নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেয়া বতৰৰ বাবে মুখ্যমন্ত্ৰীৰ মাজুলীৰ নিৰ্বাচনী সভা বাতিল, ৰাইজক উদ্দেশ্যি টেলিফোনিক ভাষণ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত উঠাৰ মাজতে আজি মাজুলীৰ শাসকীয় দল বিজেপিয়ে ‘বিজয় সংকল্প সমাৰোহ’ নামেৰে এখন বিশাল প্ৰচাৰ সভা অনুষ্ঠিত কৰে। মধ্য মাজুলীৰ শেনচোৱা কাঠনিআটী ভুৰামৰা অঞ্চলৰ অনিৰুদ্ধদেৱ সমন্বয় ক্ষেত্ৰত দলটোৱে বিশেষকৈ মাজুলীৰ চাৰি জিলা পৰিষদৰ বাবে বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী আৰু ২০ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সকলৰ হৈ অনুষ্ঠিত কৰা প্ৰচাৰ সভাত প্ৰথমে ৰাইজক উদ্দেশ্যি মাজুলীৰ বিধায়ক ভূৱন গামে ভাষণ আগবঢ়াই কয় আমাক ভোট দি পঞ্চায়তত বৃহৎ ভাৱে জিকালে মই সাহস পাম, মুখ্যমন্ত্ৰীৰ পৰা মাজুলীৰ বাবে আৰু বহু কিবা আনিব পাৰিম বুলি তেওঁ মূলতঃ উল্লেখ কৰে।

সভাত মাজুলী জিলা অগপৰ সভাপতি ব্ৰজেন গামে কয় আগেয়ে মাজুলীয়ে কিবা এটা পাবলৈ হ’লে পূজা পাতল দিব লাগিছিল, কিন্তু আজিকালি নিবিছৰাকৈয়ে পায় বুলি উল্লেখ কৰে। ইফালে সভাত উপস্থিত থাকি শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে ৰাইজক উদ্দেশ্যি দিয়া ভাষণত চৰকাৰৰ অভিলাসী আচনি সমূহৰ পৰা জনসাধাৰণ কিদৰে লাভাম্বিত হৈছে আৰু চৰকাৰী আচনিৰ লাভৰ বাবে জনসাধাৰণ কিদৰে সচেতন হোৱাৰ প্ৰয়োজন ইত্যাদি কথাৰে ভাষণ আৰম্ভ কৰি মন্ত্ৰী গৰাকীয়ে কয় প্ৰতি পঞ্চায়তত চৰকাৰে একোখনিকৈ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰতিষ্ঠা কৰিব। হাইস্কুলক উচ্চতৰ মাধ্যমিকলৈ উন্নীত কৰি কলাৰ লগতে বিজ্ঞানো সংযোজন কৰা হ’ব বুলি উল্লেখ কৰে।

ইফালে ৰাজ্যত কোনো কেচা ঘৰ নাথাকে বুলি তেওঁ উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে কয় পকা ঘৰ থাকি গোহালিঘৰ জিঅ’ টেগিং কৰিলে নহ’ব বুলি কৌতুকপূৰ্ণভাৱে উল্লেখ কৰে। তেওঁ পঞ্চায়ত এলেকাৰ গ্ৰামাঞ্চলৰ উন্নয়ন সম্পৰ্কে কবলৈ গৈ মূলতঃ গাঁৱৰ বাটপথ, বান-খহনীয়া সমস্যা, গাঁৱৰ আন্তঃগাথনি, কৃষক শ্ৰমিক আদি বিষয়ত প্ৰধান্য দি উক্ত সকলোবোৰ সমস্যাৰ সমাধানৰ বাবে চৰকাৰে পদক্ষেপ লোৱাৰ ওপৰত মন্তব্য কৰে।

ইফালে কৃষিৰ খণ্ডৰ ওপৰত তেওঁ কয় যে ধান, সৰিয়হ, গোমধান আদি খেতিৰ ক্ষেত্ৰত চৰকাৰে ইতিমধ্যে কাৰ্যব্যৱস্থা গ্ৰহন কৰিছে বুলি উল্লেখ কৰি ভাষণ প্ৰসংগত কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কয় কংগ্ৰেছৰ আঠুৱা কম্বল আৰু বিজেপিয়ে দিয়া অৰুনোদয়, নিযুত মইনা, লাখপতি বাইদেউ আঁচনিৰ সমূহৰ পাৰ্থক্য বিচাৰ কৰি অহা পঞ্চায়ত নিৰ্বাচনত মাজুলীত এশ শতাংশই বিজেপিৰ সপক্ষে ভোট দি জয়যুক্ত কৰাৰ বাবে আহ্বান জনায়। ইফালে সভাখনত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা উপস্থিত থকাৰ কথা আছিল বাবেই পুৱাৰ ভাগৰ পৰা ৰাইজে সভাখনত উপস্থিত থাকি মুখ্যমন্ত্ৰী অহালৈ অপেক্ষা কৰি আছিল।

মুখ্যমন্ত্ৰীৰ বাবে থলীতে হেলিকপ্টাৰ অৱতৰণৰ সকলো দিহা কৰি ৰখাৰ মাজতে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই দিনটোৰ প্ৰথমখন সভা সম্বোধন কৰিবলৈ মাজুলীলৈ গুৱাহাটীৰ পৰা দুবাৰকৈ হেলিকপ্টাৰেৰে অহাৰ চেষ্টা চলাইছিল যদিও হেলিকপ্টাৰ বেয়া বতৰৰ বাবে উৰাত বাধাৰ সৃষ্টি হয়।

