🔹 পীয়ূষ হাজৰিকাই সপোন দেখাৰ সাহস কৰিছিল বাবে জাগীৰোডৰ জীৱনলৈ পৰিৱর্তন আহিছে : ড০ শর্মা
ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ ডিচেম্বৰ : ‘বিকাশৰ এটা দিন’ কার্যসূচীৰে জাগীৰোডত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি অঞ্চলটোৰ উন্নয়নত এক নতুন মাত্রা প্রদানেৰে ১১৪.১৭ কোটি টকা ব্যয়সাপেক্ষে পাঁচটা প্রকল্পৰ শুভ উদ্বোধন কৰে ৷ জাগীৰোডত ৮৫.৯৬ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা ৰে’লৱে উৰণ সেতু, ৯.৫ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলা, ১.৯৫ কোটি টকা ব্যয়সাপেক্ষে নির্মিত জাগীৰোড উন্নয়ন প্রাধিকৰণৰ স্থায়ী কার্যালয়, ৭.২০ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ কৰা ৭৫০খন আসনযুক্ত ক্রীড়া সন্থাৰ প্রেক্ষাগৃহ আৰু ৯.৫৬ কোটি টকা ব্যয়সাপেক্ষে তৰঙা বিলৰ সৌন্দর্যবর্ধন আৰু বিলৰ পাৰত নির্মাণ কৰা চাইকেল ট্রেকৰ মুখ্যমন্ত্রী ড০ শর্মাই শুভ উদ্বোধন কৰে৷ আনহাতে, আজিৰ জাগীৰোড ভ্রমণৰ সময়ছোৱাতে মুখ্যমন্ত্রী ড০ শর্মাই জাগীৰোড থানা চৌহদত তথ্য আৰু জনসংযোগ বিভাগৰ এখন এল ই ডি বিল ব’র্ডো মুকলি কৰে৷ এই উপলক্ষে জাগীৰোড কাগজ নগৰ খেলপথাৰত আয়োজিত ৰাজহুৱা সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই মৰিগাঁও জিলা আধ্যাত্মিক, সাংস্কৃতিক আৰু প্রাকৃতিকভাৱে অতি সমৃদ্ধ অঞ্চল বুলি উল্লেখ কৰি কয় যে এই অঞ্চলৰ ঐতিহাসিক স্থানসমূহে ইয়াৰ চহকী ঐতিহ্যক প্রতীয়মান কৰে৷ শিলচাঙৰ খলা ৰজাৰ কীর্তিচিহ্ণসমূহে অঞ্চলটোৰ ঐতিহাসিক ৰাজকীয় শাসন ব্যৱস্থাৰ নিদর্শন দাঙি ধৰে৷ গোভা ৰজা আৰু ৰাজ পৰিয়ালৰ স্মৃতি বিজড়িত এই অঞ্চলটোত প্রতি বছৰে অনুষ্ঠিত জোনবিল মেলাই অসমৰ প্রাচীন পৰম্পৰা, গৰিমামণ্ডিত ইতিহাসৰ কথা সোঁৱৰাই দিয়ে৷ বিনিময় প্রথাৰে বয়–বস্তু ক্রয়-বিক্রয় কৰা, গোভা ৰজাৰ দৰবাৰ আদিয়ে এই মেলাৰ অনন্য বৈশিষ্ট্যৰে অঞ্চলটোক মহীয়ান কৰি ৰাখিছে৷ জাগীৰোড সমষ্টিৰ পবিতৰা অভয়াৰণ্য ৰাজ্যৰ পর্যটন ক্ষেত্রত অন্যতম আকর্ষণৰ স্থলী৷ তেনেদৰে মায়ং হৈছে প্রত্নতাত্ত্বিক সমলৰাজিৰে সমৃদ্ধ আৰু মায়ঙৰ ঠায়ে ঠায়ে থকা কীর্তিচিহ্ণসমূহৰ ভিতৰত কাছশিলা পাহাৰৰ ওপৰত থকা মন্দিৰ, কানাই বৰশী বোৱা শিল, গোৱর্দ্ধন পাহাৰৰ বর্ণনাৰ লগতে পঞ্চ পাণ্ডৱৰ স্বর্গ যাত্রাৰ পদচিহ্ণ থকা পাহাৰৰ বর্ণনা ইত্যাদি অনেক জনশ্রুতিৰে অঞ্চলটো পূর্ণ হৈ আছে৷ এছিয়াৰ সর্ববৃহৎ শুকান মাছৰ বজাৰখনে অর্থনৈতিক দিশত প্রভূত বৰঙণি যোগাই আহিছে৷ জাগীৰোড অঞ্চলৰ মন্দিৰসমূহে আধ্যাত্মিক দিশ শক্তিশালী কৰি অহাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গোভা ৰজাই পূজা–পাতল কৰা দেওশাল মন্দিৰ ধর্মীয় পর্যটকৰ বাবে এক আকর্ষিত স্থানলৈ পৰিগণিত হৈছে৷ সীতাজখলা দুগ্ধ উৎপাদনৰ এক চিনাকি নাম আৰু ঘৰুৱা অর্থনীতিৰ এক গুৰুত্বপূর্ণ অংগ৷ অসমীয়া সাহিত্য জগতৰ কাণ্ডাৰী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মস্থান হৈছে জাগীৰোড সমষ্টিৰে অন্তর্গত আঁহতগুৰি আৰু অসমীয়া ভাষা সাহিত্যৰ জগতলৈ উল্লেখনীয় বৰঙণি আগবঢ়াই যোৱা ঊনবিংশ শতিকাত এইগৰাকী মহান সাহিত্যিক অসমবাসীৰ বাবে সদায় প্রাতঃস্মৰণীয়৷
ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বছৰৰ পৰা আগৰ দৰে আঁহতগুৰিৰ ম’হ যুঁজ মাঘৰ বিহুত আৰম্ভ কৰা হ’ব আৰু এইক্ষেত্রত থকা সকলো বাধা–নিষেধ চৰকাৰে প্রত্যাহাৰ কৰিছে৷ সেইদৰে জাগীৰোড কাগজ কল বন্ধ হৈ পৰাত অঞ্চলটোৰ জনসাধাৰণৰ মাজত বেদনাৰ চাপ পেলাইছিল৷ বর্তমানৰ ৰাজ্য চৰকাৰে বন্ধ হৈ পৰা জাগীৰোড কাগজ কলৰ সমস্যা সমাধানৰ বাবে প্রয়াস চলাইছিল আৰু জাগীৰোড আৰু কাছাৰ কাগজ কলৰ বাবে ৰাজ্য চৰকাৰে ৮১০ কোটি টকা ব্যয় কৰি কর্মচাৰীৰ সমস্যা সমাধানৰ দিশত উদ্যোগ লৈছিল৷ এই কাগজ কলৰ বহুকেইজন যুৱক–যুৱতীক চৰকাৰী চাকৰি প্রদান কৰা হৈছে৷ জাগীৰোডে এতিয়া নতুন দিনৰ নতুন বিকাশৰ বাবে অপেক্ষা কৰি আছে৷ কিছুদিনৰ ভিতৰতে জাগীৰোডলৈ অসমৰ সর্ববৃহৎ বিনিয়োগৰ ভাল খবৰ আহিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাগীৰোডলৈ আহিবলগীয়া বিকাশে এই অঞ্চলটোকে ধৰি মধ্য অসমৰ প্রতিচ্ছবিৰ সম্পূর্ণৰূপে পৰিৱর্তন ঘটাব৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জাগীৰোডৰ বহু বিধায়ক হ’ল৷ কিন্তু জাগীৰোডৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলাটো সদায় তেনেদৰেই পৰি আছিল৷ জাগীৰোডৰ যে পৰিৱর্তন হ’ব পাৰে, কোনেও চিন্তা কৰা নাছিল৷ আজি সমষ্টিটোৰ বিধায়ক তথা মন্ত্রী পীয়ূষ হাজৰিকাই সেই সপোন দেখিবলৈ সাহস কৰিছিল বাবে আজি জাগীৰোডৰ জীৱনলৈ পৰিৱর্তন আহিছে৷ সপোন দেখাৰ সাহস লাগিব আৰু সপোন দেখাৰ বাবে জাগীৰোডৰ ৰাইজৰ আশীর্বাদ লাগিব৷ ১১৪ কোটি টকা এটা দিনত জাগীৰোডৰ মানুহে আগতে কেতিয়াও পোৱা নাছিল৷ আগতে তেনে পৰিৱেশ নাছিল৷ আজি অসমত পৰিৱেশ নির্মাণ হৈছে৷ পৰিৱেশ হৈছে বাবেই মৰিগাঁৱৰ দৰে স্থানতো মেডিকেল কলেজ নির্মাণৰ বাবে চৰকাৰে চিন্তা কৰিব পাৰিছে৷ আজি পৰিৱেশ নির্মাণ হৈছে বাবেই জাগীৰোডত বৃহৎ উদ্যোগৰ সপোন দেখিব পাৰিছো৷ মই যেতিয়া ব্রহ্মপুত্রৰ তলেৰে সুৰংগ পথ হ’ব বুলি কৈছিলোঁ, তেতিয়া মানুহে হাঁহিছিল৷ কিন্তু এতিয়া হোৱাটো নিশ্চিত হৈ গ’ল৷ মই যেতিয়া নতুন নতুন আঁচনিৰ কথা কওঁ, তেতিয়া মানুহে কেনেকৈ সম্ভৱ বুলি কয়৷ কিন্তু অসমৰ মানুহৰ আশীর্বাদ থাকিলে অসম্ভৱকো সম্ভৱ আৰু দিনকো ৰাতি কৰাৰ শক্তি আমাৰ আছে৷ শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকন জিকিব বুলি কোনেও ভবা নাছিল৷ কিন্তু লাচিত বৰফুকনে যুদ্ধত জয়ী হৈ প্রমাণ কৰিছিল অসমে সকলো কৰিব পাৰে৷ আমিও সেই নতুন দিনৰ বাবে সাজু হ’ব লাগিব৷ অনাগত ২০২৪ বর্ষটো অসমৰ বাবে সুন্দৰ আৰু সমৃদ্ধিশালী হোৱাৰ কামনা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ২০২৪ চনত প্রধানমন্ত্রী নৰেন্দ্র মোদী তৃতীয়বাৰৰ বাবে দেশৰ প্রধানমন্ত্রী হ’ব৷ আমাৰ ৰাজ্যখনত আৰু দেশখনত গৌৰৱৰ নতুন গাথা লৈ কঢ়িয়াই লৈ যাব৷ আজি আমাৰ কল্পনা সীমিত নহয়, আজি আমি চন্দ্রলৈও যাব পাৰোঁ৷ জি–২০ৰ সভাও আমি আজি ভাৰতত কৰিব পাৰোঁ৷ আজি ভাৰতৰ প্রধানমন্ত্রী আমেৰিকাত গ’লে আমেৰিকাৰ সংসদে থিয় হৈ আমাৰ প্রধানমন্ত্রীক অভিবাদন কৰে৷ এয়া নতুন ভাৰত, এয়া নতুন অসম৷ ২০২৪ চনত সেই নতুন ভাৰত, নতুন অসমৰ সংকল্পক আৰু অধিক শক্তিশালী হওক৷ বিকশিত ভাৰত, বিকশিত অসম, আত্মনির্ভৰশীল ভাৰত, আত্মনির্ভৰশীল অসমৰ নতুন গাঁথা নির্মাণ হওক৷
ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে যেতিয়া অসমত বন্ধ–ধর্ণা–পিকেটিঙৰ পৰিৱর্তে খেল মহাৰণ হয়, শোভাযাত্রাৰ পৰিৱর্তে অমৃত কলহ যাত্রা হয়, কার্যালয়ত ধমক দি আন্দোলন কৰাৰ পৰিৱর্তে সাংস্কৃতিক মহাৰণ আৰম্ভ হয়, সেই সময়ত তেওঁ গৌৰৱ অনুভৱ কৰে৷ এইখন অসমৰ ১১ হাজাৰ যুৱক–যুৱতীয়ে যেতিয়া বিহু নাচি গীনিজ ৱর্ল্ড বুকত ৰেকর্ড কৰে, ডেৰ কোটি গছপুলি ৰোপণ কৰি গীনিজ ৱর্ল্ড বুকত অসমৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয়, তেওঁ তেতিয়া গৌৰৱ অনুভৱ কৰে৷ এইখন অসম নতুন