নেতৃত্বৰ আমন্ত্রণ, হঠাতে দিল্লীলৈ উৰা মাৰিলে মুখ্যমন্ত্রী–বিত্তমন্ত্ৰী
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত ৰাজ্যত সৃষ্টি হোৱা ৰাজনৈতিক পৰিস্থিতি সন্দর্ভত ৰাষ্ট্রীয় নেতৃত্বৰে পর্যালোচনাৰ বাবে কালি দিল্লীলৈ হঠাতে উৰা মাৰিলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু ‘নেডা’ৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা৷
উল্লেখ্য যে অসম চুক্তিৰ ৬নং দফা কার্যকৰীকৰণৰ ক্ষেত্রত দাখিল কৰা প্রতিবেদন দিল্লীলৈ প্রেৰণ নকৰাক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্কৰ লগতে চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিৰোধী শিবিৰ৷ বিশেষকৈ ‘কা’ আন্দোলনৰ মাজতে অসম চুক্তিৰ ৬নং দফা কার্যকৰী কৰাৰ ক্ষেত্রত কেন্দ্রীয় চৰকাৰে প্রতিশ্রুতি দিয়াৰ পিছত প্রতিবেদনখন দিছপুৰতে ৰাখি থোৱাক লৈ বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
ইয়াক লৈ কিছু পৰিমাণে চিন্তিত বিজেপি তথা ৰাজ্য চৰকাৰ৷ সমান্তৰালভাৱে আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত গঠন হোৱা নতুন দলক লৈও দলৰ মজিয়াত চর্চা হৈছে৷ শেহতীয়া এই বিষয়বোৰক লৈয়ে ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে আলোচনাৰ বাবে কালি মুখ্যমন্ত্রী সোণোৱাল আৰু ড০ হিমন্ত বিশ্ব শর্মা দিল্লীলৈ উৰা মাৰে বুলি জানিব পৰা গৈছে৷
কালি এক চার্টার্ড বিমানযোগে দুয়োগৰাকী নেতাই দিল্লীলৈ উৰা মৰাৰ পূর্বে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী, ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ এক বৈঠক অনুষ্ঠিত হয়৷ ৰাষ্ট্রীয় নেতৃত্বৰ আমন্ত্রণক্রমে দিল্লীলৈ উৰা মৰাৰ পূর্বে অনুষ্ঠিত এই বৈঠকত শেহতীয়া ৰাজনৈতিক পৰিস্থিতি সম্পর্কে আলোচনা কৰা হয়৷
বিশেষকৈ অসম চুক্তিৰ ৬নং দফা সন্দর্ভত শেহতীয়া ৰাজনৈতিক পৰিস্থিতি তথা ৰাজ্য চৰকাৰে গ্রহণ কৰা বিভিন্ন দিশসমূহ এই বৈঠকত আলোচনা কৰা হয়৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি বিজেপিৰ ৰাষ্ট্রীয় নেতৃত্বৰ সৈতে অনুষ্ঠিত হ’বলগীয়া এই বৈঠকত বিটিচিৰ নির্বাচন, অসম চুক্তিৰ ৬নং দফা, বিধানসভা নির্বাচন তথা অসম চৰকাৰে শেহতীয়াকৈ গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়েও আলোচনা হোৱাৰ সম্ভাৱনা আছে৷