নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দীঘলীপুখুৰী পাৰত ভোগালী মেলাত পিঠা-পনাৰ সোৱাদ ল’লে মুখ্যমন্ত্রী ড০ শৰ্মাই

🔹 সকলোকে মিলিজুলি ভোগালী উৎসৱ পালনৰ আহ্বান

ষ্টাফ ৰিপ’ৰ্টাৰ, ১২ জানুৱাৰী : অসমীয়াৰ পদূলিত প্রাণৰ ভোগালী৷ এদিন পিছতে ভোগালীৰ উৰুকা৷ লগে-ভাগে এসাঁজ খাবলৈ ৰাজ্যজুৰি আৰম্ভ হৈছে প্রস্তুতি৷ কোনোবা যদি মেজি সজাত ব্যস্ত, আন কোনোবা আকৌ উৰুকাৰ ভোজৰ যোগাৰত ব্যস্ত৷ একপ্রকাৰ ৰাজ্যজুৰি এতিয়া উছৱমুখৰ পৰিৱেশ৷ ইয়াৰ মাজতে আজি গুৱাহাটীৰ দীঘলীপুখুৰী পাৰত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে আয়োজন কৰা ভোগালী মেলাত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ দুপৰীয়াৰ ভাগত মেলাৰ বাকৰিত উপস্থিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে অংশগ্রহণকাৰী প্রতিখন বিপণী পৰিদর্শন কৰে৷ লগতে দৈ, ক্রীম, গুড়, লাড়ু, পিঠা আদিৰো তেওঁ সোৱাদ লয়৷ প্রতিখন বিপণীৰ ব্যৱসায়ীসকলে মুখ্যমন্ত্রীগৰাকীক কাষত পাই উৎসাহিত হৈ পৰাৰ লগতে তেওঁক সম্বর্ধনাও জ্ঞাপন কৰে৷ ভোগালী মেলাত উপস্থিত হৈ মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে মেলালৈ আহি তেওঁৰ অত্যন্ত ভাল লাগিছে৷ তেওঁ কয়– ‘গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত ভোগালী মেলাৰ আয়োজন কৰা হৈছে৷ পৰম্পৰাগত খাদ্যসমূহ ইয়াত উপলব্ধ হৈছে৷ মই ভাবোঁ যে গুৱাহাটীত গৰমে গৰমে পিঠা প্রস্তুত কৰি খুৱালে অধিক লাভৱান্বিত হ’ব৷

মেলাসমূহত খাটি অসমীয়া খাদ্য উপলব্ধ হৈছে৷’ তেওঁ সকলোকে মিলিজুলি ভোগালী উৎসৱ পালন কৰিবলৈ আহ্বান জনায়৷ আনহাতে, ভোগালী বিহুৰ সময়ছোৱাত মুখ্যমন্ত্রীগৰাকীৰ পৰিকল্পনা সন্দর্ভত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত ড০ শর্মাই কয় যে প্রত্যেক বছৰতে তেওঁৰ ওচৰলৈ বহু লোকে মাছ লৈ আহে৷ এই মাছ তেওঁ গ্রহণ কৰি কোনোবা অনাথ আশ্রম অথবা বৃদ্ধাশ্রমলৈ পঠিয়াই দিয়ে৷ পুৱাৰ সময়ছোৱা তেনে ব্যস্ততাৰ মাজেৰেই প্রতিবছৰে পাৰ হয়৷ উৰুকাৰ দিনা পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰিব বুলিও তেওঁ সদৰী কৰে৷ উল্লেখ্য যে ভোগৰ উৎসৱ ভোগালীলৈ মাজত মাথোঁ এটা দিন৷ দেওবাৰে উৰুকা৷ সোমবাৰে মাঘ বিহুৰ পুৱাই মেজিৰ জুইত সেৱা লৈ অসমবাসীয়ে আশিস গ্রহণ কৰিব৷ সমাজৰ অসূয়া–অপ্রীতি দূৰ কৰি শান্তি-সমন্বয়ৰ বার্তাৰে মেজিত জুই দিব ৰাজ্যবাসীয়ে৷ ইতিমধ্যে ৰাজ্যৰ বজাৰসমূহ ভোগৰ সামগ্রীৰে উপচি পৰা পৰিলক্ষিত হৈছে৷ মাছ–মাংসৰ পৰা আৰম্ভ কৰি জহা চাউল, বৰা চাউল, বিভিন্ন প্রকাৰৰ চিৰা, নাৰিকল, তিল, দৈ, ক্রীম আদিৰে বজাৰ ভৰি পৰিছে৷ সমান্তৰালভাৱে গুৱাহাটীৰ বিভিন্ন স্থানত কেইবাখনো ভোগালী মেলা অনুষ্ঠিত হৈছে৷ য’ত পিঠা, সান্দহ, চিৰা, দৈ, লাড়ু, পিঠা, হুৰুম আদি উপলব্ধ হৈছে৷

You might also like