নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইপাৰ বিৰুদ্ধে শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ এজাহাৰ

🔹 সুমতি কামনাৰে ১০৮ খন প্ৰাথমিক শাখাৰ বন্তি প্ৰজ্বলন কাৰ্যসূচী

নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰী : টাই আহোম যুৱ পৰিষদ চমুকৈ টাইপাই সোণাৰিত সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু সংবিধান দাহ কৰাৰ পাছতেই সৰৱ হৈ পৰিছে সংঘৰ ভকত আৰু আই-মাতৃসকল ৷ মঙলবাৰে ঢকুৱাখনা সদৰ থানাত সংঘৰ এটা সঁজাতী দলে টাইপাৰ বিৰুদ্ধে দাখিল কৰে এজাহাৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ সভাপতি পূৰ্ণানন্দ গগৈ, সম্পাদক হেমন্ত ভৰালীৰ নেতৃত্বত ৮খনকৈ আঞ্চলিকৰ বিষয়ববীয়া তথা সেৱা বাহিনী, শিশু-আই-মাতৃ কল্যাণ সমিতিৰ একাধিক সদস্যই ঢকুৱাখনা সদৰ থানাত উপস্থিত হৈ টাইপাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি যিসকল সদস্যই এই অপমানজনক কাৰ্যত লিপ্ত হৈছে, তেওঁলোকৰ বিৰুদ্ধে উচিত তথা দৃষ্টান্তমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰক্ষীক দাবী জনায়।সংঘৰ সংবিধান দাহ কৰি অসমৰ লাখ লাখ সংঘৰ ভকতৰ বুকুত চূড়ান্ত আঘাত হনা বুলি উল্লেখ কৰি সংঘৰ ঢকুৱাখনা জিলাই ভৱিষ্যতে এইধৰণৰ কাৰ্যৰ পৰা আঁতৰি থাকিবলৈও সকীয়াই দিয়ে।লগতে এই কাৰ্যৰ সৈতে জড়িত টাইপাৰ সদস্যসকলৰ সুমতি কামনাৰে আজি সন্ধিয়া ঢকুৱাখনা জিলা শাখাৰ ১০৮খন প্ৰাথমিকে বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণৰ ঘোষণা কৰে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like