নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰমা-ধমধমা-তামুলপুৰ পথত পকী দলঙৰ শুভ উদ্বোধন মুখ্যমন্ত্ৰী ড° শৰ্মাৰ

🔹 বি টি আৰৰ উন্নয়নৰ কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

🔹 তামুলপুৰত জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংহত উপায়ুক্তৰ কাৰ্যালয়, আৱৰ্ত ভৱন, ষ্টেডিয়াম নিৰ্মাণৰ কাম

🔹 পূৰ্ণগতিত চলি আছে ৬০০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ চিকিৎসা মহাবিদ্যালয়-হাস্পতালৰ কাম

🔹 কুমাৰীকাটা-কাউলি-গুৱাবাৰী পথত মটঙা নদীৰ ওপৰত দুখন, বাল্টি নদীৰ ওপৰত এখন, দক্ষিণ কুমাৰীকাটা-নাগ্ৰীজুলি পথৰ ওপৰত মটঙা নদীৰ ওপৰত আন এখন পকী দলঙৰ নিৰ্মাণকাৰ্য অব্যাহত

বিশেষ বাৰ্তা, ৫ অক্টোবৰ : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি তামুলপুৰ জিলাৰ জাৰতালুকত বৰমা-ধমধমা-তামুলপুৰ পথত নৱনির্মিত পকী দলংখনৰ শুভ উদ্বোধন কৰি ৰাইজৰ সেৱাত উছৰ্গা কৰে। উল্লেখযোগ্য যে ২০২১ চনৰ ২৬ ফেব্ৰুৱাৰীত ৰাজ্যিক স্ব-অগ্ৰাধিকাৰ উন্নয়ন পুঁজিৰ অধীনত ২৯ কোটি ৫৭ লাখ টকা ব্যয়সাপেক্ষে দলংখনৰ আধাৰশিলা স্থাপন কৰা হৈছিল। এই দলংখনৰ দৈৰ্ঘ্য ১৯৩.৪৮০ মিটাৰ। এই দলংখনে তামুলপুৰ জিলাৰ লগত বাক্সা জিলাৰ সংযোগ সাধন কৰিব। পূর্বতে এই দুয়োখন জিলা সংযোগ কৰিবলৈ কোনো বিকল্প পথ যোগাযোগ নাছিল । এই উপলক্ষে তামুলপুৰত অনুষ্ঠিত সভাত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই  কয় যে এই দলংখনৰ শুভ উদ্বোধনৰ লগে লগে বি টি আৰৰ পথ যোগাযোগ ব্যৱস্থাই এক নতুন মাত্রা লাভ কৰিলে । এতিয়া তামুলপুৰ আৰু বাক্সাৰ মাজত যাতায়াত ব্যৱস্থা সুচল হোৱাৰ লগতে তামুলপুৰ-মুছলপুৰৰ মাজত ভ্ৰমণৰ দূৰত্ব ৭৪ কিঃমিঃৰ পৰা ৩৭ কিঃমিঃলৈ আৰু যাত্ৰাৰ সময় ২ ঘণ্টাৰ পৰা ১ ঘণ্টালৈ হ্ৰাস পাব বুলিও তেওঁ কয় ।

পাগলাদিয়া নদীৰ ওপৰত নির্মিত এই দলংখনে কমেও ২৫ হাজাৰ লোকক প্ৰত্যক্ষভাৱে উপকৃত কৰিব বুলি তেওঁ কয় । মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে জনসাধাৰণৰ সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰে তামুলপুৰ জিলা ঘোষণা কৰিছিল। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে সাময়িকভাৱে কিছুদিনৰ কাৰণে জিলাখনৰ স্বীকৃতি স্থগিত কৰিবলগীয়া হৈছিল যদিও বৰ্তমান তামুলপুৰ জিলাই পূৰ্বৰ মৰ্যাদা ওভতাই পাইছে বুলি উল্লেখ কৰি তেওঁ কয় যে জিলা আয়ুক্তয়ো নিয়মীয়া কাম-কাজ আৰম্ভ কৰিছে। কুমাৰীকাটা-কাউলি-গুৱাবাৰী পথত মটঙা নদীৰ ওপৰত দুখন, বাল্টি নদীৰ ওপৰত এখন, দক্ষিণ কুমাৰীকাটা-নাগ্ৰীজুলি পথৰ ওপৰত মটঙা নদীৰ ওপৰত আন এখন পকী দলঙৰ আধাৰশিলা স্থাপন কৰা হৈছিল আৰু ইয়াৰ নিৰ্মাণকাৰ্য অব্যাহত আছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্রীয়ে কয় যে পাগলাদিয়া নৈৰ ওপৰত আন এখন দলং নিৰ্মাণৰ পদক্ষেপ হাতত লোৱা হৈছে। এই দলংখন সম্পূৰ্ণ হৈ উঠিলে তামুলপুৰ আৰু বাক্সা জিলাৰ মাজত যোগাযোগ ব্যৱস্থা অতি সুচল হৈ পৰিব। তদুপৰি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ধমধমাৰ পৰা তামুলপুৰলৈ ২৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথটো অসম মালাৰ অধীনত দ্বৈতপথ কৰা হ’ব। এই ক্ষেত্ৰত ৰাইজে সহযোগিতা আগবঢ়াব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰ আৰু বি টি চি চৰকাৰে বি টি আৰৰ আৰ্থ-সামাজিক আৰু শৈক্ষিক বিকাশ অধিক দ্রুত কৰাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ৬০০ কোটি টকা ব্যয়সাপেক্ষ তামুলপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ কাম পূৰ্ণগতিত চলি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এই চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালখন নিৰ্মাণ হৈ উঠিলে জনসাধাৰণ বিশেষকৈ বি টি আৰৰ অন্তৰ্গত লোকসকলৰ স্বাস্থ্যসেৱাৰ দিশত বহু সহায়ক হৈ উঠিব।

মুখ্যমন্ত্ৰীয়ে তামুলপুৰত সংহত উপায়ুক্তৰ কাৰ্যালয় নিৰ্মাণৰ বাবে ২৫ কোটি টকা, তামুলপুৰ আৱৰ্ত ভৱনৰ বাবে ৫ কোটি টকা আৰু তামুলপুৰত ষ্টেডিয়াম নিৰ্মাণৰ বাবে ৫০ কোটি টকাৰ প্ৰকল্প ৰূপায়ণ কৰা হ’ব বুলিও ঘোষণা কৰে। এই কামসমূহ অহা জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্রীয়ে কয় যে অনাগত দিনত যোগ্য মহিলাসকলক অৰুণোদয় হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। আজিৰ এই অনুষ্ঠানত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, সাংসদ দিলীপ শ‍ইকীয়া, বিধায়ক জলেন দৈমাৰী, বি টি চিৰ অধ্যক্ষ কাতিৰাম বড়ো, কার্যবাহী সদস্য প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

You might also like