নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰত ১৩৭০ কোটি টকাৰ কেইবাটাও প্ৰকল্প মুকলি মুখ্যমন্ত্ৰীৰ

🔹 ৩২খন চাহ বাগিচালৈ চৰকাৰী এম্বুলেঞ্চ
নিয়মীয়া বাৰ্তা, ১০ মাৰ্চ : বিগত সময়ত অসমত উন্নয়ন আজিৰ দৰে হোৱা কেতিয়াও দেখা নাছিল। অসমত এটা দিন আছিল, ৰাইজে সাংসদ-বিধায়কৰ পুঁজিৰ ৫০ হাজাৰ, এক লাখ টকাৰ বাবে তেওঁলোকৰ ঘৰলৈ যাব লগা হৈছিল। এহেজাৰ কোটি টকাৰ কাম একেলগে এইখন অসমত কেতিয়াও হোৱা দেখা নাছিল আৰু এতিয়া একেদিনতে ৯০ হাজাৰ কোটি টকাৰ কাম হৈছে।- আজি শোণিতপুৰ ঘোঁৰামাৰী খেলপথাৰত আয়োজিত বিকাশ যাত্ৰাৰ জনসভাক সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত লগতে কয়- বিকাশ যজ্ঞ যোৱা বছৰ ২৫ হাজাৰ কোটি টকাৰে আৰম্ভ কৰিছিল। ৰাজ্যখনত যোৱা মাহৰ ২৯ তাৰিখৰ পৰা ২৩ হাজাৰ কোটি টকাৰ বিভিন্ন আচনিৰ শুভ উদ্বোধন বা আধাৰশিলা কৰা হয়। ইয়াৰে শোণিতপুৰত ১৩৭০ কোটি টকাৰ বিভিন্ন আঁচনিৰ শুভ উদ্বোধন অথবা আধাৰশিলা অহা ১৪ তাৰিখলৈ কৰাৰ সিদ্ধান্ত লোৱা বুলি সদৰী কৰি আজি বৰছলা সমষ্টিৰ চিতলমাৰীত ৩৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা আৱাসিক বিদ্যালয় শুভ উদ্বোধন কৰাৰ লগতে ধুবুৰীৰ পৰা ঢেকীয়াজুলি আৰু কালিস্তানৰ পৰা গুপ্তেশ্বৰ পৰ্যন্ত ১৪৮ কোটি ব্যয়েৰে অসম মালাৰ অধীনত নিৰ্মাণ কৰা পথটি শুভ উদ্বোধন কৰাৰ উপৰি বৰছলাত পুৱা ৩শ কোটি টকাৰে স্থাপন কৰিবলগীয়া ৮৬৪ বিঘা ভূমিত ৫০ মেগাৱাট সৌৰশক্তি উৎপাদনৰ প্ৰকল্পৰ আধাৰশিলা কৰাৰ উপৰি ২৯ কোটি টকাৰে ১৩টা নতুন পথৰ আধাৰশিলা কৰা বুলি ভাষণত সদৰী কৰে। ইফালে, মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণত জিলাখনত ৰূপায়ণ কৰিব বিচৰা বিভিন্ন আঁচনি সন্দৰ্ভত দাঙি ধৰি শোণিতপুৰত ৫৫ কোটি টকা ব্যয়ৰে ৪৬খন পানী যোগান আঁচনি, স্বদেশ দৰ্শন আঁচনি ৩ কোটি ব্যয়ৰে পৰ্যটনৰে জড়িত বিভিন্ন আঁচনি ৰূপায়ণ কৰিব। ঢেকীয়াজুলি সমষ্টিত ৩৫ কোটি টকা ব্যয়ৰে চৰকাৰী পলিটেকনিক আৰু আই টি আইৰ উৎকৰ্ষতাৰ কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা, ভোটপাৰাত ১০ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা ষ্টেডিয়ামৰ শুভ উদ্বোধন কৰে। একেদৰে ৰঙাপৰা সমষ্টিৰ বালিপৰাত নিৰ্মাণ কৰা নতুন মহাবিদ্যালয়ৰ শুভ উদ্বোধন কৰাৰ লগতে ৪৬ কোটি টকাৰে ২৭টা পথ নিৰ্মাণৰ আধাৰশিলা কৰে। তেজপুৰ সমষ্টিৰ পৰুৱা চাৰিআলিৰ পৰা তেজপুৰ বিশ্ববিদ্যালয়লৈ পথছোৱা অসম মালাত সুন্দৰকৈ নিৰ্মাণৰ বাবে আধাৰশিলা কৰে।  