নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী বিশ্ববিদ্যালয় ৰ সমাৱর্তনত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দীক্ষান্ত সমাৰোহত বিভিন্ন পাঠ্যক্রমৰ ৩৫৯৩ গৰাকীক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী আৰু ১৪৮ গৰাকীক পিএইচডি ডিগ্রী প্রদান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ গুৱাহাটী বিশ্ববিদ্যালয় ৰ সমাৱর্তনত অংশগ্ৰহণ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বা–ত্রিংশতম সমাৱর্তনত ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচার্যৰ সৈতে অংশগ্রহণ কৰে৷ উল্লেখ্য যে, এই দীক্ষান্ত সমাৰোহত বিভিন্ন পাঠ্যক্রমৰ ৩৫৯৩ গৰাকী শিক্ষার্থীক  স্নাতক আৰু স্নাতকোত্তৰ ডিগ্রী আৰু ১৪৮ গৰাকী গৱেষকক  পিএইচডি ডিগ্রী প্রদান কৰা হয়৷ আনহাতে, আজিৰ এই দীক্ষান্ত সমাৰোহত বি বৰুৱা কর্কট প্রতিষ্ঠানৰ প্রাক্তন সঞ্চালক ডাঃ অমল চন্দ্র কটকীক অবৈতনিকভাৱে ডিএছচি, মুম্বাইস্থিত যশলক হাস্পতাল আৰু গৱেষণা প্রতিষ্ঠানৰ অনকচায়েন্সৰ সঞ্চালক ডাঃ তপন কুমাৰ শইকীয়াক অবৈতনিকভাৱে পিএইচডি আৰু অৰুণাচল প্রদেশৰ উপ–মুখ্যমন্ত্রী চৌনা মেইনক অবৈতনিকভাৱে পিএইচডি ডিগ্রী প্রদান কৰা হয়৷

মুখ্যমন্ত্রী ড০ শর্মাই সমাৱর্তনত ভাষণ প্রদান কৰি ডিগ্রী লাভ কৰা প্রতিগৰাকী শিক্ষার্থীলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰি কয় যে জীৱনৰ প্রতিটো সফলতাৰ আঁৰত নিজস্ব প্রচেষ্টাৰ লগতে শিক্ষাগুৰু তথা পৰিয়ালৰ কঠোৰ পৰিশ্রম আৰু ত্যাগ জড়িত হৈ থাকে৷  তেওঁ কয় যে ছাত্র–ছাত্রীসকলে বিভিন্ন ধৰণে নিজৰ শৈক্ষিক যাত্রাৰ এক অন্যতম মাইলৰ খঁুটি প্রতিষ্ঠা কৰি সমাৱর্তন অনুষ্ঠানত ডিগ্রী বা ডক্টৰেট লাভ কৰিবলৈ সক্ষম হৈছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী প্রাক্তন শিক্ষার্থী হিচাপে তেওঁ এই সমাৱর্তনত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰা বুলি ভাষণত মন্তব্য কৰে৷ যোৱা ২২ এপ্রিলত পাকিস্তানৰ সন্ত্রাসবাদীসকলে জন্মু আৰু কাশ্মীৰৰ পেহেলগামত   আক্রমণ কৰি নিৰীহ লোকক হত্যা কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীয়ে নিহতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ ভাষণ প্রসংগত সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজখন যাতে এক নির্ণায়ক পর্যায়লৈ লৈ যাব পৰা যায়, তাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বৰ প্রতি মুখ্যমন্ত্রীয়ে পূর্ণ আস্থা প্রকাশ কৰে৷ প্রধানমন্ত্রীৰ নেতৃত্বত শূন্য সহনশীল নীতিৰ জৰিয়তে শত্রু ৰাষ্ট্রসমূহক যোগ্য প্রত্যুত্তৰ দিব পৰা যাব বুলিও তেওঁ কয়৷

গুৱাহাটী বিশ্ববিদ্যালয় এ নতুন প্রত্যাশা আৰু দৃঢ় সংকল্পৰ মাজেৰে ৰাজ্যখনৰ শৈক্ষিক আকাশত আত্মপ্রকাশ কৰিছিল বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে  অসমৰ ৰাইজৰ আশা–আকাংক্ষা আৰু বহু সপোন বুকুত বান্ধি এই বিশ্ববিদ্যালয়খন গগ লৈ উঠিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা নতুন পদক্ষেপ সমূহে জন্ম লগ্ণতে গ্রহণ কৰা সপোনক আগুৱাই লৈ যাব বুলি উল্লেখ কৰি তেওঁ কয় যে সেই সপোন আৰু সংকল্প সিদ্ধিত পৰিণত হব৷ ভাৰতবর্ষৰ সভ্যতাই শিক্ষাক কেন্দ্রীয় স্থানত অলংকৃত কৰি আহিছে আৰু ভাৰতবর্ষৰ যাত্রা হল শৈক্ষিক, জ্ঞান আৰু আলোকৰ বুলি তেওঁ মন্তব্য কৰে৷ শিক্ষাৰ সৈতে জডিত আটাইবোৰ কলাক লৈ ৰাষ্ট্রখনে নিষ্চিতভাৱে এক বিকাশৰ দিশত গৈ আছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আজি ভাৰতবর্ষ সমগ্র বিশ্বৰ ভিতৰত পঞ্চম অর্থনৈতিক ৰাষ্ট্রত পৰিণত হৈছে৷ আজি ভাৰতবর্ষই বিজ্ঞান, সংসৃক্তি, কলা, ক্রীডা আৰু নতুন নতুন বিষয়সমূহৰ ক্ষেত্রত বিশ্বৰ ভিতৰতে বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে৷

