নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীস্থ বন সংমণ্ডল কাৰ্যালয়ত মুখ্যমন্ত্ৰী তদাৰকী কোষৰ অভিযান

🔹 উৎকোচ লৈ হাত দাঙিলে ধুবুৰীৰ ডিএফঅ’ বিনোদ কুমাৰ পায়েং, বনপালকদ্বয় জিয়াউল ইছলাম-শ্বাহবাজ চুলতানে

নিয়মীয়া বাৰ্তা, ২৮ ছেপ্টেম্বৰ : টকাৰ খঁক ! উৎকোচ লৈ আজি হাত দাঙিলে ধুবুৰীৰ ডিএফঅ’কে ধৰি ধুবুৰীৰ বন সংমণ্ডল প্ৰাধিকাৰী কাৰ্যালয়ৰ দুগৰাকীকৈ প্ৰথম শ্ৰেণীৰ বনপালকে। জানিব পৰা মতে, বালিবাহী বাহন এৰি দিয়াৰ বিনিময়ত উৎকোচ বিচৰা বালিৰ মহলৰ এগৰাকী স্বত্বাধিকাৰীয়ে কৰা এক অভিযোগৰ ভিত্তিত আজি ধুবুৰীস্থ বন সংমণ্ডলৰ কাৰ্যালয়ত সংগোপনে এক অভিযান চলাইছিল মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ এটি দলে। কৌশলী সেই অভিযানত কাৰ্য্যালয়টোত কৰ্মৰত জিয়াউল ইছলাম আৰু শ্বাহবাজ চুলতান নামৰ প্ৰথম শ্ৰেণীৰ বনপালক দুগৰাকীক প্ৰথমে ১৫ হাজাৰ আৰু পিছত আৰু ৫ হাজাৰ টকা; অৰ্থাৎ সৰ্বমুঠ ২০ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰা পেলায় দলটোৱে। জানিব পৰা মতে, সেই একেটা অভিযানত ধুবুৰীৰ ডিএফঅ’ বিনেোদ কুমাৰ পায়েঙে নিজৰ অধস্তন বিষয়াৰ জৰিয়তে উৎকোচ লোৱা বিষয়টোও ধৰা পেলায় দলটোৱে। উল্লেখনীয় যে আজি দিনৰ পৰা আৰম্ভ হোৱা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ সেই দলটোৰ অভিযান বিয়লিলৈকে অব্যাহত আছে। ধৃত ডিএফঅ’ বিনোদ কুমাৰ পায়েং আৰু উৎকোচ লৈ হাতে-লোটে কৰায়ত্ত হোৱা বনপালক দুগৰাকীক ধুবুৰীৰ বন বিভাগৰ কাৰ্যালয়ত বৰ্তমানে জেৰা চলাই আছে দলটোৱে। ইপিনে, অনাগত সময়ত বিভাগটোৰ আন কোনোবাও মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ জালত পৰাৰ সম্ভাৱনা থকা-নথকাক লৈ স্থানীয় একাংশ মহলত বু বু-বা বা আৰম্ভ হোৱা পোৱা গৈছে যদিও তাৰ সত্যতা বৰ্তমানলৈ নিশ্চিত কৰিব পৰা হোৱা নাই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like