ইফালে মুখ্যমন্ত্ৰীয়ে নগাঁৱৰ পৰাও হেলিকপ্টাৰেৰে অহাৰ বাবে চেষ্টা কৰিছিল যদিও বেয়া বতৰে সেইবাৰো বিধি পথালি দিয়ে আৰু মূৰকত এই কথা ঘোষণা কৰি মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে মুখ্যমন্ত্ৰীৰ সভা বাতিল হোৱা বুলি আনুষ্ঠানিকভাৱে অৱগত কৰে।

ইফালে মন্ত্ৰী গৰাকীৰ উক্ত ঘোষণাৰ পিছতেই অধিকাংশ ৰাইজে সভাস্থলী এৰি ঘৰমুৱা হোৱাৰ সময়তে পঞ্চায়ত নিৰ্বাচনৰ মাজুলীৰ সহ-তত্ত্বাৱধায়ক যুৱ নেতা সিদ্ধাংকু অংকুৰ বৰুৱাৰ মোবাইললৈ মুখ্যমন্ত্ৰীৰ ফোন আহে। ইয়াৰ পিছতেই সিদ্ধাংকু অংকুৰ বৰুৱাৰ মোবাইলৰ পৰাই মুখ্যমন্ত্ৰীয়ে ৰাইজক সম্বোধন কৰে। ফোন যোগে ৰাইজক সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে মাজুলী সন্দৰ্ভত বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ইয়াৰ ভিতৰত মাজুলী-যোৰহাট সংযোগী দলং সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে টেলিফোনিক ভাষণতে কয় মে’ মাহৰ ভিতৰত  যোৰহাট-মাজুলী সংযোগী দলঙৰ নিবিদা আহ্বানৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব বুলি উল্লেখ কৰি এইবোৰ এল. এণ্ড টিৰ দৰে ডাঙৰ কোম্পানীক দায়িত্ব দিয়াৰ ইংগিত প্ৰদান কৰে।

ইফালে অৰুনোদয় আচনি সন্দৰ্ভত তেওঁ কয়- মাজুলীত ৪০ হাজাৰ হিতাধীকাৰিক অৰুনোদয় আচঁনিয়ে সামৰি ল’ব নতুনকৈ আৰু ৫ হাজাৰ হিতাধীকাৰীক অৰুনোদয় আচঁনিৰ প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। টেলিফোনিক ভাষণ প্ৰসংগতো কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয় কংগ্ৰেছে সূতা,কম্বল,লোঙিৰ ৰাজনীতি কৰে আৰু আমি অৰুনোদয়, নিযুত মাইনা, লাখপতি, কলেজত বিনামূলীয়া নামভৰ্তি, বিনামূলীয়া চাকৰি আদি দিওঁ বুলি উল্লেখ কৰে। ইফালে চৰকাৰী কেতবোৰ আচনিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী কয় ৰেচন কাৰ্ডত চৰকাৰে অক্টোবৰ মাহৰ পৰা চেনী, নিমখ আৰু দাইল বজাৰ মূল্যতকৈ ২৫ টকাকৈ কমাই দিব।

গেছ চিলিণ্ডাৰৰ দাম কেইমাহ মানৰ ভিতৰতে ২০০-৩০০ টকা পৰ্যন্ত হ্ৰাস কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে লগতে ঘোষণা কৰে। ইফালে অহা বছৰ পৰা প্ৰতিজন মেট্ৰিক পৰীক্ষাৰ্থীক ৩০০ টকাকৈ চৰকাৰে জলপানী দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰাৰ লগতে মে’ মাহৰ ২৮ তাৰিখে মাজুলীলৈ আহি আত্মসহায়ক গোটৰ মহিলাক ১০ হাজাৰ টকা বিতৰণ কৰাৰ উপৰিও  ১০ হাজাৰ টকা ভাল ব্যৱহাৰ কৰিলে অহা বছৰ পৰা ২৫ হাজাৰ টকা আৰু তাৰ পিছৰ বছৰ পৰা ৫০ হাজাৰকৈ প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে।

ইফালে সভাখনৰ শেষত মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সাংবাদিকৰ আগত অহাবছৰ বিএড পাঠ্যক্ৰমৰ বাবে অসমৰ আৰু মহাবিদ্যালয়ে এনচিটিইৰ অনুমোদন লাভ কৰিব  আৰু বিএড এতিয়াৰে পৰা প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব বুলি উল্লেখ কৰে। ইফালে জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণক নিন্দা কৰি শিক্ষা মন্ত্ৰী গৰাকীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ স্থিতি লোৱাৰ পোষকতা কৰে।

ইফালে বিজেপি মিত্ৰজোঁট নিৰ্বাচন সভাখন আৰম্ভ হোৱাৰ পূৰ্বে জম্মু কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত প্ৰাণ হেৰুওৱা সকলৰ আত্মাৰ চিৰশান্তিৰ বাবে একমিনিট সময় মৌনতা অৱলম্বন কৰে। প্ৰতাপ বৰুৱাই আঁত ধৰা সভাত মাজুলী জিলা বিজেপিৰ প্ৰাক্তন সভাপতি বীৰেন শইকীয়া, জিলা গণশক্তিৰ সভাপতি ৰঞ্জিত দলে, যুৱ মৰ্চাৰ ৰাজ্যিক সম্পাদক ৰঞ্জন মহন্ত , জিলা বিজেপিৰ প্ৰভাৰী কামাখ্যা মোহন দাস, মনোজ কুমাৰ বৰাৰ লগতে চাৰি জিলা পৰিষদৰ বিজেপি মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থীৰ লগতে আঞ্চলিক পঞ্চায়ত সদস্য পদৰ প্ৰাৰ্থী সকল উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like