নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত স্কুল বাছৰ বিৰুদ্ধে ব্যাপক অভিযান পৰিবহণ বিভাগৰ

🔹 ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ চূড়ান্ত হেতালি বিদ্যালয় কৰ্তৃপক্ষৰ

বিশেষ বাৰ্তা, ১ জুন : শনিবাৰে পুৱাই জনতা ভৱনৰ সন্মুখত নিয়ম নমনা স্কুল বাছৰ বিৰুদ্ধে তালাচী অভিযান চলালে পৰিবহণ বিভাগে। স্কুল বাছত পৰ্যাপ্ত সুবিধা আছে নে নাই, তাক পৰিবহণ বিভাগে তন্ন তন্নকৈ পৰীক্ষা কৰে। চি চি টিভি, ফাৰ্ষ্ট এইড বক্স, স্পীড লিমিট ডিভাইচকে ধৰি সকলো ব্যৱস্থা স্কুল বাছসমূহত আছে নে নাই, সেয়া পৰীক্ষা কৰে। ইতিমধ্যে প্ৰায় ৫০খন বাছৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে পৰিবহণ বিভাগে। ইয়াৰ ভিতৰত স্পীড লিমিট নমনা ১০খন বাছ জব্দ কৰিছে বিভাগে। অভিযানৰ নেতৃত্ব দিয়ে ডিটিঅ’ এনফৰ্চমেণ্ট বিষয়া হিমাংশু দাসে। তেওঁ কয়- স্কুল বাছসমূহক বিভিন্ন সময়ত সকীয়াই দি আহিছিলোঁ যে তেওঁলোকে চিবিএছইৰ গাইড লাইন মানি স্কুল বাছসমূহ চলাব লাগে। লগতে সময়ে সময়ে এইক্ষেত্ৰত সজাগতামূলক অনুষ্ঠানো কৰিছিলোঁ। কিন্তু ইমানৰ পিছতো একাংশ বিদ্যালয়ে এইসমূহ উলংঘা কৰি আহিছে। স্পীড লিমিটৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াৰ কথা কোৱা হৈছিল। প্ৰতি ঘণ্টাত ৪০তকৈ অধিক হ’ব নালাগে স্পীড। কিন্তু একাংশ শিক্ষা প্ৰতিষ্ঠানৰ স্কুল বাছে নিয়ম উলংঘা কৰা দেখিবলৈ পোৱা গৈছে। ছাত্ৰ-ছাত্ৰীৰ জীৱনৰ লগত খেলা কৰা দেখা গৈছে। স্কুল বাছ এখনত কি কি সুবিধা থাকিব লাগিব, এই সকলোবিলাক নিয়ম মানি চলিব লাগিব। তদুপৰি স্কুল বাছত এগৰাকী লেডী এটেনডেণ্ট থকাটো অত্যন্ত জৰুৰী। কিয়নো বাছখন চলি থকা সময়ত ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন অসুবিধা হ’ব পাৰে। বিশেষকৈ ছাত্ৰীৰ বাবে এগৰাকী মহিলা সহায়িকাৰ খুবেই প্ৰয়োজন। আনহাতে, স্কুল বাছসমূহে উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ মানি চলিব লাগে। চিলড্ৰেন প্ৰটেকচন এক্ট মানি স্কুল বাছসমূহ চলাব লাগে। কিন্তু ইমানৰ পাছতো একাংশ স্কুল বাছত লেডী এটেনডেণ্ট ৰখা নাই। চিচি কেমেৰা ৰাখিছে, কিন্তু স্কুলত মনিটৰিং কৰা নাই। এনেদৰে আজি কঠোৰ হোৱা দেখা গ’ল পৰিবহণ বিষয়াগৰাকীক। ইপিনে, আজিৰ এই অভিযানত গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ পোহৰলৈ আহিল ভয়ংকৰ বিসংগতি। স্পীড লিমিট নমনাকৈ নিজৰ খেয়ালখুচি মতে বাছ চলোৱাৰ বাবে ৮খনকৈ বাছ জব্দ কৰে। ইয়াৰ উপৰি স্কুল বাছকেইখনত নাই সুৰক্ষাৰ পৰ্যাপ্ত ব্যৱস্থা। ৩ দিনৰ ভিতৰত বাছকেইখন হাজিৰ কৰাব লাগিব বুলি পৰিবহণ বিষয়াগৰাকীয়ে সকীয়নি দিয়ে। একপ্ৰকাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে বিদ্যালয়খনে। চিবিএছইৰ গাইড লাইন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক ভেঙুচালি কৰি ব্যাপক বিসংগতিৰে প্ৰতিদিনে স্কুল বাছ চলাইছে এই শিক্ষা প্ৰতিষ্ঠানখনে। এই বিসংগতি ধৰা পেলোৱাৰ পিছতেই পৰিবহণ বিভাগে চলাচল বন্ধ কৰি দিলে শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ স্কুল বাছসমূহৰ। জিলা পৰিবহণ বিষয়াৰ স্পষ্ট সকীয়নি- ছাত্ৰ-ছাত্ৰীৰ জীৱনক লৈ কৰিব নোৱাৰিব ধেমালি। এনেদৰে এতিয়া গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত ব্যক্তিগত বিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ একাডেমীৰ স্কুল বাছ চলিছে। যিসমূহ এতিয়া ছাত্ৰ-ছাত্ৰীৰ বাবে একেবাৰেই উপযুক্ত নহয়। যিকোনো সময়ত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিব পাৰে অমানিশা।‌ গতিকে এইক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া হ’ব লক্ষণীয়।

You might also like