শোণিতপুৰৰ বিভিন্ন পথৰ উন্নয়নৰ বাবে ৪৩ কোটি টকা, তেজপুৰত পানী যোগান আঁচনিৰ বাবে ৩৩ কোটি টকাৰ পানী যোগান আঁচনি, তেজপুৰ থানাত ৭ কোটি টকাৰে ১৬টা ইউনিটৰ আৱাসিক গৃহ, গাভৰু নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ১৩ কোটি টকাৰ নতুন প্ৰকল্প আৰু তেজপুৰ সমষ্টিত ৪০ কোটি টকা ব্যয়ৰে ৪০টা নতুন পথৰ আধাৰশিলা কৰে। চতিয়া নদুৱাৰ সমষ্টিৰ নাগশংকৰত ১০ কোটি টকা ব্যয়ৰে ইন্দোৰ ষ্টেডিয়ামৰ শিলান্যাস কৰাৰ লগতে ১৫৭ কোটি টকা ব্যয়ৰে ৩০ নতুন পথৰ আধাৰশিলাৰে বিকাশ যজ্ঞৰ কাম আজিৰে পৰা আৰম্ভ কৰা বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ঘোষণা কৰে। উন্নয়নৰ প্ৰতিচ্ছবি দাঙি ধৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমত ২৩ হাজাৰ কোটি টকাৰ কামৰ লগতে অসমলৈ কালি অহা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ হাজাৰ কোটি টকাৰ উপহাৰ অসমবাসীক দিয়াৰ উপৰি কিছুদিন পূৰ্বে অসমলৈ অহা প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণৰ বাবে ১৬ হাজাৰ কোটি টকাৰ উপহাৰ দিয়া বুলি প্ৰধানমন্ত্ৰীক প্ৰশংসা কৰে। তেওঁ আৰু কয় যে অহা ১৩ মাৰ্চত ভাৰ্চুৱেলী জাগীৰোডত ৩০ হাজাৰ কোটি টকা ব্যয়ৰে স্থাপন কৰিবলৈ উলিওৱা প্ৰথমটো ছেমি কন্ডাক্টৰ ইউনিটৰ উদ্বোধন কৰিব। অসমত যোৱা ৪০ দিনত ৮৭ হাজাৰ কোটি টকাৰ কাম হোৱা বুলি উল্লেখ কৰি অসমৰ চাহ বাগিচাত এশখন নতুন বিদ্যালয়ৰ আধাৰশিলা, তিনিশখন হাইস্কুলত ৮ কোটি টকা ব্যয় কৰি সুন্দৰকৈ নিৰ্মাণ কৰি কৰ্মযজ্ঞ আৰম্ভ কৰিছে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ সময়ত তেজপুৰ-জামুগুৰি চাৰিশৰীয়া পথ নিৰ্মাণে দূৰত্ব আৰু সময় হ্ৰাস কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ভাৰ্চুৱেলী শুভ উদ্বোধন কৰে। একেদৰে তেজপুৰ মিছন চাৰিআলিত উৰণীয়া সেতু তীব্ৰ গতিত চলি থকা বুলি কয়। শোণিতপুৰৰ ৩২খন চাহ বাগিচালৈ আজি আনুষ্ঠানিকভাৱে এম্বুলেন্স আগবঢ়োৱা হয়। দুবছৰ আঠ মাহ আগতে এই চৰকাৰ গঠন হোৱা বুলি দাঙি ধৰি ৮ মাহ কভিডৰ সৈতে যুঁজ-বাগৰ কৰিয়ে যোৱা বাকী দুটা বছৰত ৰাজ্যৰ সৰ্বাংগীণ উন্নয়ন সাধন কৰিবলৈ সক্ষম হোৱা বুলি কয়। অন্যান্য ৰাজ্যৰ শিৱাজী মহাৰাজ, বল্লভভাই পেটেলৰ দৰে অসমতো বীৰ লাচিতৰ ১২৫ ফুট উচ্চতাৰ  প্ৰতিমূৰ্তি প্ৰধানমন্ত্ৰীয়ে উন্মোচন কৰা বুলি উল্লেখ কৰে। আজিৰ বিকাশ যাত্ৰাৰ সভাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহল, সাংসদ পল্লৱ লোচন দাস, বিহালীৰ বিধায়ক ৰঞ্জিত দত্ত, চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা, তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী, এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, সুদৰ্শন ঠাকুৰ,  জিলা সভানেত্ৰী মৰমী শইকীয়া, ডলী চুৰিন উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদী তৃতীয়বাৰৰ প্ৰধানমন্ত্ৰী হোৱাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰি শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰক্ষেপিত প্ৰাৰ্থী ৰঞ্জিত দত্তক বিপুল ভোটত জয়ী কৰোৱাৰ আহ্বান জনায়।
You might also like