অসমআঞ্চলিক বৰদুৱাৰ বাগানত শ্ৰীশ্ৰী ৰামচন্দ্ৰ গোসাঁইৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন By নিয়মীয়া বাৰ্তা On Jan 17, 2025 Share নিয়মীয়া বাৰ্তা, বৰদুৱাৰ বাগান, ১৭ জানুৱাৰী : কামৰূপ জিলাৰ পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাভা হাছং এলেকাৰ বৰদুৱাৰ বাগানৰ সৰুৰাণীত আজি শ্ৰীশ্ৰী ৰামচন্দ্ৰ গোসাঁইৰ শতবৰ্ষ উদযাপনৰ লাইখুঁটা স্থাপন কৰা হয় ৷ ১৯২৫ চনতে স্থাপন হোৱা ঐতিহাসিক ধৰ্মানুষ্ঠানখনিৰ শতবৰ্ষ উদযাপনৰ বাবে আনুষ্ঠানিকভাৱে লাইখুঁটা স্থাপন কৰে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক হিমাংশু শেখৰ বৈশ্যই ৷ পৰম্পৰাগত ৰীতি-নীতিৰে আয়োজন কৰা মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপন কৰি যুৱ নেতা বৈশ্যই কয় যে এনেকুৱা মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পোৱাটো সৌভাগ্যৰ বিষয় ৷ অঞ্চলটোৰ পৰিৱেশ আৰু ৰাইজৰ শৃংখলাবদ্ধতা দেখিয়েই অনুষ্ঠানটি সফল হ’ব বুলিও কয় তেওঁ ৷ আনকি অনাগত দিনত ৰাইজক সহযোগিতা আগবঢ়াব বুলি কয় যুৱ নেতাগৰাকীয়ে ৷ উল্লেখ্য যে অহা ২৪ মাৰ্চৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গোসাঁই ঘৰ প্ৰাংগণত বাৰ্ষিক পূজাভাগৰ উপৰি শতবৰ্ষ উদযাপন কৰা হ’ব ৷ ইফালে, সুৰজিত ৰাভাই আঁত ধৰা লাইখুঁটা স্থাপনৰ মাংগলিক অনুষ্ঠানটিত গংগাৰাজ ৰাভা, আদিত্য ৰাভা, গোবিন্দ ৰাভা, কন্টকৰাম ৰাভাকে ধৰি বিশিষ্ট ব্যক্তিসকলৰ উপৰি স্থানীয় ৰাইজ উপস্থিত আছিল ৷ Featured Share