🔹 লুৰিণ–অখিল–কংগ্রেছক মুকলি প্রত্যাহ্বান ড০ শর্মাৰ
🔹 হয় হিচাপ দিয়ক, নহ’লে ৫ শ্বহীদৰ ঘৰত গৈ ক্ষমা খোজক
বিশেষ বাৰ্তা, ১০ এপ্রিল : ‘কা’ বলৱৎ হ’লেই অসমত ২ কোটি হিন্দু বাংলাদেশী আহিব বুলি কংগ্রেছ–লুৰিণজ্যোতি গগৈ–অখিল গগৈয়ে মন্তব্য কৰিছিল৷ এতিয়া অসমলৈ ২ কোটি হিন্দু বাংলাদেশী অহাৰ হিচাপ লাগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক৷ আজি গহপুৰত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কংগ্রেছ, লুৰিণজ্যোতি গগৈ আৰু অখিল গগৈৰ পৰা সেই হিচাপ বিচাৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ‘কা’ ইতিমধ্যে বলৱৎ হৈ গ’ল৷ এতিয়া বাংলাদেশৰ পৰা আহিবলগীয়া ২ কোটি মানুহ ক’ত গ’ল, তাৰ সম্পূর্ণ হিচাপ দিয়ক৷ লোকসভা নির্বাচন হৈ যোৱাৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মাই তেওঁলোকলৈ চিঠি লিখি সেয়া বিচাৰিব বুলিও প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে লুৰিণজ্যোতি গগৈৰ নেতৃত্বতে ‘কা’ আন্দোলনৰ নামত পাঁচজন শ্বহীদ হ’ল৷ বাৰে বাৰে তেওঁলোকে মানুহক মিছা কথাৰে প্রৰোচিত কৰি আন্দোলন কৰাব আৰু মানুহ মাৰিব, সেইটো হ’ব নোৱাৰে৷ অসমখনক তেওঁলোকে কিয় আন্দোলনমুখী কৰে, তাৰ জবাবো দিব লাগিব৷ যোৱাবাৰ ‘কা’ আন্দোলনৰ নামত অসমখনৰ যথেষ্ট ক্ষতি কৰিলে৷ আমি পূর্বৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দিনতে অসমখন সজাই-পৰাই তুলিছিলোঁ৷ তেওঁলোকে জাপানৰ প্রধানমন্ত্রীকো অসমলৈ আহিবলৈ নিদিলে৷ সেয়ে এতিয়া মোক বাংলাদেশৰ ২ কোটি হিন্দু লোক অসমলৈ অহাৰ হিচাপ লাগিব৷ কাৰণ ‘কা’ৰ অধিনিয়ম বলৱৎ হোৱাৰ ডেৰ মাহ হৈ গ’ল৷ কিন্তু নাগৰিকত্ব বিচাৰি আবেদনেই নাই৷ লুৰিণজ্যোতি গগৈ, অখিল গগৈ আৰু কংগ্রেছে হয় ২ কোটি হিন্দু বাংলাদেশী অসমলৈ অহাৰ হিচাপ দিয়ক নহ’লে তেওঁলোকে পাঁচ শ্বহীদৰ ঘৰলৈ গৈ ক্ষমা খোজক৷ কাৰণ সম্পূর্ণ মিছা কথাৰে ‘কা’ আন্দোলনটো কৰোৱা হৈছিল৷ মন কৰিবলগীয়া এয়ে যে কেইদিনমান পূর্বে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি অসমত এতিয়ালৈ ‘কা’ৰ জৰিয়তে নাগৰিকত্ব বিচাৰি মাত্র এজন লোকেহে আবেদন কৰিছে৷ বৰাক উপত্যকাৰ পৰা এজন লোকে আবেদন কৰাৰ বাহিৰে আন কোনো লোকে এতিয়ালৈ নাগৰিকত্ব বিচাৰি আবেদন কৰা নাই৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে ২০১৯ চনত ‘কা’বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ সময়ৰে পৰা কংগ্রেছ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ, একাংশ বুদ্ধিজীৱী–নাগৰিক, ছাত্র সংগঠন, শিল্পী–সাহিত্যিকে ‘কা’ বলৱৎ হোৱাৰ লগে লগে অসমত কোটি কোটি হিন্দু বাংলাদেশীয়ে প্রৱেশ কৰিব বুলি গুৰুতৰ অভিযোগ কৰি একপ্রকাৰ জনসাধাৰণক প্রৰোচিত কৰি আহিছে৷ এইক্ষেত্রত তেওঁলোকৰ যুক্তি– অসমখন বাংলাদেশীৰ চৰণীয়া পথাৰ হৈ পৰিব আৰু অসমীয়া ভাষা–সংস্কৃতি–ঐতিহ্য সংকটত পৰিব৷ অসমীয়া জাতি সংকটত পৰিব বুলি আন্দোলনকাৰীসকলে আগবঢ়োৱা প্রৰোচনামূলক বক্তব্যই সেই সময়ত ৰাইজক উত্তেজিত কৰি তোলে আৰু হিলদল ভাঙি ৰাইজ ৰাজপথলৈ ওলাই আহে৷ যাৰ পৰিণতিত ‘কা’ আন্দোলনৰ সময়ত পাঁচজনকৈ যুৱক শ্বহীদ হ’বলগীয়া হয়৷ ইয়াৰ বিপৰীতে মুখ্যমন্ত্রী ড০ শর্মাৰ পৰা আৰম্ভ কৰি বিজেপিয়ে সেই সময়ৰ পৰাই আন্দোলনকাৰীসকলে কোৱাৰ দৰে কোটি কোটি বাদেই লাখৰ ঘৰতো বাংলাদেশৰ পৰা হিন্দু লোক নাহে বুলি স্পষ্ট কৰি আহিছে৷ কিন্তু আন্দোলনকাৰী চক্রটোৱে চৰকাৰৰ সেই ভাষ্যক কোনোদিনে স্বীকাৰ কৰা নাই৷ ইয়াৰ বিপৰীতে যোৱা মার্চ মাহত ‘কা’ৰ অধিনিয়ম বলৱতৰ পাছতো একাংশই পুনৰ জনসাধাৰণক ৰাজপথলৈ ওলাই আহি ‘কা’ৰ বিৰুদ্ধে প্রবল প্রতিৰোধ–সংগ্রাম গঢ়ি তুলিবলৈ আহ্বান জনাইছিল৷ কিন্তু শেহতীয়াভাৱে ‘কা’ৰ অধিনিয়ম বলৱৎ হোৱাৰ পাছত নাগৰিকত্ব বিচাৰি কৰা আবেদনৰ সংখ্যাই আন্দোলনকাৰীসকলৰ ভাষ্য যে জনসাধাৰণক প্রৰোচিত কৰিবৰ বাবে আগবঢ়োৱা ভাষ্য আছিল, সেয়া প্রতিপন্ন কৰাৰ সমান্তৰালভাৱে বিষয়টোক লৈ চৰকাৰে যে ৰাইজক কোনো মিছা কথা কোৱা নাছিল, সেই ছবিখনহে পৰিস্ফুট হৈ উঠিছে৷