নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্ব আইন কংগ্ৰেছে অনা আইন : বিমল বৰা

🔹 ‘ মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ নেতৃত্বত ৰাজ্যবাসীয়ে স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ লাভ কৰিছে’

 

বিশেষ বাৰ্তা, ২২ মাৰ্চ : ‘নাগৰিকত্ব আইন কংগ্ৰেছেহে আনিছিল। ১৯৫৫ চনত কংগ্ৰেছে অনা আইনখনক সংশোধন ঘটাই বলৱৎ কৰা হৈছে।’- নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত এনেদৰে কংগ্ৰেছক দোষাৰোপ কৰিলে মন্ত্ৰী বিমল বৰাই। আজি লক্ষীনগৰস্থিত বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত মন্ত্ৰী বিমল বৰাই নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কয় যে এই আইন বিজেপিয়ে বনোৱা নাই। কংগ্ৰেছে ১৯৫৫ চনতে আনিছিল। বিজেপি চৰকাৰে ইয়াক সংশোধনীহে কৰিছে। এই পুৰণি আইনখনক লৈ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই আইনখনৰ জৰিয়তে এজনো বিদেশী নাহে। সদৌ অসম ছাত্ৰ সন্থাৰ গৰ্ভৰ পৰা জন্মগ্ৰহণ কৰা অসম জাতীয় পৰিষদৰ কংগ্ৰেছৰে হোৱা মিত্ৰতাক লৈও সমালোচনা কৰে মন্ত্ৰী বিমল বৰাই। আজিও ৮৫৫জন শ্বহীদৰ ৰক্তৰে ৰঞ্জিত কংগ্ৰেছৰ সৈতে অসম জাতীয় পৰিষদে মিত্ৰতা কৰি অসম আন্দোলনৰ শ্বহীদসকলক দ্বিতীয়বাৰৰ বাবে হত্যা কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অথচ সদৌ অসম ছাত্ৰ সন্থাই আজিও এই দলটোৰ সৈতে দূৰত্ব বজাই ৰাখি আহিছে। কেৱল ক্ষমতাৰ লোভত অসম জাতীয় পৰিষদে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে। হঠাৎ আৱিৰ্ভাৱ ঘটা ৰাজনৈতিক দলসমূহে অশান্তিৰ পৰিৱেশ সৃষ্টি কৰি নতুন প্ৰজন্মক বিভ্ৰান্ত কৰা বুলি উল্লেখ কৰি কয়- শান্তিপূৰ্ণ পৰিৱেশত উন্নয়ন হ’ব। এতিয়া অসমলৈ শান্তি ঘূৰি আহিছে। জুইশলা আৰু কেৰাচিন তেলেৰে উন্নয়ন সম্ভৱ নহয়। সংবাদ মেলত লোকসভা নিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই কয়- ৰাজনৈতিক দলৰ নেতাসকল ৰাইজতকৈ ঊৰ্ধ্বত নহয়। গণতন্ত্ৰত ৰাইজেই ৰজা। ৰাজনীতিত আলোচনা-সমালোচনা থাকিবই। নিজৰ বক্তব্য দাঙি ধৰাৰ অধিকাৰ সকলোৰে থাকে। কিন্তু ইয়াৰ চূড়ান্ত নিৰ্ণয় ৰাইজে কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত ১০ বছৰৰ ভিতৰত বিশ্বৰ সন্মুখত ভাৰতক গৌৰৱাম্বিত কৰা বুলি উল্লেখ কৰি মন্ত্ৰী বিমল বৰাই আৰু কয়- দুয়োখন চৰকাৰৰ দ্বাৰা সৰ্বস্তৰৰ লোক উপকৃত হৈছে। অসম বিকশিত দিশেৰে আগুৱাই যাব লাগিব। এয়া সময়ৰ চিন্তা আৰু নতুন প্ৰজন্মৰ দাবী। ভাতৃত্ববোধেৰে বিশ্ববাসীক একত্ৰিত কৰিবলৈ সক্ষম হৈছে মোদীয়ে। অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত স্বাভিমানেৰে জীয়াই থকাৰ পৰিৱেশ লাভ কৰিছে। আজিৰ এই সংবাদ মেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত, অগপৰ সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰ আদিকে ধৰি ভালেকেইজন বিষয়ববীয়া উপস্থিত থাকে।

প্ৰেৰক বিভাস দুৱৰা

You might also like