নিয়মীয়া বাৰ্তা ডিজিটেল, ১৪ ফেব্ৰুৱাৰীঃ গোষ্ঠীগত সংঘর্ষত অশান্ত মণিপুৰত ৰাষ্ট্রপতি শাসন বলৱৎ কৰা হৈছে৷ উত্তৰ–পূবৰ ৰাজ্য মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙে যোৱা ৯ ফেব্রুৱাৰীত পদত্যাগ কৰাৰ পাছত চলি থকা অচলাৱস্থাৰ বাবেই ৰাজ্যখনত ৰাষ্ট্রপতি শাসন বলৱৎ কৰা হয়৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে এক অধিসূচনাযোগে ৰাজ্যখনত ৰাষ্ট্রপতিৰ শাসন জাৰি কৰিছে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ অধিসূচনাত উল্লেখ কৰা মতে, ৰাজ্যখনৰ বিধানসভা নিলম্বিত কৰি ৰখা হৈছে আৰু কেন্দ্রীয় শাসন বলৱৎ কৰা হৈছে৷ অধিসূচনাত উল্লেখ কৰা মতে, ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে কয় যে বর্তমান ৰাজ্যখনত এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে যাৰ ফলত সংবিধানৰ আধাৰত ৰাজ্য চৰকাৰৰ দ্বাৰা ৰাজ্যখন পৰিচালিত কৰা সম্ভৱ নহয়৷ তেনে কাৰণতেই ৰাষ্ট্রপতি শাসন বলৱৎ কৰা হৈছে৷ সংবিধানৰ অনুচ্ছেদ ৩৫৬ৰ ক্ষমতাৰ অধীনত মণিপুৰ চৰকাৰৰ সকলো কার্যকলাপ ৰাষ্ট্রপতিৰ দ্বাৰা পৰিচালিত হ’ব৷ উল্লেখ্য যে বিগত বর্ষৰ পৰাই মণিপুৰত মেইটেই আৰু কুকি সম্প্রদায়ৰ মাজত চলা গোষ্ঠীগত সংঘর্ষৰ ফলশ্রুতিত ৰাজ্যখন অশান্ত হৈ আছে৷ অশান্ত মণিপুৰত মুখ্যমন্ত্রী এন বীৰেন সিঙৰ স্থানত আন নেতৃত্বৰ হাতত ক্ষমতা দিয়াৰ দাবী বিজেপিয়ে কৰি অহাৰ বাবেই মুখ্যমন্ত্রী সিঙে যোৱা ৯ ফেব্রুৱাৰীত ইম্ফলৰ ৰাজভৱনত ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক পদত্যাগ–পত্র দাখিল কৰে৷