নিয়মীয়া বাৰ্তা, ৯ জুলাই : ঢেকীয়াজুলি জাতীয় বিদ্যালয়ৰ নৱাগত আদৰণী আৰু অভিনন্দন অনুষ্ঠান সাত জুলাইত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। পুৱা ছাত্ৰ-ছাত্ৰীসকলে লোকগীত -বাদ্য সমলয় পৰিৱেশনেৰে শুভাৰম্ভ কৰা নৱাগত আৰু অভিনন্দন অনুষ্ঠানৰ সভাত পৌৰোহিত্য কৰে বিদ্যালয়ৰ শৈক্ষিক উপদেষ্টা অসীম চন্দ্ৰ কাকতিয়ে। বিদ্যালয়ৰ শিক্ষক চিৰঞ্জীৱ ভূঞাই আঁত ধৰা আৰু জয়ন্ত সন্দিকৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আদৰণী ভাষণ প্ৰদান কৰে অধ্যক্ষা ৰেখাৰাণী বৰদলৈয়ে। অনুষ্ঠানত তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য ৰাখে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী ড° ৰাজীৱ লোচন গোস্বামীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি মাতৃভাষাৰ মাধ্যমক তেওঁ বিশেষ গুৰুত্ব দি মাতৃভাষা মাধ্যমৰ শিক্ষা যে হেঙাৰ নহয়, তাক ঢেকীয়াজুলি জাতীয় বিদ্যালয়ে প্ৰমাণ কৰি দেখুৱাইছে। কিয়নো বিদ্যালয়ৰ শিক্ষাৰ মান উন্নত হোৱাৰ হেতুকে ছাত্ৰ-ছাত্ৰীয়ে কৃতিত্ব অৰ্জনেৰে ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানত নিজা প্ৰচেষ্টাৰে নামভৰ্তি কৰিবলৈ সক্ষম হোৱাৰ উপৰি বিভিন্ন প্ৰতিষ্ঠানত আত্মনিয়োগ কৰিবলৈ সুবিধা পোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। ছাত্ৰী জস্মিটা কলিতা আৰু হিমাংশু বৰদলৈয়ে গীত পৰিৱেশন, প্ৰজ্ঞানজ্যোতি বৰদলৈয়ে কবিতা আবৃত্তি কৰা অনুষ্ঠানতেই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ২০১৬ বৰ্ষত ৰাজ্যৰ ভিতৰত স্থানপ্ৰাপ্ত ৰূতুৰাজ বৰদলৈ আৰু ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টিত নামভৰ্তি কৰিবলৈ সক্ষম হোৱা বন্দনা মহন্তৰ লগতে ভাৰতীয় তেল নিগমৰ জ্যেষ্ঠ বিষয়া হিচাপে নিযুক্তি পোৱা বিদ্যালয়ৰ ছাত্ৰী জুস্মিতা মহন্তক বিদ্যালয়ৰ তৰফৰ পৰা অভিনন্দন জনায়। অনুষ্ঠানতেই ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক কলা শাখাত নামভৰ্তি কৰা নৱাগত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনোৱাৰ লগতে জুস্মিতা আৰু বন্দনা মহন্তৰ পিতৃ ৰাজীৱ মহন্ত, ৰমেন মহন্তক বিদ্যালয়ৰ তৰফৰ পৰা সন্মান জনায়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰাসকলক উদ্দেশ্যি অধ্যক্ষা ৰেখাৰাণী বৰদলৈয়ে বক্তব্য আগবঢ়োৱা সভাতেই বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ দ্বাৰা প্ৰস্তুত কৰা হাতেলিখা আলোচনী “সোপান” উন্মোচন কৰে ডাঃ নবীন বৰদলৈ মহাবিদ্যালয়ৰ অধ্যক্ষ উৎপল বৰদলৈয়ে। উল্লেখ্য যে স্থানীয় বিধায়ক আৰু সাংসদগৰাকীৰ উপস্থিতিত বিদ্যালয়খনৰ আন্তঃগাথঁনি উন্নয়ন হ’ব বুলি ৰাইজে আশা কৰিছিল যদিও জনপ্ৰতিনিধিৰ ভাষণত একো উল্লখ নকৰাত উপস্থিত ৰাইজে আশ্চৰ্য প্ৰকাশ কৰিছে। সভাতেই বিদ্যালয়লৈ যাতায়াতী জৰাজীৰ্ণ পথটো উন্নয়ন সন্দৰ্ভত জনপ্ৰতিনিধিদ্বয়ক দুখন ৰাজহুৱা আবেদন অভিভাৱক দিগন্ত কোঁৱৰে প্ৰদান কৰে। বিদ্যালয়ৰ সঞ্চালক প্ৰণৱজ্যোতি কলিতা, পৰিচালনা সমিতিৰ সভাপতি সুনীল বৰবৰুৱা, অৱসৰী প্ৰধান শিক্ষক হিমাদ্ৰী কিশোৰ বৰদলৈ, সমাজকৰ্মী ক্ষেত্ৰধৰ বৰবৰুৱা, প্ৰধান শিক্ষয়িত্ৰী লাৱণ্য ভূঞা, মৃদুপ্ৰৱণ বৰা, জয়া বৰুৱা, মঞ্জীত বৰুৱা প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি, অভিভাৱক, শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে।
প্ৰেৰক নৱজ্যোতি তামুলী