🔹 হনুমান মন্দিৰত গো–মাংস পেলোৱাৰ পাছতে কঠোৰ ড০ শর্মা
🔹 অহাবাৰ ঈদত মই ধুবুৰীত থাকিম : মুখ্যমন্ত্রী
নিয়মীয়া বার্তা, ধুবুৰী, ১৩ জুন : ধুবুৰী চহৰৰ ৩নং ৱার্ডৰ হনুমান মন্দিৰ চৌহদৰ ভিতৰত শেহতীয়াকৈ নিষিদ্ধ মাংস উদ্ধাৰ হোৱা ঘটনা সন্দর্ভত সৃষ্টি হোৱা উত্তেজনা তথা অপ্রীতিকৰ পৰিস্থিতিৰ বুজ ল’বলৈ ধুবুৰী জিলাত উপস্থিত হয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা৷ নিষিদ্ধ মাংস কটাক লৈ সৃষ্টি হোৱা উত্তেজনাই ধুবুৰী চহৰত সৃষ্টি কৰিছে এক অশান্তিকৰ পৰিস্থিতি৷ মুখ্যতঃ এই বিষয়টোক লৈয়ে কালি জিলা প্রশাসনৰ উচ্চপদস্থ বিষয়াৰ সৈতে ধুবুৰী আৱর্ত ভৱনত এক উচ্চস্তৰীয় বৈঠকত মিলিত হয় মুখ্যমন্ত্রী ড০ শর্মা৷ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰী, আৰক্ষী সঞ্চালকপ্রধান হৰমিট সিঙৰ উপস্থিতিত এই বৈঠকতে উত্তেজনা সৃষ্টিকাৰীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷
কার্যতঃ এই বৈঠকৰ পিছতে মুখ্যমন্ত্রীৰ স্পষ্ট ঘোষণা– ধুবুৰীত সন্ধিয়াৰ পাছতে অপৰাধীৰ বিৰুদ্ধে শ্বুট এট ছাইট ব্যৱস্থা গ্রহণ কৰা হ’ব৷ বৈঠকৰ পাছত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রীয়ে কয়– ধুবুৰীত সাম্প্রতিক উত্তেজনা সৃষ্টিৰ আঁৰত বাংলাদেশৰ এটা শক্তি জড়িত হৈ আছে৷ যোৱা এসপ্তাহ ধৰি ধুবুৰীৰ আইন–শৃংখলা পৰিস্থিতি কিছু প্রত্যাহ্বানমূলক হৈ আছে৷ বিশেষকৈ ঈদৰ পিছদিনা হনুমান মন্দিৰত গো–মাংস পেলাই থৈ যোৱা বিষয়টো যথেষ্ট স্পর্শকাতৰ বুলি চিহ্ণিত হৈছে৷ ইতিমধ্যে শান্তি কমিটীৰ লগত সকলো বিষয়ত আলোচনা কৰা হৈছিল যদিও পিছদিনা আকৌ গো–মাংস পেলাই থৈ যায়৷ মুখ্যমন্ত্রীয়ে কয়– এনেধৰণৰ ঘটনাবোৰ চলি থাকিলে ৰাইজ যথেষ্ট অসুবিধাত পৰিব৷ কটন বিশ্ববিদ্যালয়ৰ সন্মুখতো শেহতীয়াকৈ গো–মাংস পেলাই থৈ গৈছে৷ গৰু কুর্বানিৰ বাবে অনা হয়৷ কিন্তু গৰুক অস্ত্র হিচাপে এচাম লোকে ব্যৱহাৰ কৰিছে৷ তেওঁলোকে ভাবে- ইয়াত গৰু মাংস পেলাই থৈ গ’লে হিন্দু মানুহখিনিয়ে ঘৰ–মাটি বিক্রী কৰি গুচি যাব৷ কোনো কাৰণতে আমাৰ চৰকাৰৰ দিনত এয়া মানি লোৱা নহ’ব৷ কোনোবা এজন–দুজন লোকে গোটেই পৰিৱেশটো বিনষ্ট কৰিছে৷ অহা ঈদত মই নিজেই ধুবুৰীত উপস্থিত থাকিম৷ গোটেই ৰাতি হনুমান মন্দিৰত বহি থাকিম৷ কোনো কাৰণতেই ধুবুৰীৰ আইন–শৃংখলা হাতৰ বাহিৰলৈ যাবলৈ দিয়া নহয়৷
মুখ্যমন্ত্রীয়ে ইয়াকো উল্লেখ কৰে যে ধুবুৰীত গো–মাংস ব্যৱসায়ৰ এক নতুন চক্র গঢ় লৈ উঠিছে৷ এইবাৰ ঈদৰ সময়ত হাজাৰ হাজাৰ গৰু ক্রয় কৰা হৈছিল৷ ইতিমধ্যে ইয়াক তদন্ত কৰিবলৈ দিয়া হৈছে৷ পূর্বে পশ্চিমবংগৰ পৰা ইমানসংখ্যক গৰু অহা নাছিল৷ কোনে ব্যৱসায়টো আৰম্ভ কৰিছে তাৰ তদন্ত কৰা হ’ব আৰু দোষীক গ্রেপ্তাৰ কৰা হ’ব৷