মুখ্যমন্ত্রীয়ে কয় যে ভাৰতবর্ষৰ বিকাশৰ যাত্রাৰ সমান্তৰালভাৱে যোৱা দহটা বছৰত অসমে এক নতুন যুগত প্রৱেশ কৰিছে৷ বহু বছৰৰ পিছত ৰাজ্যখনে ধর্ণা, বন্ধ, আন্দোলন, বন্দুক, গুলী, গ্রেনেডৰ পৰিৱর্তে এক নতুন যুগত পদার্পন কৰিবলৈ আগবাঢ়িছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রীয়ে কয় যে বহু দিনৰ অন্ধকাৰৰ কলীয়া ডাঁৱৰবোৰ লাহে লাহে  ৰাজ্যখনৰ পৰা আঁাঁতৰি যাবলৈ আৰম্ভ কৰিছে৷ তেওঁ কয় যে আজি এনে এক পৃষ্ঠভূমি গঢ়ি উঠিছে যাৰ আলমত এখন নতুন অসম গঢ়ি তুলিব পৰা যায়৷

মুখ্যমন্ত্রীয়ে কয় যে যোৱা দহ বছৰত ৰাজ্যখনে বহু আভ্যন্তৰীণ শক্তি আহৰণ কৰিছে৷ ইয়াৰ ফলত মানুহৰ লগত মানুহৰ সম্পর্ক সুদৃঢ় হৈ পৰিছে আৰু জনগোষ্ঠীসমূহৰ মাজত আশা আৰু আকাংক্ষাৰ এক নতুন দিগন্ত, নতুন সপোনৰ বীজ ৰোপণ কৰাটো সম্ভৱ হৈ উঠিছে৷ তেওঁ লগতে কয় যে ৰাজ্যখনত  এটা সময়ত এনে এক পৰিৱেশ বিৰাজ কৰিছিল, যত সপোন দেখাৰ অৱকাশ নাছিল৷ ৰাজ্যখন অশান্ত জর্জৰ আছিল৷ ১৯৭৯ চনত আৰম্ভ হোৱা অসম আন্দোলনৰ পৰৱর্তী সময়ছোৱাত ৰাজ্যৰ অর্থনীতি ভাঙি এক বিপর্যয়ৰ সন্মুখীন হৈছিল৷ সন্ত্রাসবাদৰ সৈতে জডিত থকা সংগঠনসমূহে জনসাধাৰণৰ জীৱন বিপন্ন কৰি তুলিছিল বুলিও তেওঁ মন্তব্য কৰে৷

মুখ্যমন্ত্রীয়ে কয় যে এটা সময়ত নিজৰ জীৱন গগাৰ বাবে ছাত্র–ছাত্রীসকল ৰাজ্যৰ বাহিৰলৈ যাবলগীয়া হৈছিল৷ তেওঁ কয় যে অসম পূর্বতে কেন্দ্রীয় চৰকাৰৰ অনুদানৰ ওপৰত নির্ভৰশীল ৰাজ্য আছিল৷ স্বাধীনতাৰ পূর্বে অসম অৰিহণা যোগাব পৰা ৰাজ্য আছিল যদিও এটা সময়ত নির্ভৰশীল ৰাজ্যত পৰিণত হৈ পৰে৷ তেওঁ লগতে কয় যে এটা সময়ত ৰাজ্যখনৰ ভৱিষ্যৎ সন্দেহ আৰু অনিষ্চয়তাৰ মাজত নিমজ্জিত হৈ পৰিছিল৷ সমস্যাসমূহ সমাধানৰ বাবে কোনো ধৰণৰ প্রয়াস চলোৱা হোৱা নাছিল৷ বৰং কিছুসংখ্যক লোকে এনে পৰিস্থিতিৰ সুযোগ লৈ নিজৰ মুনাফা আদায় কৰিছিল৷ মুখ্যমন্ত্রীয়ে কয় যে বর্তমান ৰাজ্য চৰকাৰে কার্যকাল আৰম্ভ কৰাৰ পিছত  প্রত্যাহবানৰ মাজতো নতুন প্রজন্মই যাতে সপোন দেখিব পাৰে তেনে দিশত অগ্রগামী যাত্রা আৰম্ভ কৰা হৈছিল৷

