নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় কর্মচাৰীৰ সমহাৰত ৩ শতাংশ মৰগীয়া বানচ বৃদ্ধি ৰাজ্য চৰকাৰৰ

🔹 দীপাৱলীৰ প্রাকক্ষণত ৰাজ্যিক কর্মচাৰীৰ বাবে সুখবৰ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰ : দীপাৱলীৰ প্রাকক্ষণত ৰাজ্যিক কর্মচাৰী–পেন্সনাৰসকলৰ বাবে সুখবৰ৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত দিছপুৰত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে কেন্দ্রীয় চৰকাৰে কর্মচাৰী আৰু পেন্সনাৰসকলৰ বাবে মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্রহণৰ পাছত ৰাজ্য চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি কৰাৰ প্রস্তাৱত অনুমোদন জনায়৷ এই বৃদ্ধিৰ সৈতে ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ চলিত বর্ষৰ ১ জুলাইৰ পৰা কার্যকৰী হোৱাকৈ ৫৩ শতাংশ হ’ব৷ কেবিনেট বৈঠকৰ অন্তত এখন সংবাদ মেলযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ১ ডিচেম্বৰত ৰাজ্যিক কর্মচাৰী আৰু পেন্সনাৰসকলে লাভ কৰিবলগীয়া নৱেম্বৰ মাহৰ দৰমহা/পেন্সনৰ সৈতে বর্ধিত ৩ শতাংশসহ মুঠ ৫৩ শতাংশ মৰগীয়া বানচ লাভ কৰিব৷ বাকী চাৰি মাহৰ বকেয়া অহা ডিচেম্বৰ, জানুৱাৰী, ফেব্রুৱাৰী আৰু মার্চ মাহত চাৰিটা কিস্তিত ২৫ শতাংশকৈ আদায় দিয়া হ’ব৷ ৰাজ্য চৰকাৰৰ কর্মচাৰী আৰু পেন্সনাৰসকলৰ মৰগীয়া বানচ বৃদ্ধিৰ বাবে চৰকাৰৰ বছৰি অতিৰিক্ত ৮০.৫০ কোটি টকা ব্যয় হ’ব৷ সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দীপাৱলীৰ আগত ৰাজ্যিক কর্মচাৰীসকলৰ বাবে এয়া এক সুখবৰ৷ তদুপৰি চলিত অক্টোবৰ মাহৰ দৰমহা–পেন্সন আজিৰ পৰা আদায় দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ দীপাৱলীৰ পৰিপ্রেক্ষিতত এইবাৰ চৰকাৰী কর্মচাৰী আৰু পেন্সনাৰসকলে তিনি দিন পূর্বেই দৰমহা–পেন্সনৰ ধন লাভ কৰিব৷

You might also like