🔹 লংকেশ্বৰ ধামৰ বাট-পথ, খোৱাপানীকে ধৰি সকলো সমস্যা শীঘ্ৰে সমাধানৰ আশ্বাস
মহানগৰ বাৰ্তা, ১৭ ডিচেম্বৰ : গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ জালুকবাৰীৰ কাষৰীয়া ঐতিহাসিক শ্ৰীশ্ৰী লংকেশ্বৰ ধামত পূৰ্বৰ শিৱ মন্দিৰটোত ভক্ত-দৰ্শনাৰ্থীৰ বৰ্ধিত ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰাইজৰ দান-বৰঙণিৰে সকলো সা-সুবিধা উপলব্ধ হোৱাকৈ আটকধুনীয়াকৈ নতুনকৈ নিৰ্মাণ কৰা হৈছে এটা ডাঙৰ শিৱ মন্দিৰ। আজি পুৱাৰ ভাগত কেইবাশ ভক্তৰ উপস্থিতিত মাংগলিক কাৰ্যৰ মাজেৰে নৱনিৰ্মিত শিৱ মন্দিৰটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই উপলক্ষে শ্ৰীশ্ৰী লংকেশ্বৰ ধাম আঞ্চলিক পৰিচালনা কমিটীৰ সভাপতি কামিনী কান্ত কলিতাৰ আদৰণী ভাষণেৰে শুভাৰম্ভ হোৱা অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আধুনিকতাৰ কবলত পৰি সমাজলৈ বিভিন্ন দিশত বহু ক্ষেত্ৰত প্ৰত্যাহ্বান আহিলেও আমাৰ ভাৰতীয় সনাতন সভ্যতা-সংস্কৃতিৰ মাজেৰে তাক সমাধান কৰিব পাৰি বুলি সদৰী কৰি কয়- পিতৃ-মাতৃয়ে সন্তানক সৰুৰে পৰা ধৰ্ম, আধ্যাত্মিকতাৰ লগত জড়িত কৰিব লাগে। আধ্যাত্মিকতাৰ লগত জড়িত সন্তান সাধাৰণতে বিপথে পৰিচালিত নহয়। আমাৰ সভ্যতা-সংস্কৃতি অতি চহকী। শ্ৰীশ্ৰী লংকেশ্বৰ ধামৰ অদ্ভুত মহিমা আছে। ইয়ালৈ আহিলে মন-প্ৰাণ পুলকিত হয়, মনোবাঞ্ছা পূৰণ হয়। ধাম পৰিচালনা কমিটীয়ে ধামৰ মাটিৰ সীমা নিৰ্ধাৰণ, খোৱাপানীৰ সু-ব্যৱস্থা, ধামলৈ গাড়ী লৈ আহিব পৰা পথ নিৰ্মাণ কৰা, যাত্ৰী নিৱাস নিৰ্মাণ কৰাকে ধৰি কেইবাটাও সমস্যা সমাধানৰ বাবে আজি মোক স্মাৰক-পত্ৰ প্ৰদান কৰিছে। এই সমস্যাসমূহ চৰকাৰী বিষয়াসকলক সমাধান কৰাৰ বাবে শীঘ্ৰে নিৰ্দেশ দিয়া হ’ব। মুঠৰ ওপৰত কমিটীয়ে আবেদন কৰা অনুসৰি শ্ৰীশ্ৰী লংকেশ্বৰ ধামলৈ গাড়ী লৈ আহিব পৰা পথ নিৰ্মাণ, খোৱাপানী অহৰহ যোগান ধৰা আৰু যাত্ৰী নিৱাসৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব বুলি ঘোষণা কৰে। আনকি নতুন বছৰত পুনৰ সপৰিয়ালে লংকেশ্বৰ ধামলৈ আহিব বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰি ধাম চৌহদক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈও উন্নীত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে। অনুষ্ঠানত বিজেপিৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তপন দাস কলিতা, ধাম পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক যাদৱ চন্দ্ৰ কলিতাকে ধৰি কৰ্মকৰ্তাসকল উপস্থিত থাকে। আনহাতে, পুৱা ১০ বজাত লংকেশ্বৰ ধামৰ নামনিত থকা গণেশ মন্দিৰত আহি উপস্থিত হোৱাৰ পাছত নামনিৰ পৰা পাহাৰৰ ওপৰত থকা শিৱ মন্দিৰলৈ মুখ্যমন্ত্ৰীক কেইবাশ ভক্তই নাম-প্ৰসংগৰে আদৰি লৈ আহে। মন্দিৰটো উদ্বোধন কৰাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তাত পূজা-অৰ্চনা কৰাৰ লগতে পুৰোহিত আৰু ধাম পৰিচালনা সমিতিৰ সৈতে ধামৰ বিভিন্ন সমস্যা সন্দৰ্ভত মত বিনিময় কৰে। অনুষ্ঠানত ধাম পৰিচালনা কমিটীৰ লগতে দাঁতিকাষৰীয়া অঞ্চলৰ বিভিন্ন দল- সংগঠন আৰু ব্যক্তিয়ে মুখ্যমন্ত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে স্মাৰক-পত্ৰ প্ৰদান কৰে।
প্ৰেৰক অমল কলিতা