আজি ৭ হাজাৰতকৈও অধিক উগ্রপন্থীয়ে ৰাষ্ট্রীয় জীৱনৰ মূল সুঁতিলৈ উভতি আহিছে৷ এতিয়া ৰাজ্যখনত আন্দোলন বিবর্জিত এক পৰিৱেশৰ সৃষ্টি হৈছে আৰু চাৰিওফালে থকা অশান্তি–সূয়া শক্তি বিলাকে নিজক পৰাজিত কৰা বুলি অনুভৱ কৰিলে৷ মুখ্যমন্ত্রীয়ে কয় যে টাটাৰ চেমি কণ্ডাক্টৰৰ দৰে প্রকল্পসমূহে এক নির্দিষ্ট বার্তা প্রেৰণ কৰিছে৷ অসম এতিয়া সপোন আৰু আশাক সংকল্পলৈ ৰূপান্তৰিত কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ অসম এতিয়া অৰিহনা  যোগোৱা ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ তেওঁ কয় যে অসম এতিয়া সূৰুযৰ নতুন পোহৰে স্নান কৰা শক্তিশালী ৰাজ্য৷ লুইতৰ পাৰ জিলিকাবলৈ অসম এতিয়া প্রস্তুত হৈ আছে৷ তেওঁ লগতে কয় যে অসম এখন নতুন দিনৰ সপোন দেখা ৰাজ্য হিচাপে পৰিগণিত হৈছে৷ অসমে এতিয়া এনে কল্পনা কৰে যে দুটা দশকৰ ভিতৰত কর্ণাটক, মহাৰাষ্ট্র আদিৰ দৰে উন্নত ৰাজ্যত পৰিগণিত হব৷ ছাত্র সমাজক নতুন পোহৰ দেখাৰ সপোন নির্মাণে সকলোকে অনুপ্রেৰণা প্রদান কৰিছে বুলিও তেওঁ মন্তব্য কৰে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিদ্যার্থী সমাজক আশাৰ অসমৰ প্রতিনিধিত্ব কৰিবলৈ আহবান জনাই মুখ্যমন্ত্রীয়ে কয় যে ছাত্র সমাজে প্রতিটো প্রত্যাহবানৰ সন্মুখীন হব পৰাকৈ নিজকে গিি তুলি লাগিব৷ তেওঁ লগতে কয় যে আবেগৰ পৰিৱর্তে বিবেকেৰে পৰিচালিত হব লাগিব৷ অসমে মহাকাশ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিঙৰ দৰে বিপ্লৱ গঢ়ি তুলি ভাৰতবর্ষক বিকাশৰ পথ দেখুৱাব লাগিব৷ মুখ্যমন্ত্রীয়ে কয় যে ছাত্র জীৱনত সকলোৱে সপোন দেখে৷ প্রতিটো সপোন সৃষ্টিৰ বাবে সপোন থাকিব লাগিব৷ যিবোৰ সপোনৰ সংকল্প আৰু সিদ্ধিয়ে জন্মভূমিক আগুৱাই লৈ যাব পাৰে৷

তেনে সপোনক ছাত্র সমাজে প্রতিনিধিত্ব কৰিব লাগিব বুলিও মুখ্যমন্ত্রীয়ে মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বুকুৰ মাজত অসমৰ জনসাধাৰণৰ আশা–আকাংক্ষা লুকাই আছে৷ এই শিক্ষানুষ্ঠানখনে অসমৰ নৱ জাগৰণক প্রতিনিধিত্ব কৰিব পাৰে৷ তেওঁ কয় যে শিক্ষক সমাজ ছাত্র–ছাত্রীসকলৰ বাবে প্রেৰণাৰ উৎস হব লাগে৷ মুখ্যমন্ত্রীয়ে কয় যে অসমে আজি পৰিৱর্তনৰ পথত আগুৱাই গৈছে৷ পৰিৱর্তিত অসমৰ অশ্বমেধ যাত্রাক গুৱাহাটী বিশ্ববিদ্যালয়ে আগুৱাই লৈ যাব লাগিব৷

