নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰত কোটিটকীয়া দলঙত নুঠে চাৰিচকীয়া বাহন

নিয়মীয়া বাৰ্তা, ২৯ জুলাই : পশ্চিম কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাওৰাগুৰিৰ পৰা দোতমা হৈ কোকৰাঝাৰলৈ যোৱা গড়কাপ্টানী পথছোৱাত আছে এখন কোটিটকীয়া পকী দলং । এক নম্বৰ চেকাদানী গাঁৱৰ মাজেৰে বৈ যোৱা মৰাছৰা নৈৰ ওপৰত নিৰ্মাণ হোৱা পকী দলংখনেৰে যাতায়াত কৰিব নোৱাৰে চাৰিচকীয়া বাহন। নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হোৱাৰ পাঁচটা বছৰ অতিক্ৰম হল যদিও দলঙৰ ছাইডবাম সঠিকভাৱে নিদিয়াৰ অভিযোগ ৰাইজৰ। অকল কাগজে-কলমে নিৰ্মাণকাৰ্য্য সম্পূৰ্ণ হয় যদিও অলপ বৰষুণত দলঙৰ দুয়োকাষৰ মাটিবোৰ খহি গৈ ডাঙৰ ডাঙৰ গাঁতৰ সৃষ্টি হৈছে। ফলত দলংখনেৰে চাৰিচকীয়া বাহন, এম্বুলেঞ্চ আদি পাৰাপাৰ হ’ব নোৱাৰে। স্কুলীয়া ল’ৰা-ছোৱালী, বেমাৰীৰ লগতে কেইবাসহস্ৰ মানুহৰ যাতায়াতৰ মূল মাধ্যম উক্ত দলংখন। বালেংগা হাইস্কুল, দুখন বজাৰ, এখন ৰাজ্যিক চিকিৎসালয় আদি বিভিন্ন কৰ্মস্থলৰ বাবে উক্ত দলংখনেৰে পাৰাপাৰ হ’ব লাগে। দলঙৰ দুয়োফালে গড়কাপ্টানী বিভাগে আঁৰি দিয়া নাই কোনো সাৱধানতাৰ ফলক। এই দলংখনত যিকোনো সময়ত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা কৰিছে ৰাইজে। খবৰ ল’বলৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ । স্থানীয় বিধায়কৰ হস্তক্ষেপ বিচাৰিছে ৰাইজে।

 

প্ৰেৰক কৃষ্ণ বৰ্মন

You might also like