নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : বিশ্বনাথ সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তৱৰ্তী ভীমাজুলি, শ্যামবস্তি হৈ বালিচাঙলৈ যোৱা সংযোগী পথস্থিত নাহৰণি নৈত দলং অবিহনে ৰাইজে মৰণক শৰণ দি অতিক্ৰম কৰিব লগা হৈছে ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী বালিচাং পঞ্চায়তৰ কুৰিখনৰো অধিক গাঁৱৰ ৰাইজে দৈনিক আহ-যাহ কৰা ভীমাজুলি, শ্যামবস্তি, নাহৰণি হৈ বালিচাংলৈ যোৱা সদাব্যস্ত পথটিত থকা নাহৰণি নৈত দলং নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুভৱ নকৰিলে জনপ্ৰতিনিধিসকলে ৷ এই নাহৰণি নৈত দীৰ্ঘদিনে দলং অবিহনে আহ-যাহ কৰি আহিছে ৰাইজে ৷ ইফালে, পথটিৰ অৱস্থাও জৰাজীৰ্ণ ৷ সমান্তৰালকৈ ভূতৰ ওপৰত দানহ পৰাদি নাহৰণি নৈৰ ভয়াৱহ ৰূপে যাতায়াত বিঘ্নিত কৰিছে প্ৰায় সাত হাজাৰৰো অধিক লোকৰ ৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলে এই নৈখন পাৰ হ’ব নোৱাৰি একপ্ৰকাৰ আবদ্ধ হৈ পৰিবলগীয়া হয় ৷ একেদৰে ৰোগাক্ৰান্ত হ’লে নদীখন পাৰ হ’ব নোৱাৰি নাহৰণি শ্যামবস্তি, ১নং ভীমাজুলি, ভীমাজুলিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজে চিকিৎসা অবিহনে মৃত্যুৰ ক্ষণ গণিব লগা হয় ৷ উল্লেখ্য যে আজি কিছু বছৰ পূৰ্বে নাহৰণি-শ্যামবস্তি-ভীমাজুলি সংযোগী এই নাহৰণি নদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰে শুভাৰম্ভ কৰে যদিও ফুটুকাৰ ফেনত পৰিণত হ’ল ৷ আজি পৰ্যন্ত নিৰ্মাণ নহ’ল নাহৰণি নদীৰ ওপৰত দলং ৷ আনহাতে, দলংখন নিৰ্মাণৰ বাবে বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰকে ধৰি স্থানীয় বালিচাং পঞ্চায়তৰ জনপ্ৰতিনিধিসকলক আবেদন-নিবেদন কৰাৰ পাছতো কোনো ফল নধৰিলে বুলি আক্ষেপ প্ৰকাশ কৰে ভীমাজুলি প্ৰাথমিক গোট আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগতে স্থানীয় ৰাইজে ৷ সেয়েহে শীঘ্ৰে ভীমাজুলি শ্যামবস্তি আৰু নাহৰণি সংযোগী নাহৰণি নদীৰ ওপৰত দলংখন নিৰ্মাণৰ বাবে স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক দাবী জনাইছে স্থানীয় ৰাইজে ৷
প্ৰেৰক শিবু মজুমদাৰ