অসম, বিকশিত অসম, পৰিৱর্তনৰ অসম বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইখন অসম যদি আমি জীয়াই ৰাখিব লাগে, এইখন অসমক যদি আমি সংৰক্ষণ কৰিব পাৰোঁ, আমি ভাৰতৰ সকলো প্রদেশক পিছুৱাই থৈ পাঁচখন ৰাজ্যৰ ভিতৰত এখন সর্বশ্রেষ্ঠ ৰাজ্য হিচাপে আমি নির্মাণ কৰিব পাৰিম৷ অসমত সকলো সম্ভৱ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– এইখন ৰত্নগর্ভৰ অসম৷ ইয়াত সকলো সম্ভৱ৷ কেৱল লাচিত বৰফুকনে মোগলক হৰুৱাবৰ কাৰণে যিদৰে সংকল্প লৈছিল, আমিও লাচিত বৰফুকনৰ দৰে সংকল্প ল’ব লাগিব৷ এয়া নতুন অসম৷ ধর্ণা, ধর্মঘট আন্দোলনে একো ফল নিদিয়ে৷ যোৱা ২০ বছৰে অসমখনক বোমা, গুলী, বাৰুদেৰে অন্য ৰাজ্যলৈ লৈ যোৱা হৈছিল৷ আজি অসমখন উভতি আহিছে৷ যোৱা দুটা দশকত আমি অসমখন নষ্ট কৰি পেলালোঁ৷ বর্তমানৰ ৰাজ্য চৰকাৰে অসমক শান্তি আৰু প্রগতিৰ এক দ্বীপলৈ ৰূপান্তৰ কৰাৰ বাবে কাম হাতত লৈছে৷ অসমৰ জনসাধাৰণে আন্দোলন বিবৰ্জিত এক শান্তিপূর্ণ পৰিৱেশ গঢ় দিয়াৰ বাবেই এয়া সম্ভৱ হৈছে৷ ব্যক্তিয়ে সমাজৰ ভৱিষ্যৎ নির্মাণ নকৰে৷ বৰং সমাজে সমাজৰ ভৱিষ্যৎ নির্মাণ কৰে৷ আগন্তুক ১০ বছৰলৈ এনে শান্তিপূর্ণ পৰিৱেশ বিৰাজ কৰি থাকিলে অসমখনে দেশৰ সর্বশ্রেষ্ঠ পাঁচ ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত হ’ব৷ যোৱা নির্বাচনৰ সময়ত এক লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰিত নিযুক্তিৰ যি প্রতিশ্রুতি প্রদান কৰা হৈছিল, সেই প্রতিশ্রুতিৰ আধাৰতে বর্তমানলৈকে ৯০ হাজাৰ যুৱক–যুৱতীক নিযুক্তি দিয়া হৈছে৷ ৰাজ্য চৰকাৰে এতিয়া নতুনকৈ ৪০ হাজাৰক নিযুক্তি প্রদানৰ পথত আগবাঢ়িছে৷ চৰকাৰী চাকৰি প্রদানৰ সমান্তৰালভাৱে যুৱক–যুৱতীসকলে যাতে আত্মনির্ভৰশীল হ’ব পাৰে আৰু অসমত ঔদ্যোগিকীকৰণৰ বাতাৱৰণ নির্মাণ কৰিব পাৰে তাৰ বাবে বেংকত কোনো বন্ধকী দিব লগা নোহোৱাকৈ চৰকাৰৰ পৰা পোনে পোনে দুই লাখ টকাৰ সাহায্য প্রদানৰ আন এখন আঁচনিও ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ অহা বর্ষৰ ১২ জানুৱাৰীৰ পৰা ৭ দিনৰ ভিতৰত ১০ লাখ পৰিয়ালক বিনামূলীয়া ৰেচন কার্ড প্রদান কৰা হ’ব৷ ৰেচন কার্ডৰ লগতে আয়ুস্মান ভাৰত, আয়ুস্মান অসমৰ এখন কার্ড প্রদান কৰা হ’ব যাতে অসমৰ চিকিৎসা মহাবিদ্যালয়, জিলা চিকিৎসালয় আৰু নির্বাচিত ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে৷ অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১৯ লাখ হিতাধিকাৰীৰে আৰম্ভ হোৱা আঁচনিখনে সম্প্রতি ২৭ লাখ হিতাধিকাৰীক সামৰি ল’বলৈ সক্ষম হৈছে৷ আগন্তুক সময়ত নতুন হিতাধিকাৰী সামৰি লোৱাৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব যাতে অসমৰ প্রতিটো দুখীয়া পৰিয়ালে অৰুণোদয়ৰ সুবিধা লাভ কৰিব পাৰে৷ সেইদৰে ৪০ লাখ আত্মসহায়ক গোটৰ সদস্যাক ১০ হাজাৰ টকাকৈ প্রদান কৰিব, যাতে মহিলা সমাজে অর্থনৈতিক উন্নয়নৰ দিশেৰে আগুৱাই যাব পাৰে৷ দুখীয়া দৰিদ্র মানুহৰ উন্নয়নৰ লগে লগে অসমৰ যাতে সমৃদ্ধ বিকাশ হয় তাৰ বাবে অসম চৰকাৰে নিৰন্তৰভাৱে কাম কৰি অহাৰ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম চৰকাৰে ৰাজ্যখনৰ বহুমুখী উন্নয়নৰ বাবে কর্মযজ্ঞত লিপ্ত হৈছে৷ ব্রহ্মপুত্র নৈৰ ওপৰেৰে মৰিগাঁও আৰু দৰং সংযোগ কৰি এখন নতুন দলং নির্মাণ কৰা সন্দর্ভত চিন্তা–চর্চা কৰিছে৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এলিভেটেড ক’ৰিডৰ নির্মাণ, গহপুৰ–নুমলীগড় সংযোগ কৰি ব্রহ্মপুত্রৰ তলেৰে সুৰংগ নির্মাণ, গুৱাহাটী ৰিং–ৰোড আদিকে ধৰি বহু প্রকল্প বিগত আঢ়ৈ বছৰীয়া কার্যকালত দ্রুত গতিত আগুৱাই নিছে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই জাগীৰোড চহৰৰ নলা–নর্দমা আদি নির্মাণৰ বাবে ৰাজ্য চৰকাৰে ৫০ কোটি টকাৰ আঁচনিৰ কথা ঘোষণা কৰাৰ লগতে জাগীৰোডত এটা নতুনকৈ অগ্ণিনির্বাপক কেন্দ্র স্থাপন, জাগীৰোডৰ ভাগ্রাৰ পৰা আমচৈলৈ অসমমালাৰ অধীনত ৬৬ কোটি টকা ব্যয়েৰে পথ নির্মাণ, জাগীৰোড সমষ্টিত মৰিগাঁও চিকিৎসা মহাবিদ্যালয় নির্মাণৰো ঘোষণা কৰে৷ মৰিগাঁও চিকিৎসা মহাবিদ্যালয়খন অহা দুবছৰৰ ভিতৰত ৰাইজৰ সেৱাৰ বাবে মুকলি কৰা হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত জলসম্পদ, তথ্য আৰু জনসংযোগ, সংসদীয় পৰিক্রমা বিভাগৰ মন্ত্রী তথা স্থানীয় বিধায়ক পীয়ূষ হাজৰিকা, জলসিঞ্চন মন্ত্রী অশোক সিংহল, মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্রী কেশৱ মহন্ত, বিধায়ক ৰমাকান্ত দেউৰী, ৰূপক শর্মা, শশীকান্ত দাস, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য জীৱন কোঁৱৰ, জিলা আয়ুক্ত দেৱাশীষ শর্মা, জাগীৰোড উন্নয়ন প্রাধিকৰণৰ অধ্যক্ষ দিব্যজ্যোতি নেওগ আদি উপস্থিত থাকে৷