মুখ্যমন্ত্রীয়ে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ক ৰাজ্যিক অথবা কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহ ওপৰত প্রতিষ্ঠা কৰাৰ সময় আহিছে৷ গুৱাহাটী বিশ্ববিদ্যালয়ে মহাকাশ বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা আদিৰ দিশত উপযুক্ত মানৱ সম্পদ গগাৰ সময় আহিছে বুলিও তেওঁ মন্তব্য কৰে৷ আধুনিক যুগত তক্ষশীলা, নালন্দা আদিৰ দৰে বিশ্ববিদ্যালয় গঢ়ি তোলাৰ দিশত মনোনিৱেশ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এনে প্রেক্ষাপটত একবিংশ শতিকাৰ উন্নয়নমুখী আন্দোলনৰ গুৰি ধৰিব লাগিব গুৱাহাটী বিশ্ববিদ্যালয়ে৷

তেওঁ কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ে এনে মানৱ সম্পদ নির্মাণ কৰিব লাগিব যাতে দেশৰ বিকাশত অর্থৱহ অৰিহণা আগববাব পাৰে৷ মুখ্যমন্ত্রীয়ে কয় যে নৱ জাগ্রত অসমক কোনেও অন্যায় কৰিব নোৱাৰে৷ তেওঁ কয় যে অসম আন্দোলনৰ পৃষ্ঠভূমি  আছিল গুৱাহাটী বিশ্ববিদ্যালয়৷ নতুন অসমক নির্মাণ কৰাৰ বাবে জ্ঞান আৰু বিজ্ঞানৰ আন্দোলনৰ পৃষ্ঠভূমি হিচাপেও গঢ়ি তোলাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ে নিজকে প্রস্তুত কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে আজি এনে ছাত্র–ছাত্রীৰ প্রয়োজন আছে যাৰ নতুন কিবা এটা কৰাৰ সপোন আছে৷ নতুন ধৰণে চিন্তা কৰাৰ যুৱক–যুৱতীৰ প্রয়োজন আছে বুলি উল্লেখ কৰি তেওঁ কয় যে অতিৰিক্ত কাম কৰাৰ মানসিকতা আহৰণ কৰিব লাগিব৷ ষ্টার্ট আপৰ জৰিয়তে সুপ্ত প্রতিভাক বিকশাই তুলিব পৰা ছাত্র–ছাত্রীৰ প্রয়োজনীয়তা আছে৷

তেওঁ কয় যে শৰীৰত লুকাই থকা আত্মাৰ শক্তিৰ কথা অনুধাৱন কৰিব পৰা বিদ্যার্থীৰ প্রয়োজনীয়তা আহি পৰিছে৷ উদ্ভাৱনীমূলক দিশত আগুৱাই যোৱাৰ দিশত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে প্রতিজন অসমীয়াই নতুন যুগৰ বাবে নিজকে প্রস্তুত কৰিব লাগিব৷ স্থিতাৱস্থাৰ পৰিৱর্তে অসমখনক ভাৰতবর্ষৰ ভিতৰতে সমৃদ্ধিশালী ৰাজ্য হিচাপে গিি তোলাৰ বাবে সপোন দেখিব লাগিব বুলিও তেওঁ মন্তব্য কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্র–ছাত্রীসকলৰ মাজত অপাৰ সম্ভাৱনীয়তা আছে৷ ছাত্র–ছাত্রীসকলক নতুন অসমৰ নেতৃত্ব লবলৈ নিজকে সাজু কৰিবলৈ তেওঁ আহবান জনায়৷ মুখ্যমন্ত্রীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ সর্বাংগীন বিকাশ আৰু উন্নয়নৰ বাবে পুঁজিৰ কোনো অভাৱ নহব বুলিও কয়৷ মুখ্যমন্ত্রীয়ে শিক্ষানুষ্ঠানখনৰ সুশৈক্ষিক মানদণ্ড গঢ়ি তোলাৰ বাবে আহবান জনায়৷ গুৱাহাটী বিশ্ববিদ্যালয়ে গোপীনাথ বৰদলৈৰ সপোন বাস্তৱত ৰূপায়ণ কৰিব লাগিব বুলিও তেওঁ কয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সর্বাংগীন উন্নয়নৰ বাবে অহা পাঁচ বছৰত প্রতিবছৰে এক নির্দিষ্ট বাজেটৰ মাজেৰে ২৫০ কোটি টকা এই শিক্ষানুষ্ঠানৰ বাবে আগবেোৱা হব বুলি তেওঁ প্রতিশ্রুতি প্রদান কৰে৷

আজিৰ এই অনুষ্ঠানত শিক্ষা আদি বিভাগৰ মন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ড০ ননীগোপাল মহন্ত, অসম চৰকাৰৰ মুখ্য সচিব ড০ ৰবি কোটা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শর্মা, বিশ্ববিদ্যালয়ৰ শ্রেণীসমূহৰ সচিব ডঙ্ম হেমন্ত কুমাৰ নাথ, টেৰিৰ সঞ্চালক প্রধান ড০ বিভা ধাৱান প্রমুখ্যে বিশ্ববিদ্যালয়খনৰ অধ্যাপক–ধ্যাপিকা, ছাত্র–ছাত্রী আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like