ইফালে, ঈদৰ আগদিনা ধুবুৰীত বিতর্কিত পোষ্টাৰিঙক লৈও মুখ্যমন্ত্রীয়ে কয় যে ধুবুৰীৰ বৰলুইতৰ পাৰৰ নেতাই ধুবুনী পাৰঘাটৰ পৌৰসভাৰ উদ্যানৰ বেৰত যি পোষ্টাৰিং কৰা হৈছিল, সেয়াও তদন্ত কৰি থকা হৈছে৷ এক চক্রই ধুবুৰীক বাংলাদেশৰ লগত চামিল কৰিব লাগে বুলি পোষ্টাৰ মাৰিছে৷ এই পোষ্টাৰত নবীন বাংলাদেশ, নিউ বাংলাদেশ বুলি কিছুমান সাংকেতিক কথাও লিখিছে৷ ইয়াৰ দ্বাৰা স্পষ্ট হৈছে যে ধুবুৰীত এটা সাম্প্রদায়িক শক্তি সক্রিয় হৈ আছে৷ সেয়েহে ধুবুৰী ভ্রমণ কৰি সমগ্র বিষয়টো পর্যালোচনা কৰিলোঁ মই৷ অহা সময়ছোৱাত ধুবুৰীৰ আইন–শৃংখলাৰ বিষয়টোত আৰক্ষী অধিক কঠোৰ হ’ব৷ নিশা শ্বুট এট ছাইট নির্দেশ দিয়া হৈছে৷ যিয়ে শিল মাৰিব, আৰক্ষীয়ে সন্দেহ কৰিলে তাক গুলী মাৰিব পাৰিব৷ তদুপৰি ৰেপিড একচন ফ’ৰ্চ, চিআৰপিএফো মোতায়েন কৰা হ’ব জিলাখনত৷ ধুবুৰীত যিমান জামিনবিহীন অপৰাধী আছে, তেওঁলোকক গ্রেপ্তাৰ কৰাৰো নির্দেশ দিয়া হৈছে৷ উল্লেখ্য যে মুখ্যমন্ত্রীয়ে কালি বালুৰচৰস্থিত হনুমান মন্দিৰ চৌহদ পৰিদর্শন কৰাৰ লগতে সমগ্র পৰিস্থিতিৰো বুজ লয়৷ তদুপৰি মুখ্যমন্ত্রীয়ে হনুমান মন্দিৰ আৰু ইয়াৰ আশে–পাশে থকা অঞ্চলসমূহ পৰিদর্শন কৰি মন্দিৰ সমিতিৰ সদস্যসকলৰ লগতে স্থানীয় বাসিন্দাসকলৰ সৈতেও ঘটনা সন্দর্ভত মত বিনিময় কৰি মন্দিৰ চৌহদত নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ কথা উল্লেখ কৰে৷ কালি আইন–শৃংখলাৰ বৈঠকখনত মুখ্যমন্ত্রীয়ে জিলাখনলৈ শান্তি আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাত গুৰুত্ব আৰোপ কৰে৷ তেওঁ লগতে স্পর্শকাতৰ অঞ্চলত নিৰাপত্তা বাহিনী অব্যাহত ৰাখিবলৈও নির্দেশ দিয়ে৷
আনহাতে, মুখ্যমন্ত্রীয়ে নাগৰিকসকলৰ সৈতে আন এক বৈঠকত মিলিত হৈ জিলাখনত আইন–শৃংখলাজনিত পৰিৱেশ অক্ষুণ্ণ ৰখাৰ বাবে ৰাইজৰ সহযোগিতা বিচাৰে৷ এই ভ্রমণৰ সময়ত আৰক্ষী মহাপৰিদর্শক (আইন–শৃংখলা) অখিলেশ সিং, জিলা আয়ুক্ত দিবাকৰ নাথ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিঙৰ লগতে শীর্ষ বিষয়াসকল উপস্থিত আছিল৷
ধুবুৰীৰ আৰক্ষী অধীক্ষক নবীন সিঙক বদলি, লীনা দলেক ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি
ধুবুৰী জিলাত গো–মাংস উদ্ধাৰক লৈ সৃষ্টি হোৱা আইন–শৃংখলা পৰিস্থিতিৰ পৰিপ্রেক্ষিতত কালি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিঙক তৎকালে বলৱৎ হোৱাকৈ বদলি কৰা হৈছে৷ নবীন সিঙৰ স্থানত হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলেক ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে৷ আনহাতে, গৃহ বিভাগে জাৰি কৰা একেটা নির্দেশতে চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক অমিতাভ সিনহাক হাইলাকান্দিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে আৰু ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নবীন সিঙক চিআইডিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰূপে নিযুক্তি দিয়া হৈছে৷