নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ জিলা-আৰক্ষী আয়ুক্তৰ নৱনির্মিত ভৱন পৰিদর্শন ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৬ জুনঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি গুৱাহাটীৰ ৰূপনগৰত নির্মীয়মান কামৰূপ মহানগৰ সংহত জিলা আয়ুক্তৰ কার্যালয়, খানাপাৰাত নির্মীয়মান গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কার্যালয়, খানাপাৰাত নির্মীয়মান ৫ হেজাৰ লোক একেলগে বহিব পৰা প্রেক্ষাগৃহ আৰু শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নির্মীয়মান নতুন প্রেক্ষাগৃহৰ কাম–কাজৰ পৰিদর্শন কৰাৰ লগতে অগ্রগতিৰ বুজ লয়৷ সংহত জিলা আয়ুক্ত কার্যালয়ৰ কাম–কাজৰ অগ্রগতিৰ বুজ লৈ সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যৰ ১২খন জিলাত সংহত জিলা আয়ুক্ত কার্যালয়ৰ নির্মাণকার্য বিভিন্ন পর্যায়ত চলি আছে৷ কামৰূপ মহানগৰ সংহত জিলা আয়ুক্তৰ কার্যালয়টো ৫০ কোটি টকা ব্যয়ৰে নির্মাণ কৰা হৈছে৷ এই কার্যালয়ত দুটা ব্লক থাকিব৷ প্রথম ব্লকত জিলা আয়ুক্ত আৰু জিলা আয়ুক্তৰ সংলগ্ণ কার্যালয়সমূহ থাকিব৷ দ্বিতীয় ব্লকত শিক্ষা, স্বাস্থ্যকে ধৰি অন্যান্য বিভাগসমূহ থাকিব৷ সংহত জিলা আয়ুক্তৰ কার্যালয় ভৱনটো এই বছৰৰ শেষৰফালে হৈ উঠিব৷ লোকনির্মাণ বিভাগৰ অভিযন্ত্রাসকলে জনোৱা অনুসৰি অহা অক্টোবৰৰ ভিতৰত নির্মাণকার্য শেষ কৰিবলৈ সক্ষম হ’ব৷ এই নতুন ভৱনটো হৈ উঠাৰ লগে লগে হেঙেৰাবাৰীৰ পৰা জিলা আয়ুক্তৰ কার্যালয় এই নতুন ভৱনটোলৈ স্থানান্তৰিত হ’ব আৰু হেঙেৰাবাৰীৰ জিলা আয়ুক্তৰ কার্যালয়ত দিছপুৰ উপ জিলাৰ কার্যালয় স্থাপন হ’ব৷ সেইদৰে খানাপাৰাত ৯৫ কোটি টকাৰে নির্মাণ কৰি থকা আৰক্ষী আয়ুক্তৰ কার্যালয় ভৱন সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৫ চনৰ ১৫ আগষ্টৰ পূর্বে এই প্রকল্পটো উদ্বোধন কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে৷ আনহাতে খানাপাৰাত নির্মাণ কৰি থকা ৫ হেজাৰ লোক বহিব পৰা প্রেক্ষাগৃহটো পৰিদর্শন কৰি মুখ্যমন্ত্রী ড০ শর্মাই পোনে পোনে শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নির্মাণ কৰি থকা ৮৫০ জন লোক একেলগে বহিব পৰা তৃতীয়টো প্রেক্ষাগৃহৰ নির্মাণ কার্যাৰ বুজ লয়৷ পৰিদর্শনৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই দুয়োটা প্রেক্ষাগৃহৰে নির্মাণকার্যৰ অগ্রগতিত সন্তোষ প্রকাশ কৰে আৰু এই প্রেক্ষাগৃহ দুটা সম্পূর্ণ হৈ উঠিলে গুৱাহাটীত বৃহৎ প্রেক্ষাগৃহৰ অভাৱ আঁতৰিব বুলি মন্তব্য কৰে৷ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নির্মীয়মান তৃতীয়টো প্রেক্ষাগৃহৰ নির্মাণ কার্য অহা বছৰৰ এপ্রিল মাহত সম্পূর্ণ হৈ উঠিব বুলি প্রকাশ কৰে৷

You might also like