নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পথত গাঁত : ‘লোকনির্মাণ’ক ফটো তুলি দিবলৈ মুকলি হ’ব এপ

🔹 আশাৰ বার্তা লৈ ফেচবুক লাইভত সদৰী মুখ্যমন্ত্রী ড০ শর্মাৰ

বিশেষ বাৰ্তা, ১২ জানুৱাৰী : পথত গাঁত দেখিলেই ৰাইজে যাতে লগে লগে ফটো মাৰি লোকনির্মাণ বিভাগক অৱগত কৰিব পাৰে, তাৰ বাবে অচিৰেই এটা এপ মুকলি কৰিব চৰকাৰে৷ প্রথম পর্যায়ত গুৱাহাটী, তেজপুৰ, যোৰহাট, ডিব্রুগড় আৰু শিলচৰ চহৰত ইয়াৰ আৰম্ভণি হ’ব৷ অহা এপ্রিল–মে’ মাহত এই এপটো মুকলি কৰা হ’ব৷ নিশা ফেচবুক লাইভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাইজে য’তেই পথত গাঁত দেখিব লগে লগে ফটো তুলি সেই স্থানৰ সংকেত যাক আমি জিঅ’ ফেঞ্চিং বুলি কওঁ, নির্দিষ্ট এপটোত দিয়াৰ লগে লগে লোকনির্মাণ বিভাগে সেই স্থানৰ বিষয়ে অৱগত হ’ব আৰু দুদিনৰ ভিতৰতে গাঁতটো মাৰি দিব৷ ৰাজ্যৰ ৫খন চহৰত প্রথমাৱস্থাত এই এপটো কার্যকৰী হোৱাৰ পাছত অনাগত দিনত সমগ্র ৰাজ্যখনতে এই ব্যৱস্থা কার্যকৰী হ’ব৷ লোকনির্মাণ বিভাগক দুমাহৰ ভিতৰত এই এপটো প্রস্তুত কৰিবলৈ দায়িত্ব দিয়া হৈছে৷ সেইদৰে পথ দুর্ঘটনাৰ প্রসংগ উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰ ১ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ ৰাজ্যখনত পথ দুর্ঘটনাত ৯২জন লোকৰ মৃত্যু হৈছিল৷ এই বছৰ ১ জানুৱাৰীৰ পৰা ১০ জানুৱাৰীলৈ পথ দুর্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৭৪লৈ কমিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই ৰাইজক সুৰাপান কৰি যান–বাহন নচলাবলৈ আহ্বান জনায়৷ আনহাতে, উমৰাংছ’ৰ দুর্ঘটনা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে সেই ঘটনাত ৯জন লোকৰ মৃত্যু হোৱাৰ সম্ভাৱনা প্রকট হৈ উঠিছে৷ এইপর্যন্ত চাৰিজনৰ মৃতদেহ উদ্ধাৰ হৈছে৷ নিহত পৰিয়ালবর্গক চৰকাৰে যেনেদৰে পাৰে নিশ্চিতভাৱে সহায় কৰিব৷ এই দুর্ঘটনাৰ লগত যিসকল জড়িত বা অনৈতিক কামত হাত দিছিল, তেওঁলোকক চৰকাৰে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই ৰাইজক প্রতিশ্রুতি দিয়ে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে বর্তমানৰ চৰকাৰখনে দায়িত্বভাৰ গ্রহণৰ পৰাই ৰাজ্যখনত এটা আন্দোলন বিবর্জিত পৰিৱেশ সৃষ্টিত গুৰুত্ব আৰোপ কৰি আহিছে৷ পৰিৱেশ উন্নত হোৱাৰ পাছত শেহতীয়াকৈ নিউয়র্ক টাইমছে বিশ্বৰ ৫২টা গুৰুত্বপূর্ণ পর্যটনস্থলীৰ ভিতৰত অসমক চতুর্থ স্থান দিছে৷ তাত কাজিৰঙা, মানাহ ৰাষ্ট্রীয় উদ্যানৰ লগতে চৰাইদেউ মৈদাম, কামাখ্যা মন্দিৰ, চাহ বাগিচাৰ কথাও উল্লেখ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যোৱা বছৰ কাজিৰঙাত এনিশা কটোৱাৰ পাছত ৰাষ্ট্রীয় উদ্যানখনে ব্যাপক ৰূপত প্রচাৰ আৰু প্রসাৰ লাভ কৰিছে৷ ভূটানৰ ৰজা, ভাৰতৰ ৰাষ্ট্রপতিৰ কাজিৰঙা ভ্রমণেও পর্যটন খণ্ডক আগুৱাই নিছে৷ সেইদৰে টাটাৰ ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ পাছত অসমখনক আৰু এক নতুন পর্যায়লৈ লৈ যোৱাৰ বাবে অহা ২৫ আৰু ২৬ ফেব্রুৱাৰীত এডভাণ্টেজ আছাম ২.০ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা এটা মাহত তেওঁ ভূটান, মুম্বাই, দিল্লীলৈ গৈছে৷ অসমৰ মুখ্যমন্ত্রীক ৩৭খন দেশৰ ৰাষ্ট্রদূতে আহি সাক্ষাৎ কৰিছে৷ ইউএই, ইউ কে, ফ্রান্স, ইটালী, জাপান, ছিংগাপুৰৰ ৰাষ্ট্রদূতে কেৱল অসমৰ মুখ্যমন্ত্রীক সাক্ষাৎ কৰাই নহয়, ঘণ্টা ঘণ্টাজুৰি অসমৰ বিষয়ে আলোচনা কৰিছে৷ মুম্বাইৰ সকলো উদ্যোগপতিয়ে মুখ্যমন্ত্রীৰ সৈতে অসম সম্পর্কত আলোচনা কৰিছে৷ আসন্ন এডভাণ্টেজ আছাম ২.০ত ৰে’ল, পথ, দলঙৰ আন্তঃগাঁথনি নির্মাণ আৰু নতুন বিনিয়োগ সম্পর্কত আলোচনা হ’ব৷ অসমত বিনিয়োগৰ বাবে দেশ–বিদেশৰ উদ্যোগপতিক অনুপ্রেৰণা যোগোৱা হ’ব৷ অসমৰ এজন কংগ্রেছ সাংসদে এডভাণ্টেজ আছামত মেলা হ’ব, বিনিয়োগ নহয় বুলি কৰা মন্তব্যত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ জাগীৰোডলৈ গ’লেই দেখা পাব ৩০ হাজাৰ কোটি টকাৰে কেনেদৰে দিনে–ৰাতিয়ে উদ্যোগৰ কাম চলি আছে৷ নিতৌ ১,৫০০ শ্রমিকে কাম কৰি আছে৷ ২০২৫ চনত অসমত উৎপাদিত চিপছ আমেৰিকাৰ গাড়ী, কম্পিউটাৰত ব্যৱহূত হ’ব৷ এয়া আৰম্ভণি৷ অহা ২৫–২৬ ফেব্রুৱাৰীত হ’বলগীয়া এডভাণ্টেজ আছাম ২.০ত অসমৰ বহু ভাল খবৰ দেখিবলৈ পাম৷ এই প্রসংগতে মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কিছুমানে অসমক লৈ সপোন দেখিব নোখোজে৷ মই সপোন দেখোঁ৷ অসমে আকাশ চুব- মই তাক বিশ্বাস কৰোঁ৷ সেই কাৰণে সপোনৰ পম খেদি থাকোঁ৷ কংগ্রেছৰ সাংসদ বা আনসকলৰ নিৰাশাৰ বিপৰীতে আমি অসমখনক একেলগ হৈ আশাৰ সৰগভূমিলৈ ৰূপান্তৰ কৰিম৷ অসমৰ যুৱপ্রজন্মৰ বাবে অসমখনক আশা–আকাংক্ষাৰ এক সপোনভূমিলৈ ৰূপান্তৰ কৰিম৷ যুৱপ্রজন্মৰ আশাক আমি এনেকৈয়ে আগবঢ়াই লৈ যাম৷ কেইদিনমান পূর্বে এডিআৰইৰ পৰীক্ষা অনুষ্ঠিত হৈছিল৷ এতিয়া অহা ফেব্রুৱাৰী মাহৰ শেষ সপ্তাহত বা মার্চ মাহৰ প্রথম সপ্তাহত এডিআৰইৰ ফলাফল প্রকাশ পাব৷ ইতিমধ্যে ৫,৫০০টা শিক্ষক পদৰ নিযুক্তিৰ প্রক্রিয়া চলি আছে৷ এই প্রক্রিয়া চলি থকাৰ মাজতে নতুনকৈ আমি ৪,৫০০ শিক্ষক পদৰ বাবেও বিজ্ঞাপন দিছোঁ৷ আশা কেতিয়াও স্তব্ধ হ’ব নোৱাৰে৷ আমাৰ সপোনবিলাকৰ পম খেদি আমি আগুৱাই যাম৷ যিসকলে চৰকাৰী কর্মসংস্থাপন লাভ নকৰে, তেওঁলোকৰ বাবে মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসমকে ধৰি ছেমিকণ্ডাক্টৰৰ দৰে অজস্র উদ্যোগ স্থাপন কৰিম৷ কোনোবাই কৈছে ফ্লাইঅভাৰ বনালে কি হ’ব? যদি একোৱেই নহয়, দিল্লী–মুম্বাইত কিয় ফ্লাইঅভাৰ হৈ আছে৷ ফ্লাইঅভাৰ হোৱাৰ ফলত চানমাৰিৰ পৰা গণেশগুৰিলৈ কম সময়তে আহিব পৰা হৈছে৷ গুৱাহাটী বিমানবন্দৰলৈ যাওঁতে এতিয়া কম সময় লাগে৷ মালিগাঁও চাৰিআলি যান–জঁটৰ পৰা মুক্ত হৈছে৷ অকল গুৱাহাটীয়েই নহয়, তেজপুৰৰ মিছন চাৰিআলি, লখিমপুৰ, ডিব্রুগড়, যোৰহাট, ডিফুতো ফ্লাইঅভাৰ হৈ আছে৷ তাৰ বাবে তেওঁলোক হতাশাত ভুগিছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা জুলাই মাহত গুৱাহাটী বিমানকোঠৰ নতুন টার্মিনেল মুকলি হ’ব৷ ভাৰতৰ ভিতৰতে এই টার্মিনেলটো ধুনীয়া হ’ব৷ গুৱাহাটী–উত্তৰ গুৱাহাটী দলঙৰো শুভ উদ্বোধন হ’ব৷ মৰিগাঁও–দৰং সংযোগী দলং, কাজিৰঙাত এলিভেটেড কৰিড’ৰ, নুমলীগড়–গহপুৰৰ্ মাজত সুৰংগ পথ, শিলচৰ–গুৱাহাটীৰ মাজত এক্সপ্রেছ হাইৱে’ নির্মাণ হ’ব৷ আমি সকলো কৰি দেখুৱাম৷

You might also like