নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজভৱনত উন্নয়নমূলক কাম-কাজক লৈ ৰাজ্যপালৰে বৈঠক মুখ্যমন্ত্রীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ নৱেম্বৰঃ ৰাজভৱনত উপস্থিত হৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ সৈতে ৰাজ্যখনৰ উন্নয়নমূলক কাম–কাজ আৰু ৰাজ্যখনৰ সকলো স্তৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে গ্রহণ কৰা আঁচনি সম্পর্কত আলোচনা কৰে৷ ৰাজভৱনৰ পৰা দিয়া এক চৰকাৰী প্রেছ বিজ্ঞপ্তিত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যপালক কৰা সাক্ষাৎ সৌজন্যমূলক বুলি উল্লেখ কৰিছে৷ আনহাতে, বৰাক উপত্যকাৰ পৰা এজন প্রতিনিধিৰ অন্তর্ভুক্তিৰে অসম মন্ত্রীসভাৰ সম্প্রসাৰণ যিকোনো মুহূর্ততে হোৱাৰ সম্ভাৱনাৰ পৰিপ্রেক্ষিতত ৰাজনৈতিক মহলত এই বিষয়টোক লৈও মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যপালক সাক্ষাৎ কৰা বুলি চর্চা চলিছে৷ উল্লেখ্য যে পাঁচ বিধানসভা সমষ্টিৰ উপ–নির্বাচনৰ পাছতে অসম মন্ত্রীসভাৰ সম্প্রসাৰণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰিছিল৷ আনকি কেইদিনমান পূর্বে অসম মন্ত্রীসভাৰ আসন্ন সম্প্রসাৰণত বৰাক উপত্যকাৰ পৰা এজন প্রতিনিধি অন্তর্ভুক্ত কৰা হ’ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যপালক কৰা সাক্ষাতে ৰাজনৈতিক মহলত বিশেষ তাৎপর্য বহন কৰিছে৷

You might also like