নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ ঐকান্তিক প্ৰচেষ্টাত সাহাপাৰাৰ আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেট মুকলি

নিয়মীয়া বাৰ্তা, ২৫ জুলাই : মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তৰ সাহাপাৰা আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ গেটেৰে ক’ভিডৰ বাবে ২০১৯ চনৰ পৰা ভাৰত আৰু বাংলাদেশলৈ বৈধ পাৰপত্ৰৰে ব্যৱসায়ী, শিক্ষাৰ্থী, ৰাইজৰ যাতায়াত বন্ধ হৈ আছিল। ক’ভিডৰ ভয়াৱহতাৰ বাবে দেশৰ অন্যান্য আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেটসমূহৰ লগতে মানকাচৰৰ সাহাপাৰা আন্তঃৰাষ্ট্ৰীয় গেটেৰে বাংলাদেশলৈ সামগ্ৰীৰ আমদানি-ৰপ্তানি তথা বৈধ পাৰপত্ৰৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছিল ৷ কিন্তু ক’ভিডৰ ভয়াৱহতাৰ শাম কটাত ভাৰতৰ সকলো আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ (ইমিগ্ৰেচন) গেটসমূহ পুনৰ মুকলি কৰা হৈছিল। কিন্তু মানকাচৰৰ সাহাপাৰা আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ গেটখনেৰে বাংলাদেশলৈ সামগ্ৰীৰ আমদানি-ৰপ্তানি সুচল কৰা হৈছে যদিও আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেটখনেৰে বৈধ পাৰপত্ৰৰে বাংলাদেশলৈ লোকৰ আহ-যাহ বিগত চাৰি বছৰ ধৰি বন্ধ কৰি ৰখা হৈছিল। যাৰ বাবে জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী, বাংলাদেশত অধ্যয়নৰত শিক্ষাৰ্থী আৰু সাধাৰণ লোকে বাংলাদেশলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত বাধা আৰোপ কৰি ৰখাৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হৈছিল। ফলত জিলাখনৰ আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ী, বাংলাদেশত অধ্যয়নৰত শিক্ষাৰ্থীসকলে বাংলাদেশলৈ যাবলৈ হ’লে পশ্চিমবংগ নাইবা মেঘালয়, ত্ৰিপুৰা আন্তঃৰাষ্ট্ৰীয় পাৰাপাৰ গেটেৰে যাতায়াত কৰিবলগীয়া হৈছিল ৷ কিন্তু বিভিন্ন মহলে মানকাচৰৰ সাহাপাৰা আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ গেটখন মুকলি কৰাৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনাইছিল। অৱশেষত মুখ্যমন্ত্ৰীৰ প্ৰচেষ্টাত মানকাচৰৰ আন্ত:ৰাষ্ট্ৰীয় পাৰাপাৰ গেটখন পুনৰ মুকলি কৰাত উৎফুল্লিত হৈছে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, প্ৰাক্তন বিধায়ক জাবেদ ইছলাম, export-import ব্যৱসায়ী, শিক্ষাৰ্থী তথা স্থানীয় ৰাইজ।

প্ৰেৰক ফাৰহাদ আহমেদ

You might also like