নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমৰ ১৯ লাখ নিবনুৱাৰ স্বার্থৰ কথা ভাবিবলৈ আলফাক অনুৰোধ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৭ আগষ্টঃ ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি স্পর্শকাতৰ কৰি যোৱা ১৫ আগষ্টত আলফা (স্বা)ই ২৫টাকৈ বোমা সংস্থাপন কৰাক লৈ চলি থকা প্রতিক্রিয়াৰ মাজতে আজি বিধানসভাৰ পৰাই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ আহ্বান– বোমা ফুটালে মোৰ ঘৰৰ সন্মুখত ফুটাওক৷ মই মুখ্যমন্ত্রী আজি আছো কাইলৈ নাই৷ মই মৰিলে কাৰ কি ক্ষতি হ’ব? কিন্তু আজি যদি জাগীৰোডত এটা বোমা ফুটে, তেন্তে অসমৰ পৰা গুচি যাব টাটা৷ মুখ্যমন্ত্রীয়ে কয়– ৰাজ্যৰ ১৯ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ দায়িত্ব অসম বিধানসভাৰ, অসমৰ ৰাইজৰ৷ পৰেশ বৰুৱাক সেয়েহে বিনম্রতাৰে আহ্বান জনাওঁ– আলাপ–আলোচনা, সমস্যা কেন্দ্রীয় চৰকাৰৰ লগত, অসমৰ লগত নাই৷ আপোনাৰ সংগ্রাম কেন্দ্রৰ লগত–দিল্লীৰ লগত অসমৰ যুৱক–যুৱতীসকলৰ্ লগত নহয়৷ যদি অসমত ২৬ জানুৱাৰীত আকৌ এবাৰ বোমা ফুটে, তেন্তে ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপন কৰিবলৈ অহা টাটা অসমৰ পৰা আঁতৰি যাব৷ টাটাই ইয়াত আমাৰ সম্পদ লুণ্ঠনৰ বাবে অহা নাই৷ যদি বোমাই ফুটাব লাগে, তেন্তে মোৰ ঘৰৰ সন্মুখত ফুটাওক৷ ময়ো উৰি যাম কোনো সমস্যা নাই৷ আমাৰ মিনিষ্টাৰ কল’নিৰ পার্কখনত বোম সংস্থাপন কৰক৷ উল্লেখ্য যে ৰাজ্যৰ আইন–শৃংখলা পৰিস্থিতি সন্দর্ভত বিধায়ক মনোৰঞ্জন তালুকদাৰে আলফাৰ বোমা স্থাপনৰ প্রসংগক লৈ এক সভাস্থগিত প্রস্তাৱ উত্থাপন কৰিছিল৷ বোমা বিস্ফোৰণত মই মৰি গ’লেও একো ক্ষতি নহয়৷ কিন্তু জাগীৰোডত বোমা বিস্ফোৰণ হ’লে টাটা উদ্যোগ মৰি গ’লহেঁতেন৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আহ্বামর্মে টাটাই উত্তৰ পূবত উদ্যোগ স্থাপনৰ বাবে আহিছে৷ বোমা উদ্ধাৰৰ পাছত টাটাৰ তৰফৰ পৰা মোক সাতবাৰকৈ ফোন কৰিছে যে উদ্যোগ স্থাপনৰ বাবে অসমলৈ যাব পাৰি নে নোৱাৰি? সেয়েহে মই আলফাৰ মুৰব্বীলৈ অনুৰোধ জনাইছোঁ– অসমৰ ১৯ লাখ নিবনুৱাৰ স্বার্থত আপুনি কথাবোৰ ভাবক৷ মুখ্যমন্ত্রীয়ে কয়– ২৬ জানুৱাৰীত মোৰ ঘৰতে ফুটক৷ আৰক্ষীক মই ক’ম– মিনিষ্টাৰ কল’নিৰ ফিল্ডত বোমা ফুটুৱাত বাধা নিদিবলৈ৷ অসমৰ উদ্যোগীকৰণৰ পৰিৱেশ বেয়া হ’বলৈ দিব নালাগে৷ চৰকাৰ আশাবাদী যে জাগীৰোড, পলাশবাৰী, নামৰূপৰ সাৰ কাৰখানাকে ধৰি কেইবাটাও উদ্যোগখণ্ডক লৈ ৰাজ্য চৰকাৰে এক হাব নির্মাণৰ চিন্তাচর্চা কৰি আছে৷ গতিকে এই পৰিৱেশ বর্তি থাকিলে অসমে বহুদূৰ আগুৱাই যাব৷

You might also like