নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ দলং

নিয়মীয়া বাৰ্তা, ১৭ জুন : এসপ্তাহ ধৰি নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে বাঢ়ি অহা চম্পাৱতী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে কচুতোলা-কূৰ্শাকাটি ঘাটৰ বাঁহৰ দলংখন । কোকৰাঝাৰ আৰু চিৰাং জিলাক দ্বি-বিভক্ত কৰি ভূটানৰ পৰা দক্ষিণলৈ বৈ যোৱা নৈখনৰ বাঢ়নী পানীয়ে দলংখন উটুৱাই লৈ যোৱাত চৰম দুৰ্ভোগৰ সন্মুখীন হৈছে দুয়োপাৰৰ জনসাধাৰণ। বিশেষকৈ বাসুগাঁও চহৰলৈ বজাৰ-সমাৰ, বিদ্যালয়-মহাবিদ্যালয়, চাকৰি-বাকৰি সংক্ৰান্তত অহা-যোৱাৰ ক্ষেত্ৰত পশ্চিম অঞ্চলৰ কূৰ্শাকাটি, কালীপুখুৰী অঞ্চলবাসী যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে। দলংখন উটুৱাই লৈ যোৱাৰ ফলত টুলুঙা নাৱেৰে পাৰাপাৰ হ’ব লগা হৈছে দুয়োপাৰৰ জনসাধাৰণ। যাৰ ফলত যথেষ্ট সময় ব্যয় হোৱাৰ লগতে কেতিয়াবা কেতিয়াবা মানুহ, যান-বাহন, বয়-বস্তু অত্যধিক হৈ নাও ডুব গৈ বয়-বস্তু উটি যোৱাৰ যথেষ্ট নজিৰ আছে । অঞ্চলটোৰ একপ্ৰকাৰ দীৰ্ঘদিনীয়া মূল সমস্যা দলংখন সম্পূৰ্ণ হলে অঞ্চলবাসী যথেষ্ট উপকৃত হ’ব । তালৈ অপেক্ষা কৰি আছে অঞ্চলবাসীয়ে ।

প্ৰেৰক ভৃগু মুনি ৰায়

You might also like