মাজনিশা জাপান-দক্ষিণ কোৰিয়া অভিমুখে মুখ্যমন্ত্রী ড০ শৰ্মা
🔹 এডভাণ্টেজ আছাম ২.০
🔹 শনিবাৰে দিল্লীত ৰাষ্ট্রপতি মুর্মু-গৃহমন্ত্রী শ্বাহক সাক্ষাৎ ড০ শর্মাৰ
বিশেষ বার্তা, ১৯ জানুৱাৰী : এডভাণ্টেজ আছাম ২.০ শীর্ষক বিনিয়োগ–আন্তঃগাঁথনি সন্মিলনত বিনিয়োগকাৰীক আমন্ত্রণ জনোৱাৰ বাবে যোৱানিশা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নতুন দিল্লীৰ পৰা জাপানলৈ উৰা মাৰে৷ জাপানৰ উপৰি এই যাত্রাতে মুখ্যমন্ত্রী ড০ শর্মাই দক্ষিণ কোৰিয়ালৈও যাব৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই কালিৰ দিনটোত নতুন দিল্লীত ৰাষ্ট্রপতি দ্রৌপদী মুর্মু আৰু কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহকো সাক্ষাৎ কৰে৷ অৱশ্যে ৰাষ্ট্রপতি মুর্মু আৰু কেন্দ্রীয় গৃহমন্ত্রী শ্বাহৰ সৈতে মুখ্যমন্ত্রীয়ে কি কি বিষয়ক লৈ আলোচনা কৰে, সেই বিষয়ে জানিব পৰা হোৱা নাই৷ সেইদৰে জাপানলৈ ৰাওনা হোৱাৰ পূর্বে মুখ্যমন্ত্রী ড০ শর্মাক অইলৰ মুখ্য পৰিচালন সঞ্চালক ড০ ৰঞ্জিত ৰাথে নতুন দিল্লীৰ অসম ভৱনত সাক্ষাৎ কৰে৷
গ্রেট ব্রিটেইনত মেটেল কিং অনিল আগৰৱালা বেডক সাক্ষাৎ কৰি আমন্ত্রণ জনালে মন্ত্রী বিমল বড়াই
লণ্ডনত অনুষ্ঠিত এডভাণ্টেজ আছাম ২.০ৰ প্রচাৰ যাত্রাৰ অংশ হিচাপে আজি অসমৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই গ্রেট ব্রিটেইনত ‘মেটেল কিং’ হিচাপে প্রখ্যাত অনিল আগৰৱালা বেডক লণ্ডনৰ হোটেল ছেণ্ট জেমছত সাক্ষাৎ কৰে৷ বিশ্বৰ এক আগশাৰীৰ খনি আৰু ধাতুৰ প্রতিষ্ঠান বেদান্ত ৰিচ’ৰ্ছ লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱালা বেডৰ সৈতে হোৱা বৈঠকত উদ্যোগ মন্ত্রী বড়াই ভাৰত তথা অসমত প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত হোৱা ঔদ্যোগিক বিকাশৰ এক ৰূপৰেখা দাঙি ধৰে৷ মন্ত্রী বড়াই অসমত সম্ভাব্য বিনিয়োগৰ ক্ষেত্রসমূহৰ ওপৰতো আলোকপাত কৰি উদ্যোগপতি বেডক অহা ফেব্রুৱাৰীত গুৱাহাটীত অনুষ্ঠিতব্য এডভাণ্টেজ আছাম ২.০ সন্মিলনলৈ আমন্ত্রণ জনায়৷ উল্লেখ্য যে সুৰক্ষাকাৰী সম্পদ ব্যৱস্থাপনাৰ ক্ষেত্রত বিশেষ সুনাম থকা বেদান্ত ৰিচ’ৰ্ছ লিমিটেডৰ অধ্যক্ষ অনিল আগৰৱাল বেড এগৰাকী সমাজহিতৈষী ব্যক্তি হিচাপেও পৰিচিত৷ বেডৰ সৈতে মন্ত্রী বড়াৰ মাজত হোৱা আলোচনাত দক্ষতা বিকাশ, উদ্যমিতা, কর্মসংস্থাপন, সুৰক্ষাকাৰী উন্নয়ন আদি বিষয়সমূহেও স্থান লাভ কৰে আৰু অসমৰ অর্থনৈতিক বিকাশৰ দিশত উদ্যোগ মন্ত্রী বড়াই আগৰৱালা বেডৰ সহযোগিতা কামনা কৰে৷ উদ্যোগপতি বেডৰ সৈতে হোৱা আলোচনাৰ সময়ত মন্ত্রী বড়াৰ সৈতে ৰাজ্যৰ বিশেষ মুখ্য সচিব চৈয়বুদ্দিন আব্বাছি, উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰণ কুমাৰ সিং, পর্যটন বিভাগৰ সচিব পদ্মপাণি বৰা আৰু উদ্যোগ মন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া কমলজ্যোতি ভূঞাও উপস্থিত থাকে৷ ইয়াৰ পাছতে মন্ত্রী বড়াই স্পেচ স্কেল হোৱাইট চিটী আৰু ইম্পেৰিয়েল ইন’ভেচন হাব পৰিদর্শন কৰে৷ এই উদ্ভাৱনী কেন্দ্রই এআই, মহাকাশ প্রযুক্তি, জৈৱ–প্রযুক্তি ইত্যাদি ক্ষেত্রত গুৰুত্বপূর্ণ গৱেষণা আৰু ঔদ্যোগিক প্রচেষ্টা চলাই আহিছে৷ এই পৰিদর্শনৰ সময়তে অসম আৰু লণ্ডনৰ উদ্ভাৱনী কেন্দ্রসমূহৰ মাজত সহযোগিতা বৃদ্ধিৰ সম্ভাৱনাৰ ওপৰত মন্ত্রী বড়াই কর্তৃপক্ষৰে পর্যালোচনা কৰে আৰু অসমৰ উদ্যোগসমূহত ইয়াৰ সম্ভাব্য প্রয়োগৰ জৰিয়তে অর্থনৈতিক বিকাশৰ দিশত কিদৰে অগ্রসৰ হ’ব পাৰি, সেই সন্দর্ভতো আলোচনা কৰে৷