শিঙুৱা নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিলে বাঁহৰ সাঁকো
নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ বাৰিষা অহাৰ লগে লগে ফেনে ফোটোকাৰে নদীৰ জলপৃষ্ঠ বাঢ়ি অহাত নৈসমূহে যেন প্ৰাণ পাই উঠে। যাৰ ফলশ্ৰুতিত নৈয়ে ভয়ঙ্কৰ ৰূপ ধাৰণ কৰি খহনীয়াৰ সৃষ্টি কৰি নৈ পৰীয়া ৰাইজৰ মাজত এক অৱৰ্ণনীয় পৰিৱেশৰ সৃষ্টি কৰি আহিছে। শিঙুৱা নৈৰ বাঢ়নী পানীয়ে সীমান্তৱৰ্তী কামৰূপ-গোৱালপাৰাৰ ১নং উত্তৰ ছেকাদাৰীবাসীৰ যাতায়াত একমাত্ৰ সম্বল বাঁহৰ সাঁকোখন উটুৱাই নিয়াত যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভুগিব লগা হৈছে অঞ্চলবাসী। প্ৰাপ্ত তথ্য মতে যোৱা কেবাদিনৰেপৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ পিছত নৈখনৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগতে নৈ খনৰ সোঁত বৃদ্ধি পোৱাত অঞ্চলটোৰ ৰাইজৰ বাবে গুৰুত্বপূৰ্ণ বাঁহৰ সাঁকোখন বাঢ়নী পানীয়ে উটুৱাই লৈ যায়। উল্লেখ্য যে গোৱালপাৰা জিলাৰ বাগডোবা-পুথিমাৰী হৈ কামৰূপ মাছেনেখোৱাৰ পৰা শিলোবড়ী-দামালচোছ সংযোগী পথৰ উক্ত স্থানক স্থানীয় ৰাইজে নিৰ্মাণ কৰা প্ৰায় ৮০ ফুট দৈৰ্ঘ্যৰ বাঁহৰ সাঁকো খনৰে পূৰ্বৰে পৰা জিলা দুখনৰ ৰাইজে যাতায়াত ব্যৱস্থা অব্যাহত ৰাখিছিল। পথটোৰে অহা যোৱা কৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে সৰ্বসাধাৰণৰ ৰাইজ ভীষণ সমস্যাৰ সন্মুখীন হোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে আৰু অতি সোনকালে উক্ত স্থানত এখন পকী দলং নিৰ্মাণ কৰাৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে।
প্ৰেৰক জ্যোতিষ নাথ