুৰ-বৰবিলা সংযোগী পথ আৰু দলংখন।
প্ৰেৰক বিভাষ দাস