নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হিন্দু–মুছলমানৰ মাজত ভূমি কিনা–বেচাৰ বাবে লাগিব মুখ্যমন্ত্রীৰ অনুমোদন

🔹 চাহ বাগিচাত বসবাস কৰাসকলে পাব ভূমিৰ অধিকাৰ

🔹 গোৱালপাৰাত জনগোষ্ঠীয় লোকৰ মাটি ক্রয় কৰিব নোৱাৰিব বিশেষ সম্প্রদায়ৰ লোকে

বিশেষ বাৰ্তা, ৫ আগষ্ট : জনগোষ্ঠীয় আৰু থলুৱা লোকসকলৰ ভূমিৰ পৰা ৰাজনৈতিক অধিকাৰলৈকে সুৰক্ষিত কৰাৰ স্বার্থত আন এক অভিলাষী পদক্ষেপ গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে৷ হিন্দু আৰু মুছলমানৰ মাজত মাটি ক্রয়–বিক্রয় কৰাৰ বাবে মুখ্যমন্ত্রীৰ অনুমোদন ল’ব লাগিব৷ বিজেপিৰ ৰাজ্যিক কার্যনির্বাহকত অংশগ্রহণ কৰি এই সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয়– ‘অসম চৰকাৰে এক নতুন সিদ্ধান্ত গ্রহণ কৰিছে৷ এজন হিন্দুৰ মাটি মুছলমানে ক্রয় কৰিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে ক্রয় কৰিবৰ বাবে মুখ্যমন্ত্রীৰ অনুমোদন ল’ব লাগিব৷ ইয়াৰ পাছতহে মাটি বিক্রী অথবা ক্রয় কৰিব পাৰিব৷’ তেওঁ প্রকাশ কৰা মতে, জনগোষ্ঠীয় লোকসকলৰ মাটি সুৰক্ষিত কৰাৰ বাবে জনজাতীয় বেল্ট আৰু ব্লকসমূহত মাইক্র’ বা ক্ষুদ্র বেল্ট আৰু ব্লক গঠন কৰিবলৈ সিদ্ধান্ত লৈছে৷ ইয়াৰ জৰিয়তে জনজাতীয় বেল্ট আৰু ব্লকৰ বাহিৰত বাস কৰা জনজাতীয় লোকসকলৰ মাটি কোনেও কাঢ়ি নিব নোৱাৰে৷ ইয়াৰ বাবে আইন প্রণয়ন কৰা হ’ব৷ বিধানসভাত এই বিধেয়ক উত্থাপিত হ’ব৷ ভূমিৰ অধিকাৰৰ পৰা জনজাতীয় লোকসকলক কোনেও আঁতৰাই পঠিয়াব নোৱৰিব৷ তদুপৰি চাহ বাগিচা অঞ্চলৰ শ্রমিকসকলকো ম্যাদী মাটি প্রদান কৰাৰ কথা তেওঁ প্রকাশ কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘কেতিয়াও কল্পনা কৰা নাছিলোঁ, চাহ বাগিচাৰ মাটি শ্রমিক কলনীত বাস কৰা লোকসকলক দিব লাগে৷ ৰাজ্য চৰকাৰে চাহ বাগিচাত বাস কৰা লোকসকলক ভূমিৰ অধিকাৰ ওভতাই দিব৷ কংগ্রেছে বহু বছৰ তেওঁলোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰিছিল৷’ একে সময়তে তেওঁ অবিভক্ত গোৱালপাৰাত বাস কৰা জনগোষ্ঠীয় তথা থলুৱা লোকসকলৰ মাটি এটা সম্প্রদায়ে কাঢ়ি নিয়াৰ কথা উল্লেখ কৰে৷ এই প্রসংগত তেওঁ কয়– ‘গোৱালপাৰাত থলুৱা সম্প্রদায়ৰ মাটি এটা বিশেষ সম্প্রদায়ে কাঢ়ি নি নিজৰ মাটিতে তেওঁলোকক সংখ্যালঘু কৰিছে৷ এবছৰৰ ভিতৰতে আমি এখন আইন আনিম৷ অবিভক্ত গোৱালপাৰাত কোনেও আমাৰ সম্প্রদায়ৰ মাটি বিশেষ সম্প্রদায়ক বিক্রী কৰিব নোৱাৰিব৷ জনগোষ্ঠীয়, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা লোকসকলৰ হাতত যিখিনি মাটি আছে, এই মাটি আৰু স্থানান্তৰ হ’ব দিব নোৱাৰোঁ৷ এই ধৰণৰ নতুন চিন্তাৰে ৰাজ্য চৰকাৰখন আগবাঢ়িছে৷

You might also like